--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত মানৱৰ পদাৰ্পনৰ বহু বছৰ হৈ গ’ল। এতিয়া পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ পৰিকল্পনা কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই। সেইমৰ্মে সাজিও উলিওৱা হৈছে এখন বিশেষ যান। নাম দিয়া হৈছে ’আৰ্টেমিছ-১’। 

বুধবাৰে ৫০ বছৰৰ পিছত পুনৰ চন্দ্ৰলৈ মানুহ পঠোৱাৰ নাছাৰ পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাবে  মানৱবিহীন মহাকাশযানখনে  পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোলৈ ৰাওনা হ'ব। নাছাৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।এইবাৰ চন্দ্ৰলৈ মানুহ পঠোৱা নাছাৰ 'মিছন' তিনিটা পৰ্যায়ত হ'ব। প্ৰথম পদক্ষেপটো হ'ল 'আৰ্টেমিছ ১'। এইটো এটা মানৱবিহীন অভিযান। ইয়াৰ মুখ্য লক্ষ্য হৈছে চন্দ্ৰত মহাকাশচাৰীয়ে  অৱতৰণ কৰাৰ সাম্ভাৱ্য 'অৱতৰণ স্থান' চিনাক্ত কৰা। একেটা পৰীক্ষাই দ্বিতীয় পৰ্যায়তো কৰা হ'ব। যদি সফল হয় পৰৱৰ্তী অভিযানত মানুহে চন্দ্ৰলৈ যাব।

আৰ্টেমিছ ১ আগষ্টততেই আৰম্ভ কৰাৰ   কথা আছিল। কিন্তু শেষ মুহূৰ্তত ৰকেটৰ তৰল হাইড্ৰজেন টেংকত ধৰা পৰা  ছিদ্ৰৰ বাবে যান খনৰ উৎক্ষেপন বাতিল কৰা হৈছিল।। কাউন্টডাউন আৰম্ভ হোৱাৰ পিছতো  ইয়াক মাজভাগতে বন্ধ কৰা হৈছিল। 

উৎক্ষেপণৰ পৰৱৰ্তী দিনটো ২ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু সেইবাৰো টেংকত ছিদ্ৰ ধৰা পৰাত অভিযান বাতিল হৈছিল।সেইবাৰো  তৰল হাইড্ৰজেন টেংকত বিসংগতি  ধৰা পৰিছিল। ফলস্বৰূপে মহাকাশ উৎক্ষেপণ প্ৰণালীৰ ৰকেটৰ অভিযানটো পুনৰ বাতিল কৰা হয়।  'আৰ্টেমিছ ১' উৎক্ষেপণৰ সময়ত ৰকেটৰ তলত থকা চাৰিটা ডাঙৰ ইঞ্জিনে তিনি নিযুত লিটাৰ অত্যধিক ঠাণ্ডা তৰল হাইড্ৰজেন আৰু অক্সিজেন বহন কৰি লৈ যাব।সেই ইন্ধন জ্বলাই বৃহৎ পৰিমাণৰ শক্তি উৎপাদন কৰিব যান খনে । সেই শক্তিৰ সহায়তে যান খনে  মহাকাশলৈ যায়।

১৯৬৯ চনত নাছাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডউইন এল্ড্ৰিনে এপোলো ১১ অভিযানৰ জৰিয়তে  প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি থৈছিল। ১৯৭২ চনত নাছাৰ 'এপোলো-১৭'ৰ মহাকাশচাৰী জেন চাৰ্নানে চন্দ্ৰত অৱতৰণ কৰিছিল। নাছাই সেই অভিযানৰ  কথা মনত ৰাখিয়েই   পুনৰ  চন্দ্ৰলৈ মহাকাশচাৰীসকলক পঠোৱাৰ কথা ভাবিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাটোৱে  চন্দ্ৰত এক দীৰ্ঘম্যাদী গৱেষণা আন্তঃগাঁথনি নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু