--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজস্থানত ২৫০ জন দলিত লোকে বুদ্ধধৰ্মত দীক্ষিত হৈছে। উচ্চবৰ্ণৰ অত্যাচাৰৰ বলি হৈয়ে দলিত লোককেইজনে হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে বুলি জানিব পৰা গৈছে।

বাতৰি অনুযায়ী, এই ধৰ্মান্তৰকৰণ ৰাজস্থানৰ বাৰান জিলাৰ ভুলন গাঁৱত সংঘটিত হৈছে। শুক্ৰবাৰে গাওঁখনৰ দলিত লোকসকলে কাষৰে বেটলী নদীত হিন্দু দেৱ দেৱীৰ প্ৰতিমা আৰু ফটোসমূহ উটুৱাই দিয়ে।

ইয়াৰ পূৰ্বে গাওঁখনত আক্ৰোশ ৰেলী নামেৰে এটা প্ৰতিবাদী সমদলো দেখা পোৱা যায়। সমগ্ৰ ঘটনাটোৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ৰাজ্য চৰকাৰৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰি ধৰ্মান্তিৰত দলিতসকলে অভিযোগ কৰে যে দলিত সম্প্ৰদায়ৰ দুজনকৈ যুৱকক ৫ অক্টোবৰত দূৰ্গা আৰতি কৰি থাকোতে উচ্চবৰ্ণৰ লোকসকলে অত্যাচাৰ কৰিছিল।

যুৱক দুজনৰ নাম ক্ৰমে ৰাজেন্দ্ৰ আৰু ৰামহেট আইৰৱাল বুলি জানিব পৰা গৈছে। আনহাতে তেওঁলোকক অত্যাচাৰ কৰা উচ্চবৰ্ণৰ লোক দুজনৰ নাম ক্ৰমে ৰাহুল শৰ্মা আৰু লালচান্দ লোধা।

তাৰপাছতে গাওঁবাসীয়ে জিলা প্ৰশাসনৰ কাষ চাপে কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা নল’লে। তাৰ ফলস্বৰূপেই তেওঁলোকে হিন্দু ধৰ্ম এৰি বৌদ্ধ ধৰ্ম লৈছে বুলি প্ৰকাশ কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু