--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ঢাপে ঢাপে আগুৱাই গৈছে। বিশ্বৰ বহু উন্নত দেশৰ তুলনাত ভাৰতৰ মহাখাশ গৱেষণাৰ ধাৰাই এক বিশেষ গতি লাভ কৰিছে। ১৫ নৱেম্বৰত দেশৰ মহাকাশ ইতিহাসত সংযোজন হ’ব এক নতুন অধ্যায়। কি সেই অধ্যায়? দেশৰ প্ৰথম ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ'!  এই বহু অভিলাসী ব্যক্তিগত ৰকেটখন  ১৫ নৱেম্বৰত মহাকাশলৈ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ উৎক্ষেপন ক্ষেত্ৰৰ পৰা ।

 হায়দৰাবাদস্থিত মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেছে এই বাতৰি প্ৰকাশ কৰে। শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) উৎক্ষেপণ ক্ষেত্ৰৰ পৰা দেশৰ প্ৰথমখন ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ' উৎক্ষেপণ কৰা হ'ব। 

ভাৰতে  ২০২২ চনৰ ১৫ নৱেম্বৰত ইতিহাস ৰচনা কৰিবলৈ গৈ আছে। দেশৰ প্ৰথম ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ' উৎক্ষেপণ হ'বলৈ গৈ আছে, এই খবৰে এতিয়া দেশবাসীক আনন্দিত কৰি তুলিছে।   বিক্ৰম-এছ শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লঞ্চপেডৰ পৰা পুৱা ১১.৩০ বজাত উৎক্ষেপন  কৰা হ'ব বুলি  কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দনাই সংবাদমাধ্যমক জনাইছে।  এই অভিযানৰ জৰিয়তে স্কাইৰুট এৰোস্পেচ হ'ব ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিটো কোম্পানীয়ে মহাকাশলৈ ব্যক্তিগত ৰকেট প্ৰেৰণ কৰিব। 

এই অভিযানে  এটা নতুন যুগৰ সূচনা কৰিবলৈ গৈ আছে বুলি বহুতে মন্তব্য কৰিছে। স্কাইৰুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া নাগা ভাৰত দাকাই কয়, "বিক্ৰম-এছ ৰকেট হৈছে একক পৰ্যায়ৰ উপ-কক্ষীয় উৎক্ষেপণ বাহন। ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট বিক্ৰম এছ-এ বিক্ৰম শৃংখলাৰ অধীনত  মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব।  স্কাইৰাুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দনাই লগতে কয়, "ইছৰো আৰু আইএন-স্পেচ (ইণ্ডিয়ান নেচনেল স্পেচ প্ৰমোচন এণ্ড অথৰাইচন চেণ্টাৰ)ৰ  সহযোগিতাৰ বাবেই স্কাইৰাটে এনে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হ’ব। স্কাইৰুট এৰোস্পেচে কৈছে যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ অগ্ৰদূত 'বিক্ৰম চাৰাভাই'ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰকেটটোৰ নাম 'বিক্ৰম' ৰখা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক