--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'আপুনি মোৰ বাবে সদায় নায়ক হৈ থাকিব'- প্ৰথমে মাতৃৰ ফটোত চুম্বন আৰু তাৰ পাছত চকুৰ পানী৷ মাতৃৰ ফটোৰেই সন্তুষ্ট তেওঁ৷ পৰলোকত গমন কৰা মাতৃৰ ফটোত সেৱা কৰি আৱেগিক হৈ পৰিল এজন এজন অভিনেতা৷ আজিৰে পৰা ৬ বছৰ আগতেই পৰলোকপ্ৰাপ্তি হোৱা মাতৃৰ ফটোৰ সন্মুখতেই উচুপি উঠিছে অভিনেতা ৰাজকুমাৰ ৰাও৷ অভিনেতাজনৰ মাতৃৰ আজি মৃত্যুবাৰ্ষিকী। দৰাৰ সাজ পৰিধান কৰা ৰাজকুমাৰে ফটোখন ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল৷ ফটোখন ৰাজকুমাৰে তেওঁৰ মাকক তেওঁৰ ‘নায়ক’ বুলি অভিহিত কৰে৷ পোষ্টটোৰ শিৰোনামত তেওঁ লিখিছিল ৬ বছৰ হ'ল মা, আপুনি আমাক এৰি গ'লেও কিন্তু মই জানো আপুনি সদায় মোৰ সৈতে আছে। মই সদায় আপোনাক মোৰ হৃদয়ত ৰাখিম আৰু মই জানো যে আপুনি মোক পথপ্ৰদৰ্শন কৰিবলৈ, মোক সুৰক্ষা দিবলৈ, মোক ভাল পাবলৈ আৰু মোক আশীৰ্বাদ কৰিবলৈ সদায় উপস্থিত থাকে। মই এজন অতি গৌৰৱান্বিত পুত্ৰ আৰু মই সদায় চেষ্টা কৰিম আৰু আপোনাক গৌৰৱান্বিত কৰি তুলিম। আপুনি সদায় মোৰ নায়ক। মই তোমাক ভালপাওঁ মা' পোষ্টটোৰ শিৰোনামটোত পঢ়িছিল। ফটোখন পোষ্ট কৰাৰ লগে লগে জাহ্নৱী কাপুৰ, আহানা কুমৰা, মল্লিকা দুয়া আৰু অন্যান্যসকলে মন্তব্য শাখাত লাভ ইমোজি পোষ্ট কৰে। ৰাজকুমাৰে ২০২১ চনৰ নৱেম্বৰত পাত্ৰলেখাৰ লগত বিবাহপাশত আবদ্ধ হয়। বিবাহৰ এই ক্ষণত তেওঁ লিখিছিল, 'অৱশেষত ১১ বছৰৰ প্ৰেম, ৰোমাঞ্চ, বন্ধুত্ব আৰু ধেমালিৰ পাছত, মই আজি সকলোকে সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈছো, মোৰ প্ৰাণৰ বন্ধু, মোৰ সৰ্বশ্ৰেষ্ঠ বন্ধু, মোৰ পৰিয়াল তেওঁ।' তেওঁৰ দশকজোৰা কেৰিয়াৰলৈ ঘূৰি চাই তেওঁ কয় যে বলীউডত তেওঁৰ যাত্ৰা আছিল প্ৰত্যাহ্বানজনক। পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে কয়, 'প্ৰাৰম্ভিক দুবছৰ যেতিয়া মই কাম বিচাৰি আছিলো, এইটো অত্যন্ত কঠিন আছিল। খাদ্য কিনিবলৈ মোৰ টকাৰ অভাৱ ঘটিছিল। কিন্তু মোৰ মায়ে মোক সেই আত্মবিশ্বাস দিছিল আৰু তেওঁৰ মোৰ ওপৰত অটল বিশ্বাস আছিল।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু