--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ২১ ছেপ্টেম্বৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত অসমভিত্তিত 'সখিয়তী সন্মিলন' (কিশোৰী-যুৱতীসকলৰ অনুষ্ঠান) অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ উদ্যোগত যোৰহাট জিলা লেখিকা সমাজৰ সহযোগত অহা ২১ ছেপ্টেম্বৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত অসমভিত্তিত 'সখিয়তী সন্মিলন' (কিশোৰী-যুৱতীসকলৰ অনুষ্ঠান) অনুষ্ঠিত হ'ব।


সেই উপলক্ষে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সখিয়তীসকলৰ লগতে যোৰহাট জিলা লেখিকা সমাজৰ বিষয়ববীয়া, আঞ্চলিক আৰু শাখাসমূহৰ বিষয়ববীয়াসকল চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ প্ৰাংগণত এক প্ৰত্যক্ষ আলোচনাত মিলিত হয়।


মূলত: ৰাজ্যৰ নৱ প্ৰজন্মৰ লেখিকা,সাংস্কৃতিককৰ্মী তথা ক্ৰীড়াৰ সৈতে জড়িত ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে আয়োজিত এই অনুষ্ঠানৰ বিষয়ে অসম লেখিকা সমাজৰ 'সখিয়তী উপ-সমিতি'ৰ মুখ্য আহ্বায়ক নীলাঞ্জনা পাচনিয়ে আঁত ধৰি আলোচনা চক্ৰ আগুৱাই নিয়ে।উক্ত আলোচনাত অভ্যৰ্থনা সমিতিৰ সভাপতি কবিতা গগৈ বৰগোহাঁই,কাৰ্যকৰী সভাপতি নিৰ্মালী নেওগ শইকীয়া,অসম লেখিকা সমাজৰ যোৰহাট জিলাৰ উপদেষ্টা মাধুৰী শৰ্মা সভাপণ্ডিত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জুনুমনি গগৈ, যোৰহাট জিলা উপ-সভাপতি ববিতা গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়ায়।


আনহাতে মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকি পোনপ্ৰথমবাৰৰ বাবে অসমত এই সখিয়তী সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে লেখিকা সমাজৰ শলাগ লয় ।উল্লেখযোগ্য যে সখিয়তী সন্মিলনত ছাত্ৰীসকলক উৎসাহিত কৰাৰ অৰ্থে শিক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰত কেইবাটাও বঁটা প্ৰদানৰো ব্যৱস্থা কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু