--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ২১ ছেপ্টেম্বৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত অসমভিত্তিত 'সখিয়তী সন্মিলন' (কিশোৰী-যুৱতীসকলৰ অনুষ্ঠান) অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ উদ্যোগত যোৰহাট জিলা লেখিকা সমাজৰ সহযোগত অহা ২১ ছেপ্টেম্বৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত অসমভিত্তিত 'সখিয়তী সন্মিলন' (কিশোৰী-যুৱতীসকলৰ অনুষ্ঠান) অনুষ্ঠিত হ'ব।


সেই উপলক্ষে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সখিয়তীসকলৰ লগতে যোৰহাট জিলা লেখিকা সমাজৰ বিষয়ববীয়া, আঞ্চলিক আৰু শাখাসমূহৰ বিষয়ববীয়াসকল চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ প্ৰাংগণত এক প্ৰত্যক্ষ আলোচনাত মিলিত হয়।


মূলত: ৰাজ্যৰ নৱ প্ৰজন্মৰ লেখিকা,সাংস্কৃতিককৰ্মী তথা ক্ৰীড়াৰ সৈতে জড়িত ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে আয়োজিত এই অনুষ্ঠানৰ বিষয়ে অসম লেখিকা সমাজৰ 'সখিয়তী উপ-সমিতি'ৰ মুখ্য আহ্বায়ক নীলাঞ্জনা পাচনিয়ে আঁত ধৰি আলোচনা চক্ৰ আগুৱাই নিয়ে।উক্ত আলোচনাত অভ্যৰ্থনা সমিতিৰ সভাপতি কবিতা গগৈ বৰগোহাঁই,কাৰ্যকৰী সভাপতি নিৰ্মালী নেওগ শইকীয়া,অসম লেখিকা সমাজৰ যোৰহাট জিলাৰ উপদেষ্টা মাধুৰী শৰ্মা সভাপণ্ডিত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জুনুমনি গগৈ, যোৰহাট জিলা উপ-সভাপতি ববিতা গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়ায়।


আনহাতে মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকি পোনপ্ৰথমবাৰৰ বাবে অসমত এই সখিয়তী সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে লেখিকা সমাজৰ শলাগ লয় ।উল্লেখযোগ্য যে সখিয়তী সন্মিলনত ছাত্ৰীসকলক উৎসাহিত কৰাৰ অৰ্থে শিক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰত কেইবাটাও বঁটা প্ৰদানৰো ব্যৱস্থা কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ