--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এটি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে ৰাজ্যখনৰ স্নাতক উত্তীৰ্ণ নিবনুৱা, প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু শ্ৰমিক চ’কত দৈনিক মজুৰি-শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰি এক সমীক্ষা চলাইছে৷ ৰাষ্ট্ৰীয় গড় ১৯ শতাংশৰ তুলনাত উত্তৰ প্ৰদেশত মাত্ৰ ১১ শতাংশ শ্ৰমিকে নিয়মীয়াকৈ মজুৰি উপাৰ্জন কৰে৷ ২০১৭ চনৰ পৰা ৰাজ্যখনত নিবনুৱাৰ হাৰ ২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, আৰু শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ৬ শতাংশ বৃদ্ধি হৈছে।   হাপুৰৰ পাৰ্টাপুৰ গাঁৱৰ গাঁওপ্ৰধান সঞ্জীৱ কুমাৰ সাগৰে কয়, স্নাতকসকলেও আনকি এমজিএনৰেগাৰ কাম বিচাৰি আহে। তেওঁ কয় যে, কেনেকৈ স্নাতকসকলে দুটাকৈ ডিগ্ৰী আহৰণ কৰিও তেওঁলোকে প্ৰতিমাহে ৬,০০০ টকাৰ বিনিময়ত অস্থায়ী ঠিকাভিত্তিক চাকৰিৰ বাবে আৱেদন কৰিছে৷ এই স্নাতকসকলে শ্ৰমিক চ’কত শাৰী পাতি দৈনিক মজুৰিৰ কামৰ বাবে অপেক্ষা কৰি থাকে। এই কামবোৰে এদিনৰ কামৰ বাবে ৪০০ টকা পৰিশোধ কৰে৷ আনকি এই কাম সপ্তাহৰ সকলো দিনত উপলব্ধও নহয়। বুলন্দ চহৰৰ দুটা শ্ৰমিক চ’কৰ শ্ৰমিকসকলে সংবাদ প্ৰতিষ্ঠানটোৰ সন্মুখত সদৰি কৰিছে তেওঁলোকে নিজে কেনেকৈ ভোকত আছিল, লগতে তেওঁলোকে তেওঁলোকৰ সন্তানক খুৱাব পৰা নাছিল৷ তেওঁলোকৰ শিক্ষা আহৰণৰ বাবে নাছিল পৰ্যাপ্ত ধন, চিকিৎসালয়ৰ চিকিৎসাৰ বাবে নাছিল প্ৰয়োজনীয় পুঁজি৷ বুলন্দচহৰৰ এজন দৈনিক মজুৰি শ্ৰমিক ৪৫ বছৰীয়া মহম্মদ আকবৰে কয়, যদি এই চ’কৰ এজন শ্ৰমিকৰ মৃত্যু হয়, তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও টকা নাথাকিব। আন এখন দৈনিক মজুৰি শ্ৰমিক প্ৰমোদ কুমাৰে কয়, মই যোৱা ২০ বছৰ ধৰি কাম পাবলৈ ইয়ালৈ আহি আছোঁ। দৈনিক প্ৰায় ২০০ জন লোক ইয়ালৈ আহে, যাৰ ভিতৰত সৰ্বাধিক ২০ জনেহে কাম পায়। বাকীসকল উভতি যায়৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত অসংগঠিত শ্ৰমিক আৰু নিবনুৱা স্নাতকসকলক সহায় কৰিবলৈ দুটা মুখ্য নীতি আৰম্ভ কৰিছিল৷ সেয়া হ’ল: ই-শ্ৰম কাৰ্ড আৰু উত্তৰ প্ৰদেশ বেৰোজগাৰী ভট্টা। সামাজিক সুৰক্ষা আঁচনিৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ বাবে শ্ৰম মন্ত্ৰালয়ে ই-শ্ৰম কাৰ্ড প্ৰস্তুত কৰিছে। এইবোৰ ১৬ ৰ পৰা ৫৯ বছৰ বয়সৰ ভিতৰত অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে। কাৰ্ডখনে ২ লাখ টকালৈকে দুৰ্ঘটনা বীমা আৱৰণৰ প্ৰতিশ্ৰুতি দিছে। উত্তৰ প্ৰদেশ নিবনুৱা ভাট্টাত ১,০০০-১,৫০০ টকাৰ আৰ্থিক ক্ষতিপূৰণ অন্তৰ্ভুক্ত হৈছে, যিটো ৰাজ্যখনৰ দ্বাদশ উত্তীৰ্ণ নিবনুৱা লোকসকলক দিয়া হয়। কিন্তু, বাস্তৱিকতে বেছিভাগ মানুহে কেতিয়াও এনে ধৰণৰ কোনো আৰ্থিক ক্ষতিপূৰণ লাভ কৰা নাই বুলি সংবাদ প্ৰতিষ্ঠানটোৰ অনুসন্ধানত পোহৰলৈ আহিছে৷ ২৪ বছৰীয়া তথ্য প্ৰযুক্তি স্নাতক মোহিত ভোজে কয়, আমি এই কাৰ্ডবোৰ তৈয়াৰ কৰিবলৈ ৫০-১০০ টকা খৰচ কৰিছিলোঁ, কিন্তু, এতিয়ালৈকে আমাৰ একাউণ্টলৈ কোনো ধন স্থানান্তৰ কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ