--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এটি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে ৰাজ্যখনৰ স্নাতক উত্তীৰ্ণ নিবনুৱা, প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু শ্ৰমিক চ’কত দৈনিক মজুৰি-শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰি এক সমীক্ষা চলাইছে৷ ৰাষ্ট্ৰীয় গড় ১৯ শতাংশৰ তুলনাত উত্তৰ প্ৰদেশত মাত্ৰ ১১ শতাংশ শ্ৰমিকে নিয়মীয়াকৈ মজুৰি উপাৰ্জন কৰে৷ ২০১৭ চনৰ পৰা ৰাজ্যখনত নিবনুৱাৰ হাৰ ২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, আৰু শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ৬ শতাংশ বৃদ্ধি হৈছে।   হাপুৰৰ পাৰ্টাপুৰ গাঁৱৰ গাঁওপ্ৰধান সঞ্জীৱ কুমাৰ সাগৰে কয়, স্নাতকসকলেও আনকি এমজিএনৰেগাৰ কাম বিচাৰি আহে। তেওঁ কয় যে, কেনেকৈ স্নাতকসকলে দুটাকৈ ডিগ্ৰী আহৰণ কৰিও তেওঁলোকে প্ৰতিমাহে ৬,০০০ টকাৰ বিনিময়ত অস্থায়ী ঠিকাভিত্তিক চাকৰিৰ বাবে আৱেদন কৰিছে৷ এই স্নাতকসকলে শ্ৰমিক চ’কত শাৰী পাতি দৈনিক মজুৰিৰ কামৰ বাবে অপেক্ষা কৰি থাকে। এই কামবোৰে এদিনৰ কামৰ বাবে ৪০০ টকা পৰিশোধ কৰে৷ আনকি এই কাম সপ্তাহৰ সকলো দিনত উপলব্ধও নহয়। বুলন্দ চহৰৰ দুটা শ্ৰমিক চ’কৰ শ্ৰমিকসকলে সংবাদ প্ৰতিষ্ঠানটোৰ সন্মুখত সদৰি কৰিছে তেওঁলোকে নিজে কেনেকৈ ভোকত আছিল, লগতে তেওঁলোকে তেওঁলোকৰ সন্তানক খুৱাব পৰা নাছিল৷ তেওঁলোকৰ শিক্ষা আহৰণৰ বাবে নাছিল পৰ্যাপ্ত ধন, চিকিৎসালয়ৰ চিকিৎসাৰ বাবে নাছিল প্ৰয়োজনীয় পুঁজি৷ বুলন্দচহৰৰ এজন দৈনিক মজুৰি শ্ৰমিক ৪৫ বছৰীয়া মহম্মদ আকবৰে কয়, যদি এই চ’কৰ এজন শ্ৰমিকৰ মৃত্যু হয়, তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও টকা নাথাকিব। আন এখন দৈনিক মজুৰি শ্ৰমিক প্ৰমোদ কুমাৰে কয়, মই যোৱা ২০ বছৰ ধৰি কাম পাবলৈ ইয়ালৈ আহি আছোঁ। দৈনিক প্ৰায় ২০০ জন লোক ইয়ালৈ আহে, যাৰ ভিতৰত সৰ্বাধিক ২০ জনেহে কাম পায়। বাকীসকল উভতি যায়৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত অসংগঠিত শ্ৰমিক আৰু নিবনুৱা স্নাতকসকলক সহায় কৰিবলৈ দুটা মুখ্য নীতি আৰম্ভ কৰিছিল৷ সেয়া হ’ল: ই-শ্ৰম কাৰ্ড আৰু উত্তৰ প্ৰদেশ বেৰোজগাৰী ভট্টা। সামাজিক সুৰক্ষা আঁচনিৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ বাবে শ্ৰম মন্ত্ৰালয়ে ই-শ্ৰম কাৰ্ড প্ৰস্তুত কৰিছে। এইবোৰ ১৬ ৰ পৰা ৫৯ বছৰ বয়সৰ ভিতৰত অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে। কাৰ্ডখনে ২ লাখ টকালৈকে দুৰ্ঘটনা বীমা আৱৰণৰ প্ৰতিশ্ৰুতি দিছে। উত্তৰ প্ৰদেশ নিবনুৱা ভাট্টাত ১,০০০-১,৫০০ টকাৰ আৰ্থিক ক্ষতিপূৰণ অন্তৰ্ভুক্ত হৈছে, যিটো ৰাজ্যখনৰ দ্বাদশ উত্তীৰ্ণ নিবনুৱা লোকসকলক দিয়া হয়। কিন্তু, বাস্তৱিকতে বেছিভাগ মানুহে কেতিয়াও এনে ধৰণৰ কোনো আৰ্থিক ক্ষতিপূৰণ লাভ কৰা নাই বুলি সংবাদ প্ৰতিষ্ঠানটোৰ অনুসন্ধানত পোহৰলৈ আহিছে৷ ২৪ বছৰীয়া তথ্য প্ৰযুক্তি স্নাতক মোহিত ভোজে কয়, আমি এই কাৰ্ডবোৰ তৈয়াৰ কৰিবলৈ ৫০-১০০ টকা খৰচ কৰিছিলোঁ, কিন্তু, এতিয়ালৈকে আমাৰ একাউণ্টলৈ কোনো ধন স্থানান্তৰ কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু