--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজস্থানত ২৫০ জন দলিত লোকে বুদ্ধধৰ্মত দীক্ষিত হৈছে। উচ্চবৰ্ণৰ অত্যাচাৰৰ বলি হৈয়ে দলিত লোককেইজনে হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে বুলি জানিব পৰা গৈছে।

বাতৰি অনুযায়ী, এই ধৰ্মান্তৰকৰণ ৰাজস্থানৰ বাৰান জিলাৰ ভুলন গাঁৱত সংঘটিত হৈছে। শুক্ৰবাৰে গাওঁখনৰ দলিত লোকসকলে কাষৰে বেটলী নদীত হিন্দু দেৱ দেৱীৰ প্ৰতিমা আৰু ফটোসমূহ উটুৱাই দিয়ে।

ইয়াৰ পূৰ্বে গাওঁখনত আক্ৰোশ ৰেলী নামেৰে এটা প্ৰতিবাদী সমদলো দেখা পোৱা যায়। সমগ্ৰ ঘটনাটোৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ৰাজ্য চৰকাৰৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰি ধৰ্মান্তিৰত দলিতসকলে অভিযোগ কৰে যে দলিত সম্প্ৰদায়ৰ দুজনকৈ যুৱকক ৫ অক্টোবৰত দূৰ্গা আৰতি কৰি থাকোতে উচ্চবৰ্ণৰ লোকসকলে অত্যাচাৰ কৰিছিল।

যুৱক দুজনৰ নাম ক্ৰমে ৰাজেন্দ্ৰ আৰু ৰামহেট আইৰৱাল বুলি জানিব পৰা গৈছে। আনহাতে তেওঁলোকক অত্যাচাৰ কৰা উচ্চবৰ্ণৰ লোক দুজনৰ নাম ক্ৰমে ৰাহুল শৰ্মা আৰু লালচান্দ লোধা।

তাৰপাছতে গাওঁবাসীয়ে জিলা প্ৰশাসনৰ কাষ চাপে কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা নল’লে। তাৰ ফলস্বৰূপেই তেওঁলোকে হিন্দু ধৰ্ম এৰি বৌদ্ধ ধৰ্ম লৈছে বুলি প্ৰকাশ কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক