--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'আপুনি মোৰ বাবে সদায় নায়ক হৈ থাকিব'- প্ৰথমে মাতৃৰ ফটোত চুম্বন আৰু তাৰ পাছত চকুৰ পানী৷ মাতৃৰ ফটোৰেই সন্তুষ্ট তেওঁ৷ পৰলোকত গমন কৰা মাতৃৰ ফটোত সেৱা কৰি আৱেগিক হৈ পৰিল এজন এজন অভিনেতা৷ আজিৰে পৰা ৬ বছৰ আগতেই পৰলোকপ্ৰাপ্তি হোৱা মাতৃৰ ফটোৰ সন্মুখতেই উচুপি উঠিছে অভিনেতা ৰাজকুমাৰ ৰাও৷ অভিনেতাজনৰ মাতৃৰ আজি মৃত্যুবাৰ্ষিকী। দৰাৰ সাজ পৰিধান কৰা ৰাজকুমাৰে ফটোখন ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল৷ ফটোখন ৰাজকুমাৰে তেওঁৰ মাকক তেওঁৰ ‘নায়ক’ বুলি অভিহিত কৰে৷ পোষ্টটোৰ শিৰোনামত তেওঁ লিখিছিল ৬ বছৰ হ'ল মা, আপুনি আমাক এৰি গ'লেও কিন্তু মই জানো আপুনি সদায় মোৰ সৈতে আছে। মই সদায় আপোনাক মোৰ হৃদয়ত ৰাখিম আৰু মই জানো যে আপুনি মোক পথপ্ৰদৰ্শন কৰিবলৈ, মোক সুৰক্ষা দিবলৈ, মোক ভাল পাবলৈ আৰু মোক আশীৰ্বাদ কৰিবলৈ সদায় উপস্থিত থাকে। মই এজন অতি গৌৰৱান্বিত পুত্ৰ আৰু মই সদায় চেষ্টা কৰিম আৰু আপোনাক গৌৰৱান্বিত কৰি তুলিম। আপুনি সদায় মোৰ নায়ক। মই তোমাক ভালপাওঁ মা' পোষ্টটোৰ শিৰোনামটোত পঢ়িছিল। ফটোখন পোষ্ট কৰাৰ লগে লগে জাহ্নৱী কাপুৰ, আহানা কুমৰা, মল্লিকা দুয়া আৰু অন্যান্যসকলে মন্তব্য শাখাত লাভ ইমোজি পোষ্ট কৰে। ৰাজকুমাৰে ২০২১ চনৰ নৱেম্বৰত পাত্ৰলেখাৰ লগত বিবাহপাশত আবদ্ধ হয়। বিবাহৰ এই ক্ষণত তেওঁ লিখিছিল, 'অৱশেষত ১১ বছৰৰ প্ৰেম, ৰোমাঞ্চ, বন্ধুত্ব আৰু ধেমালিৰ পাছত, মই আজি সকলোকে সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈছো, মোৰ প্ৰাণৰ বন্ধু, মোৰ সৰ্বশ্ৰেষ্ঠ বন্ধু, মোৰ পৰিয়াল তেওঁ।' তেওঁৰ দশকজোৰা কেৰিয়াৰলৈ ঘূৰি চাই তেওঁ কয় যে বলীউডত তেওঁৰ যাত্ৰা আছিল প্ৰত্যাহ্বানজনক। পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে কয়, 'প্ৰাৰম্ভিক দুবছৰ যেতিয়া মই কাম বিচাৰি আছিলো, এইটো অত্যন্ত কঠিন আছিল। খাদ্য কিনিবলৈ মোৰ টকাৰ অভাৱ ঘটিছিল। কিন্তু মোৰ মায়ে মোক সেই আত্মবিশ্বাস দিছিল আৰু তেওঁৰ মোৰ ওপৰত অটল বিশ্বাস আছিল।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু