--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অলপদিনৰ আগতে গোৱাৰ এজন দৈনিক কৰ্মীয়ে সকলোকে আচৰিত কৰি নিজৰ প্ৰতিবন্ধী কন্যাৰ বাবে এটা ৰবট সাজি উলিয়ালে, যিয়ে তাইৰ যত্ন লয়। এইবাৰ কেৰালাৰ এজন ১৭ বছৰীয়া কিশোৰে নিজৰ প্ৰতিভাৰে এটা মহিলা ৰবট সাজি উলিয়ালে, যিয়ে সকলো কাম নিয়াৰীকৈ পালন কৰাৰ লগতে তেওঁক খাদ্য-পানীও পৰিৱেশন কৰে।

 ইয়াক বনোৱাৰ ধাৰণাটো কেনেকৈ আহিল?

দৰাচলতে কেৰালাৰ কান্নুৰ জিলাত বাস কৰা এই কিশোৰজনৰ নাম মহম্মদ শ্বিয়াদ আৰু তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ৰবটটো বনোৱাৰ ধাৰণাটো কিশোৰজনৰ মনলৈ আহিছিল, যেতিয়া তেওঁ কৰ’নাৰ সময়ছোৱাত মাকক সহায়ৰ কথা ভাবিছিল।

 প্ৰায় দহ হাজাৰ টকা-

ইয়াৰ পাছত তেওঁ কাম আৰম্ভ কৰিলে। ইফালে কিশোৰজনৰ এটা স্কুল প্ৰজেক্ট পাইছিল আৰু তেওঁ এই প্ৰজেক্টটোৰ অধীনত এই ৰবটটো বনাইছিল। প্লাষ্টিক, এলুমিনিয়ামৰ শ্বীট, মাইকী ডামি, চাৰ্ভিং প্লেট আদি ব্যৱহাৰ কৰি ৰবটটো তৈয়াৰ কৰা হৈছিল। তেওঁ নিজেই জনাইছে যে ৰবটটোত এটা আল্ট্ৰাছ’নিক চেন্সৰ স্থাপন কৰা হৈছে। এই চেন্সৰৰ জৰিয়তে ইয়াক চলোৱা আৰু নিয়ন্ত্ৰণ কৰা হয়। বনাবলৈ প্ৰায় দহ হাজাৰ টকা ব্যয় হৈছিল।

 ৰবটটোৰ নাম পাথুতি-

তেওঁ কয় যে ৰবটে মাকক সকলো কামতে সহায় কৰে। ইয়াৰ নাম পাথুতি ৰখা হৈছে আৰু ছোৱালীৰ সাজ-পোছাকেৰে ৰবটোক সজাই তোলা হৈছে। এই ৰবটে পাকঘৰৰ সকলো কাম কৰাৰ উপৰি পানীও আনে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ৰবটৰ বহু ছবি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement