--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ এক অকথিত কাহিনী ব্যক্ত কৰিলে প্ৰিয়ংকা চোপ্ৰাই। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কয় যে ১৬ বছৰ বয়সত তেওঁৰ দৰ্শন পাবলৈ ল’ৰাবোৰে হেতা-উপৰা লগাইছিল। এইবাবেই শংকিত হৈ পৰিছিল প্ৰিয়ংকাৰ দেউতাক।

উল্লেখ্য যে প্ৰিয়ংকাই পঢ়া-শুনাৰ বাবে জামছেদপুৰৰ ঘৰৰ পৰা আমেৰিকালৈ ৰাওনা হৈছিল। কিন্তু যেতিয়া ১৬ বছৰ বয়সত আমেৰিকাৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া ল’ৰাবোৰে প্ৰিয়ংকাক চাবলৈ নানা প্ৰচেষ্টা চলাইছিল। যাৰবাবে পিতৃ অশোক চোপ্ৰাই আনকি তেওঁলোকৰ ঘৰৰ খিৰিকীত গ্ৰীল লগাব লগা হৈছিল।

হাৱাৰ্ড ষ্টাৰ্ম শ্ব’ৰ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে এবাৰ তেওঁলোকৰ ঘৰৰ বেলকনিত উঠি এজন ল’ৰা পৰি গৈছিল। তেতিয়াৰ পৰাই তেওঁৰ পিতৃ আতংকিত হৈ পৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক ভাৰতীয় পোছাক পিন্ধিবলৈ কয়। তেতিয়া তেওঁ বাধ্য হৈ জিন্সৰ সৈতে দেউতাকৰ টি-চাৰ্ট পিন্ধিবলৈ লয়।

অভিনেত্ৰীগৰাকীয়ে কয়, ''মাত্ৰ ১২ বছৰ বয়সতে দেউতাই মোক আমেৰিকাত পঢ়িবলৈ পঠিয়াইছিল। মই তাত গৈয়েই চুটি সাজ-পোছাক পিন্ধা কৰিছিলো। তাৰ পিছত ১৬ বছৰ বয়সত আমেৰিকান হৰম’ন, খাদ্যাভ্যাস আদি লৈ ঘৰলৈ উভতি আহোঁতে মই এগৰাকী ভৰুণ যুৱতী হৈছিলোঁ, ভবাতকৈ বহুত ডাঙৰ হৈছিলোঁ।”

তেওঁ কয়- ''আমাৰ সৰু চহৰখনলৈ উভতি আহোঁতে কেইবাজনো ল’ৰাই ৰাস্তাত ওলালেই মোৰ পিছে পিছে মোক অনুসৰণ কৰিছিল। এজনেতো নিশা একেবাৰে বেলকনিত উঠি পৰি গৈছিল। দেউতাই ইমান ভয় খাইছিল যে বাধ্য হৈ খিৰিকীবোৰত গ্ৰীল লগাইছিল। তেওঁ মোক কৈছিল জিন্স নহয়, ভাৰতীয় কাপোৰ চুৰিদাৰ পিন্ধা। মই য’তেই নাযাওঁ, মোৰ লগত ড্ৰাইভাৰ এজন লগত গৈছিল। তাৰপিছতে মই মোৰ কেৰিয়াৰত প্ৰৱেশ কৰিলোঁ। দেউতাৰ বাবে মোৰ বৰ বেয়া লাগে।’’

উল্লেখ্য যে প্ৰিয়ংকাৰ ভায়েকৰ নাম সিদ্ধাৰ্থ চোপ্ৰা। ২০১৩ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিক জ’নাছৰ সৈতে বিবাহিত আৰু তেওঁ আৰু তেওঁলোকৰ সন্তানৰ সৈতে আমেৰিকাত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?