--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত মানৱৰ পদাৰ্পনৰ বহু বছৰ হৈ গ’ল। এতিয়া পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ পৰিকল্পনা কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই। সেইমৰ্মে সাজিও উলিওৱা হৈছে এখন বিশেষ যান। নাম দিয়া হৈছে ’আৰ্টেমিছ-১’। 

বুধবাৰে ৫০ বছৰৰ পিছত পুনৰ চন্দ্ৰলৈ মানুহ পঠোৱাৰ নাছাৰ পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাবে  মানৱবিহীন মহাকাশযানখনে  পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোলৈ ৰাওনা হ'ব। নাছাৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।এইবাৰ চন্দ্ৰলৈ মানুহ পঠোৱা নাছাৰ 'মিছন' তিনিটা পৰ্যায়ত হ'ব। প্ৰথম পদক্ষেপটো হ'ল 'আৰ্টেমিছ ১'। এইটো এটা মানৱবিহীন অভিযান। ইয়াৰ মুখ্য লক্ষ্য হৈছে চন্দ্ৰত মহাকাশচাৰীয়ে  অৱতৰণ কৰাৰ সাম্ভাৱ্য 'অৱতৰণ স্থান' চিনাক্ত কৰা। একেটা পৰীক্ষাই দ্বিতীয় পৰ্যায়তো কৰা হ'ব। যদি সফল হয় পৰৱৰ্তী অভিযানত মানুহে চন্দ্ৰলৈ যাব।

আৰ্টেমিছ ১ আগষ্টততেই আৰম্ভ কৰাৰ   কথা আছিল। কিন্তু শেষ মুহূৰ্তত ৰকেটৰ তৰল হাইড্ৰজেন টেংকত ধৰা পৰা  ছিদ্ৰৰ বাবে যান খনৰ উৎক্ষেপন বাতিল কৰা হৈছিল।। কাউন্টডাউন আৰম্ভ হোৱাৰ পিছতো  ইয়াক মাজভাগতে বন্ধ কৰা হৈছিল। 

উৎক্ষেপণৰ পৰৱৰ্তী দিনটো ২ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু সেইবাৰো টেংকত ছিদ্ৰ ধৰা পৰাত অভিযান বাতিল হৈছিল।সেইবাৰো  তৰল হাইড্ৰজেন টেংকত বিসংগতি  ধৰা পৰিছিল। ফলস্বৰূপে মহাকাশ উৎক্ষেপণ প্ৰণালীৰ ৰকেটৰ অভিযানটো পুনৰ বাতিল কৰা হয়।  'আৰ্টেমিছ ১' উৎক্ষেপণৰ সময়ত ৰকেটৰ তলত থকা চাৰিটা ডাঙৰ ইঞ্জিনে তিনি নিযুত লিটাৰ অত্যধিক ঠাণ্ডা তৰল হাইড্ৰজেন আৰু অক্সিজেন বহন কৰি লৈ যাব।সেই ইন্ধন জ্বলাই বৃহৎ পৰিমাণৰ শক্তি উৎপাদন কৰিব যান খনে । সেই শক্তিৰ সহায়তে যান খনে  মহাকাশলৈ যায়।

১৯৬৯ চনত নাছাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডউইন এল্ড্ৰিনে এপোলো ১১ অভিযানৰ জৰিয়তে  প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি থৈছিল। ১৯৭২ চনত নাছাৰ 'এপোলো-১৭'ৰ মহাকাশচাৰী জেন চাৰ্নানে চন্দ্ৰত অৱতৰণ কৰিছিল। নাছাই সেই অভিযানৰ  কথা মনত ৰাখিয়েই   পুনৰ  চন্দ্ৰলৈ মহাকাশচাৰীসকলক পঠোৱাৰ কথা ভাবিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাটোৱে  চন্দ্ৰত এক দীৰ্ঘম্যাদী গৱেষণা আন্তঃগাঁথনি নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক