--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেজ এৰি যোৱা ছাত্ৰ-ছাত্ৰীৰ বহু কাহিনী আপুনি নিশ্চয় পঢ়িছে, যিসকলে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সফল হৈ নিজৰ নাম বিশ্বপ্ৰসিদ্ধ কৰি তোলে। কিন্তু এই প্ৰতিবেদনত আমি স্কুলীয়া দিনৰে পৰা পঢ়া-শুনাত অতি উজ্জ্বল আৰু অতি কম বয়সতে কৰ্পৰেট জগতত উচ্চ পদবী অৰ্জন কৰাত সফল হোৱা এজন ব্যক্তিৰ বিষয়ে ক'ম। কিন্তু ইয়াৰ পাছত তেওঁ চিইঅ’ৰ উচ্চ দৰমহা পোৱা চাকৰি এৰি নিজাকৈ কোম্পানী আৰম্ভ কৰাৰ সিদ্ধান্ত লয় আৰু সফলতা লাভ কৰে৷

কোটিপতি ব্যৱসায়ী বিনোদ ছাৰাফৰ কাহিনী আৰম্ভ হৈছে ৰাজস্থানৰ পৰা য’ত তেওঁৰ জন্ম হৈছিল এজন ব্যৱসায়ীৰ মধ্যবিত্ত পৰিয়ালত। সাতজন ভাই-ভনীৰ ভিতৰত বিনোদ ছাৰাফ আছিল ডাঙৰ আৰু বিনোদে সৰুতে উপলব্ধি কৰিছিল যে জীৱনত কৰিবলৈ ইচ্ছা কৰা ডাঙৰ কামত শিক্ষাই একমাত্ৰ উপায় আৰু সেইবাবে বিনোদ ছাৰাফে সদায় পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাইছিল। মাত্ৰ ১৭ বছৰ বয়সতে ষ্টেট টপাৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পাছত ১৯ বছৰ বয়সত বি আই টি এছ পিলানীৰ পৰা সোণৰ পদক লাভ কৰি এম বি এত  উত্তীৰ্ণ হয়৷

এম বি এ কৰাৰ পাছত বিনোদ ছাৰাফে কৰ্পৰেট জগতত প্ৰৱেশ কৰে যদিও হিন্দী ভাষাৰ পটভূমিৰ বাবে তেওঁ প্ৰথমে বৃহৎ বহুজাতিক কোম্পানীত চাকৰি পোৱাত ব্যৰ্থ হয়। বিনোদ ছাৰাফে প্ৰায় দহ বছৰ ধৰি বিভিন্ন বস্ত্ৰ কোম্পানীত কাম কৰাৰ আগতে বিৰলা গ্ৰুপৰ এটা কোম্পানীত চাকৰি লাভ কৰিছিল। উদ্যোগপতি আদিত্য বিৰলাৰ সৈতে কাম কৰি তেওঁ মাংগালুৰু ৰিফাইনেৰী এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক হয়। ইয়াৰ উপৰিও তেওঁ গ্ৰাছিম ইণ্ডাষ্ট্ৰীজ, মডাৰ্ণ চিণ্টেক্স আৰু ভিলৱাৰা গ্ৰুপৰ দৰে কোম্পানীত কাম কৰিছিল।

কৰ্পৰেট খণ্ডত কাম কৰি থকাৰ সময়তে বিনোদ ছাৰাফে মুখ্য কাৰ্যবাহী বিষয়া পদলৈ উন্নীত হয়। ১৯৯০ চনত ছাৰাফে চাকৰিৰ ওলাই আহি নিজাকৈ কোম্পানী স্থাপন কৰাৰ সিদ্ধান্ত লয়। কন্যাৰ নামত তেওঁ বিনাটি অৰ্গেনিকছ নামেৰে এটা কোম্পানী গঠন কৰিছিল। এই কোম্পানীয়ে বিষনাশক ঔষধ আইবুপ্ৰফেনত ব্যৱহৃত ৰাসায়নিক আই বি বি বা আইছ’প্ৰ’পাইল বেনজিন প্ৰস্তুত কৰে। তেওঁৰ কন্যা বিনটি ছাৰাফ এই কোম্পানীৰ এম ডি আৰু চি ই অ’। বিনোদ চাৰাফৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫,০০০ কোটি টকা (১.৮ বিলিয়ন মাৰ্কিন ডলাৰ), আনহাতে বিনটি অৰ্গেনিকছৰ বজাৰ মূল্য প্ৰায় ২০০১৪ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক