--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক যেন ৰাখী ছাৱন্তৰ জীৱনৰ নিত্য সংগী। সময়ে সময়ে নানা বিতৰ্কই চুই গৈছেহি এইগৰাকী বলীউড অভিনেত্ৰীক। ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ এমাহো হোৱা নাই। এইবাৰ ৰাখী ছাৱন্তে ব্যক্তিগত বহু বিষয় মুকলিকৈ প্ৰকাশ কৰিছে। যাৰ ভিতৰত আছে ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ লগতে ৰাখীৰ বক্ষ সংৰোপণৰ অভিজ্ঞতাৰ নিটোল বৰ্ণনা। শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ৰাখীয়ে কয়, ‘১৫-১৬ বছৰ বয়সতে স্তন সংৰোপণ কৰিছিলো।’ এই অভিজ্ঞতাৰ বৰ্ণনা কৰি ৰাখীয়ে কয়, ‘তে‌তিয়া মই বৰ ভয় খাইছিলো। বয়স বহুত কম আৰু স্তন আছিল সমান। মই তেতিয়াই বলীউডত প্ৰৱেশৰ চেষ্টা কৰিছিলো। সেই সময়ত বহুতো বিশ্ব সুন্দৰীয়ে তেওঁলোকৰ স্তন সংৰোপন কৰিছিল। সকলোৱে তেতিয়া কৈছিল যে, বলীউডত কাম কৰিবলৈ হ’লে মুখখন ধুনীয়া হ'ব লাগিব আৰু দৈহিক গঠন হ’ব লাগিব চকুত লগা । সেইবাবে মই এই সিদ্ধান্ত লৈছিলো, তাৰ পাছতে মই ক’ল্ডৰ পৰা হট গাৰ্ল হৈ পৰিছিলো।’ বিচ্ছেদ প্ৰসংগতো অকপট স্বীকাৰোক্তি ৰাখীৰ। তেওঁ কয়, ‘ৰীতেশে হঠাতে মোক এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। এদিন টোপনিৰ পৰা সাৰ পাই দেখো যে, মোৰ স্বামীয়ে বেগ পেকিং কৰি আছে। কাৰণ হিচাপে, ৰীতেশে কৈছিল যে পুৰণি সম্পৰ্কক লৈ আইনী জটিলতাৰ বাবে তেওঁ ৰাখীক এৰি যোৱাৰ সিদ্ধান্ত লৈছে।’কথা-প্ৰসংগত ৰাখীয়ে উভতি চায় এৰি অহা শৈশৱৰ সোণোৱালী দিনবোৰক। সৰুতে এবাৰ কন্ডমক বেলুন বুলি ভাবি ভুল কৰিছিল বুলিও সাক্ষাত্‍কাৰত সদৰী কৰিছে ৰাখী ছাৱন্তে। একে সময়তে, ৰাখীয়ে পুনৰ জন্মত আম্বানী বা শিল্পা চেট্টীৰ পৰিয়ালত জন্ম গ্ৰহণৰো পোষকতা কৰিছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু