--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকত 'আন্দাজ আপনা আপনা' ছবিখনত অভিনয় কৰিছিল আমিৰ-ছলমানে। ৰূপালী পৰ্দাত 'ৰোমাঞ্চ'ৰ ধুমুহাৰ সৃষ্টি কৰিলেও কিন্তু ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোকে ইজনে সিজনৰ সৈতে কথা পতা নাছিল। আনকি আমিৰ খানে নিজেই ছলমানৰ সৈতে দৃশ্যগ্ৰহণৰ পিছত তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিছিল। এই ঘটনাৰ পাছত দীৰ্ঘদিন ধৰি ভাইজানৰ পৰা আঁতৰি আছিল আমিৰ খান। পৰৱৰ্তী সময়ত অৱশ্যে এ‌ই সকলোবোৰ সমাধান হৈছিল দুয়োকে বিভিন্ন স্থানত একেলগে দেখিবলৈ পাইছিল অনুৰাগীয়ে। আচলতে হৈছিল কি? ঘটনাটোনো কি আছিল? ২০১৩ চনত 'কফি উইথ কৰণ'ত আমিৰ খানে প্ৰকাশ কৰিছিল যে 'আন্দাজ আপনা আপনা' কৰাৰ সময়ত ছলমানৰ সৈতে মোৰ খুব বেয়া অভিজ্ঞতা হৈছিল। মই তেওঁক একেবাৰে ভাল পোৱা নাছিলো। ছলমানক ভীষণ বু‌দ্ধি-বিবেকহীন আৰু অভদ্ৰ যেন লাগিছিল। তেওঁৰ সৈতে কাম কৰাৰ পিছত, মই ভাবিছিলো যে আঁতৰি থকাটোৱে মংগলজনক। অৱশ্যে, সুদীৰ্ঘ ১০বছৰৰ পাছত, আমিৰৰ বিবাহ বিচ্ছেদৰ পাছত মন গলিছিল আমিৰৰ। তাকো ছলমানৰে উদ্যোগত। ২০০৪ চন। তেতি য়া আমিৰ খানৰ প্ৰথম পত্নী ৰীনা দত্তৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। বাতৰিটো ছলমানৰ কাণত পৰাৰ লগে লগে আমিৰৰ সৈতে যোগাযোগ কৰিছিল ভাইজানে। এই প্ৰসংগত মিষ্টাৰ পাৰফেক্টছ’নিষ্টে কয়, ‘সেইখিনি সময় মোৰ জীৱনৰ আটাইটকৈ কঠিন সময়। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। সেই সময়তে ছলমানে মোৰ জীৱনত বন্ধুত্বৰ হাতখন আগবঢ়াই দিছিল। নিজে ফোন কৰি মোক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। গতিকে, আমি একেলগ হৈছিলো। তেতি়য়াৰ পৰাই ছলমান খানৰ সৈতে আমাৰ বন্ধুত্বৰ আৰম্ভণি। সময়ৰ লগে লগে সেয়া আৰু অধিক গভীৰ হৈ গৈ আছে। ’ স্বাভাৱিকতে এতিয়া দুয়োৰে মাজত সুহৃদ সম্পৰ্ক। নতুন ছবিৰ বাবেও একেলগে কাম কৰাৰ উঠিছে গুঞ্জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু