--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ এক অকথিত কাহিনী ব্যক্ত কৰিলে প্ৰিয়ংকা চোপ্ৰাই। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কয় যে ১৬ বছৰ বয়সত তেওঁৰ দৰ্শন পাবলৈ ল’ৰাবোৰে হেতা-উপৰা লগাইছিল। এইবাবেই শংকিত হৈ পৰিছিল প্ৰিয়ংকাৰ দেউতাক।

উল্লেখ্য যে প্ৰিয়ংকাই পঢ়া-শুনাৰ বাবে জামছেদপুৰৰ ঘৰৰ পৰা আমেৰিকালৈ ৰাওনা হৈছিল। কিন্তু যেতিয়া ১৬ বছৰ বয়সত আমেৰিকাৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া ল’ৰাবোৰে প্ৰিয়ংকাক চাবলৈ নানা প্ৰচেষ্টা চলাইছিল। যাৰবাবে পিতৃ অশোক চোপ্ৰাই আনকি তেওঁলোকৰ ঘৰৰ খিৰিকীত গ্ৰীল লগাব লগা হৈছিল।

হাৱাৰ্ড ষ্টাৰ্ম শ্ব’ৰ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে এবাৰ তেওঁলোকৰ ঘৰৰ বেলকনিত উঠি এজন ল’ৰা পৰি গৈছিল। তেতিয়াৰ পৰাই তেওঁৰ পিতৃ আতংকিত হৈ পৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক ভাৰতীয় পোছাক পিন্ধিবলৈ কয়। তেতিয়া তেওঁ বাধ্য হৈ জিন্সৰ সৈতে দেউতাকৰ টি-চাৰ্ট পিন্ধিবলৈ লয়।

অভিনেত্ৰীগৰাকীয়ে কয়, ''মাত্ৰ ১২ বছৰ বয়সতে দেউতাই মোক আমেৰিকাত পঢ়িবলৈ পঠিয়াইছিল। মই তাত গৈয়েই চুটি সাজ-পোছাক পিন্ধা কৰিছিলো। তাৰ পিছত ১৬ বছৰ বয়সত আমেৰিকান হৰম’ন, খাদ্যাভ্যাস আদি লৈ ঘৰলৈ উভতি আহোঁতে মই এগৰাকী ভৰুণ যুৱতী হৈছিলোঁ, ভবাতকৈ বহুত ডাঙৰ হৈছিলোঁ।”

তেওঁ কয়- ''আমাৰ সৰু চহৰখনলৈ উভতি আহোঁতে কেইবাজনো ল’ৰাই ৰাস্তাত ওলালেই মোৰ পিছে পিছে মোক অনুসৰণ কৰিছিল। এজনেতো নিশা একেবাৰে বেলকনিত উঠি পৰি গৈছিল। দেউতাই ইমান ভয় খাইছিল যে বাধ্য হৈ খিৰিকীবোৰত গ্ৰীল লগাইছিল। তেওঁ মোক কৈছিল জিন্স নহয়, ভাৰতীয় কাপোৰ চুৰিদাৰ পিন্ধা। মই য’তেই নাযাওঁ, মোৰ লগত ড্ৰাইভাৰ এজন লগত গৈছিল। তাৰপিছতে মই মোৰ কেৰিয়াৰত প্ৰৱেশ কৰিলোঁ। দেউতাৰ বাবে মোৰ বৰ বেয়া লাগে।’’

উল্লেখ্য যে প্ৰিয়ংকাৰ ভায়েকৰ নাম সিদ্ধাৰ্থ চোপ্ৰা। ২০১৩ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিক জ’নাছৰ সৈতে বিবাহিত আৰু তেওঁ আৰু তেওঁলোকৰ সন্তানৰ সৈতে আমেৰিকাত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে