--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অলপদিনৰ আগতে গোৱাৰ এজন দৈনিক কৰ্মীয়ে সকলোকে আচৰিত কৰি নিজৰ প্ৰতিবন্ধী কন্যাৰ বাবে এটা ৰবট সাজি উলিয়ালে, যিয়ে তাইৰ যত্ন লয়। এইবাৰ কেৰালাৰ এজন ১৭ বছৰীয়া কিশোৰে নিজৰ প্ৰতিভাৰে এটা মহিলা ৰবট সাজি উলিয়ালে, যিয়ে সকলো কাম নিয়াৰীকৈ পালন কৰাৰ লগতে তেওঁক খাদ্য-পানীও পৰিৱেশন কৰে।

 ইয়াক বনোৱাৰ ধাৰণাটো কেনেকৈ আহিল?

দৰাচলতে কেৰালাৰ কান্নুৰ জিলাত বাস কৰা এই কিশোৰজনৰ নাম মহম্মদ শ্বিয়াদ আৰু তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ৰবটটো বনোৱাৰ ধাৰণাটো কিশোৰজনৰ মনলৈ আহিছিল, যেতিয়া তেওঁ কৰ’নাৰ সময়ছোৱাত মাকক সহায়ৰ কথা ভাবিছিল।

 প্ৰায় দহ হাজাৰ টকা-

ইয়াৰ পাছত তেওঁ কাম আৰম্ভ কৰিলে। ইফালে কিশোৰজনৰ এটা স্কুল প্ৰজেক্ট পাইছিল আৰু তেওঁ এই প্ৰজেক্টটোৰ অধীনত এই ৰবটটো বনাইছিল। প্লাষ্টিক, এলুমিনিয়ামৰ শ্বীট, মাইকী ডামি, চাৰ্ভিং প্লেট আদি ব্যৱহাৰ কৰি ৰবটটো তৈয়াৰ কৰা হৈছিল। তেওঁ নিজেই জনাইছে যে ৰবটটোত এটা আল্ট্ৰাছ’নিক চেন্সৰ স্থাপন কৰা হৈছে। এই চেন্সৰৰ জৰিয়তে ইয়াক চলোৱা আৰু নিয়ন্ত্ৰণ কৰা হয়। বনাবলৈ প্ৰায় দহ হাজাৰ টকা ব্যয় হৈছিল।

 ৰবটটোৰ নাম পাথুতি-

তেওঁ কয় যে ৰবটে মাকক সকলো কামতে সহায় কৰে। ইয়াৰ নাম পাথুতি ৰখা হৈছে আৰু ছোৱালীৰ সাজ-পোছাকেৰে ৰবটোক সজাই তোলা হৈছে। এই ৰবটে পাকঘৰৰ সকলো কাম কৰাৰ উপৰি পানীও আনে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ৰবটৰ বহু ছবি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু