--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দুত্ব অবিহনে খোজ দিব ভৱিষ্যতৰ ভাৰতবৰ্ষই৷ হিন্দুত্বৰ ধাৰণাক সমূলি মচি দিব নতুন ভাৰতে৷ এই ভৱিষ্যদ্বাণী এগৰাকী দাৰ্শনিক তথা আইআইটিৰ অধ্যাপকৰ৷ 

আইআইটি দিল্লীৰ অধ্যাপক দিব্যা দ্বিবেদীয়ে এটা সাক্ষাৎকাৰত হিন্দুত্ব প্ৰসংগত কৰা এই মন্তব্যই এতিয়া দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ হিন্দুত্ববাদৰ বিস্তাৰ আৰু প্ৰসাৰৰ বাবে দেশত চলি আছে ৰাজনৈতিক কচৰৎ৷ 

তেনে সময়তে দিব্যা দ্বিবেদীৰ হিন্দুত্বৰ ধাৰণাক লৈ কৰা এই ভৱিষ্যদ্বাণী বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ 
ৰাষ্ট্ৰীয় ৰাজধানীত চলি থকা জি২০ সন্মিলনৰ মাজতে হিন্দু ধৰ্ম সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পাছত আইআইটি দিল্লীৰ অধ্যাপক দিব্যা দ্বিবেদীয়ে দখল কৰিছে সংবাদ শিৰোনাম৷

এটা ফৰাচী সংবাদ মাধ্যম প্ৰতিষ্ঠানে গ্ৰহণ কৰা এটা সাক্ষাৎকাৰত দ্বিবেদীয়ে কৈছিল যে ভৱিষ্যতৰ ভাৰত হিন্দু ধৰ্ম অবিহনে থাকিব৷ তেওঁ কয়, দুখন ভাৰত আছে। সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ ওপৰত অত্যাচাৰ কৰি জাতিগত ব্যৱস্থাৰ অতীতৰ ভাৰত আৰু ভৱিষ্যতৰ ভাৰতত থাকিব জাতিগত উৎপীড়ন আৰু হিন্দু ধৰ্ম অবিহনে সমতাবাদী ভাৰত।

দিব্যাই লগতে ভাৰতত জাতি ব্যৱস্থাৰ স্থায়ী প্ৰভাৱৰ বিষয়েও উল্লেখ কৰিছিল৷ তেওঁ কয়, ৩০০ বছৰ ধৰি জাতিগত ক্ৰমৰ দ্বাৰা ভাৰত গঢ় লৈ উঠে য'ত উচ্চ বৰ্ণৰ ১০ শতাংশ সংখ্যালঘু কিন্তু তেওঁলোকে আজিও অব্যাহত থকা লাভজনক আৰু শক্তিশালী পদৰ ৯০ শতাংশ দখল কৰিছে৷


দিব্যা দ্বিবেদী কোন?
দিব্যা দ্বিবেদী দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। তেওঁ এগৰাকী দাৰ্শনিক, মাৰ্ক্সবাদী আৰু এগৰাকী লেখিকা, যি হিন্দুভীতি, অণ্টোলজী, অধিবিজ্ঞান, সাহিত্য আৰু ৰাজনীতিৰ দৰ্শনৰ বিষয়ে লিখি আহিছে৷ 

দিব্যাই পূৰ্বেও হিন্দু ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল আৰু ইয়াক বিংশ শতিকাৰ পূৰ্বে আৱিষ্কাৰ কৰা মিছা ধৰ্ম বুলি বৰ্ণনা কৰিছিল। দিব্যা এলাহাবাদৰ বাসিন্দা আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীৰ কন্যা। দিব্যাই দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰীৰাম কলেজৰ পৰা কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল ডিগ্ৰী অৰ্জন কৰিছে আৰু আইআইটি দিল্লীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক