--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেজ এৰি যোৱা ছাত্ৰ-ছাত্ৰীৰ বহু কাহিনী আপুনি নিশ্চয় পঢ়িছে, যিসকলে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সফল হৈ নিজৰ নাম বিশ্বপ্ৰসিদ্ধ কৰি তোলে। কিন্তু এই প্ৰতিবেদনত আমি স্কুলীয়া দিনৰে পৰা পঢ়া-শুনাত অতি উজ্জ্বল আৰু অতি কম বয়সতে কৰ্পৰেট জগতত উচ্চ পদবী অৰ্জন কৰাত সফল হোৱা এজন ব্যক্তিৰ বিষয়ে ক'ম। কিন্তু ইয়াৰ পাছত তেওঁ চিইঅ’ৰ উচ্চ দৰমহা পোৱা চাকৰি এৰি নিজাকৈ কোম্পানী আৰম্ভ কৰাৰ সিদ্ধান্ত লয় আৰু সফলতা লাভ কৰে৷

কোটিপতি ব্যৱসায়ী বিনোদ ছাৰাফৰ কাহিনী আৰম্ভ হৈছে ৰাজস্থানৰ পৰা য’ত তেওঁৰ জন্ম হৈছিল এজন ব্যৱসায়ীৰ মধ্যবিত্ত পৰিয়ালত। সাতজন ভাই-ভনীৰ ভিতৰত বিনোদ ছাৰাফ আছিল ডাঙৰ আৰু বিনোদে সৰুতে উপলব্ধি কৰিছিল যে জীৱনত কৰিবলৈ ইচ্ছা কৰা ডাঙৰ কামত শিক্ষাই একমাত্ৰ উপায় আৰু সেইবাবে বিনোদ ছাৰাফে সদায় পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাইছিল। মাত্ৰ ১৭ বছৰ বয়সতে ষ্টেট টপাৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পাছত ১৯ বছৰ বয়সত বি আই টি এছ পিলানীৰ পৰা সোণৰ পদক লাভ কৰি এম বি এত  উত্তীৰ্ণ হয়৷

এম বি এ কৰাৰ পাছত বিনোদ ছাৰাফে কৰ্পৰেট জগতত প্ৰৱেশ কৰে যদিও হিন্দী ভাষাৰ পটভূমিৰ বাবে তেওঁ প্ৰথমে বৃহৎ বহুজাতিক কোম্পানীত চাকৰি পোৱাত ব্যৰ্থ হয়। বিনোদ ছাৰাফে প্ৰায় দহ বছৰ ধৰি বিভিন্ন বস্ত্ৰ কোম্পানীত কাম কৰাৰ আগতে বিৰলা গ্ৰুপৰ এটা কোম্পানীত চাকৰি লাভ কৰিছিল। উদ্যোগপতি আদিত্য বিৰলাৰ সৈতে কাম কৰি তেওঁ মাংগালুৰু ৰিফাইনেৰী এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক হয়। ইয়াৰ উপৰিও তেওঁ গ্ৰাছিম ইণ্ডাষ্ট্ৰীজ, মডাৰ্ণ চিণ্টেক্স আৰু ভিলৱাৰা গ্ৰুপৰ দৰে কোম্পানীত কাম কৰিছিল।

কৰ্পৰেট খণ্ডত কাম কৰি থকাৰ সময়তে বিনোদ ছাৰাফে মুখ্য কাৰ্যবাহী বিষয়া পদলৈ উন্নীত হয়। ১৯৯০ চনত ছাৰাফে চাকৰিৰ ওলাই আহি নিজাকৈ কোম্পানী স্থাপন কৰাৰ সিদ্ধান্ত লয়। কন্যাৰ নামত তেওঁ বিনাটি অৰ্গেনিকছ নামেৰে এটা কোম্পানী গঠন কৰিছিল। এই কোম্পানীয়ে বিষনাশক ঔষধ আইবুপ্ৰফেনত ব্যৱহৃত ৰাসায়নিক আই বি বি বা আইছ’প্ৰ’পাইল বেনজিন প্ৰস্তুত কৰে। তেওঁৰ কন্যা বিনটি ছাৰাফ এই কোম্পানীৰ এম ডি আৰু চি ই অ’। বিনোদ চাৰাফৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫,০০০ কোটি টকা (১.৮ বিলিয়ন মাৰ্কিন ডলাৰ), আনহাতে বিনটি অৰ্গেনিকছৰ বজাৰ মূল্য প্ৰায় ২০০১৪ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ