--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকত 'আন্দাজ আপনা আপনা' ছবিখনত অভিনয় কৰিছিল আমিৰ-ছলমানে। ৰূপালী পৰ্দাত 'ৰোমাঞ্চ'ৰ ধুমুহাৰ সৃষ্টি কৰিলেও কিন্তু ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোকে ইজনে সিজনৰ সৈতে কথা পতা নাছিল। আনকি আমিৰ খানে নিজেই ছলমানৰ সৈতে দৃশ্যগ্ৰহণৰ পিছত তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিছিল। এই ঘটনাৰ পাছত দীৰ্ঘদিন ধৰি ভাইজানৰ পৰা আঁতৰি আছিল আমিৰ খান। পৰৱৰ্তী সময়ত অৱশ্যে এ‌ই সকলোবোৰ সমাধান হৈছিল দুয়োকে বিভিন্ন স্থানত একেলগে দেখিবলৈ পাইছিল অনুৰাগীয়ে। আচলতে হৈছিল কি? ঘটনাটোনো কি আছিল? ২০১৩ চনত 'কফি উইথ কৰণ'ত আমিৰ খানে প্ৰকাশ কৰিছিল যে 'আন্দাজ আপনা আপনা' কৰাৰ সময়ত ছলমানৰ সৈতে মোৰ খুব বেয়া অভিজ্ঞতা হৈছিল। মই তেওঁক একেবাৰে ভাল পোৱা নাছিলো। ছলমানক ভীষণ বু‌দ্ধি-বিবেকহীন আৰু অভদ্ৰ যেন লাগিছিল। তেওঁৰ সৈতে কাম কৰাৰ পিছত, মই ভাবিছিলো যে আঁতৰি থকাটোৱে মংগলজনক। অৱশ্যে, সুদীৰ্ঘ ১০বছৰৰ পাছত, আমিৰৰ বিবাহ বিচ্ছেদৰ পাছত মন গলিছিল আমিৰৰ। তাকো ছলমানৰে উদ্যোগত। ২০০৪ চন। তেতি য়া আমিৰ খানৰ প্ৰথম পত্নী ৰীনা দত্তৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। বাতৰিটো ছলমানৰ কাণত পৰাৰ লগে লগে আমিৰৰ সৈতে যোগাযোগ কৰিছিল ভাইজানে। এই প্ৰসংগত মিষ্টাৰ পাৰফেক্টছ’নিষ্টে কয়, ‘সেইখিনি সময় মোৰ জীৱনৰ আটাইটকৈ কঠিন সময়। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। সেই সময়তে ছলমানে মোৰ জীৱনত বন্ধুত্বৰ হাতখন আগবঢ়াই দিছিল। নিজে ফোন কৰি মোক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। গতিকে, আমি একেলগ হৈছিলো। তেতি়য়াৰ পৰাই ছলমান খানৰ সৈতে আমাৰ বন্ধুত্বৰ আৰম্ভণি। সময়ৰ লগে লগে সেয়া আৰু অধিক গভীৰ হৈ গৈ আছে। ’ স্বাভাৱিকতে এতিয়া দুয়োৰে মাজত সুহৃদ সম্পৰ্ক। নতুন ছবিৰ বাবেও একেলগে কাম কৰাৰ উঠিছে গুঞ্জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু