--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লীকে ধৰি দেশৰ বহুকেইখন ৰাজ্যত দিৱালীৰ ফটকা নিষিদ্ধ কৰাক লৈ সৰৱ হৈ পৰিছে আৰএছএছৰ এটা সতীৰ্থ সংগঠন স্বদেশী জাগৰণ মঞ্চ। সংগঠনটোৱে ফটকা নিষিদ্ধকৰণক অবৈজ্ঞানিক আখ্যা দিয়াৰ লগতে হিন্দুৰ আৱেগ-অনুভূতিক আঘাট হনা হৈছে বুলি অভিহিত কৰে।

 

সংগঠনটোৱে কয় যে পূৰ্বে চীনদেশত তৈয়াৰী ফটকাই প্ৰদূষণ সৃষ্টি কৰিছিল, ভাৰতত তৈয়াৰী ফটকাই প্ৰদূষণ সৃষ্টি নকৰে। ফটকা নিষিদ্ধকৰণৰ জৰিয়তে কোটি কোটি ফটকা নিৰ্মাণকাৰী আৰু ইয়াৰ স’তে জড়িত ব্যৱসায়ীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নমাই অনা বুলি কয়।

 

সংগঠনটোৰ নেতা অশ্বনী মহাজনে ফটকাই প্ৰদূষণ সৃষ্টি কৰাটোক ‘ভুৱা প্ৰপাগাণ্ডা’ বুলিও আখ্যা দিয়ে।

 

“আমি এই কথা জনাটো প্ৰয়োজন যে চীনৰ পৰা চোৰাংকৈ অনা ফটকাইহে প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। ভাৰতৰ সেউজীয়া ফটকাই প্ৰদূষণ সৃষ্টি নকৰে।”- মহাজনে কয়- “এইটো উল্লেখ কৰিব লাগিব যে চীনৰ ফটকাসমূহত পটাচিয়াম নাইট্ৰেট আৰু চালফাৰ মিহলোৱা থাকে, যাৰ ফলত প্ৰদূষণ হয়। কিন্তু ভাৰতৰ সেউজীয়া ফটকাত এইসমূহ মিহলোৱা নহয়।”

 

“সেউজ ফটকাসমূহ কাউন্সিল অব চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ, দ্যা নেচনেল এনভাইৰণমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিউটৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। বৈজ্ঞানীকভাৱে এইটো প্ৰমাণিত যে সেউজ ফটকাই ৩০ শতাংশ কমকৈ প্ৰদূষণৰ সৃষ্টি কৰে।”- মহাজনে কয়।

 

নিজৰ বক্তব্যত উচ্চতম ন্যায়ালয়ৰ প্ৰসংগো উত্থাপন কৰে মহাজনে। কয় যে দিৱালীৰ পৰম্পৰা আৰু ফটকা উৎপাদনত লাখ লাখ লোক জড়িত হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে দিৱালীৰ সময়ত ফটকা ফুটোৱাত অনুমতি প্ৰদান কৰিছে।

 

“আমি পাহৰা উচিত নহ’ব যে তামিল নাডু, পশ্চিম বংগকে ধৰি দেশৰ বহুকেইটা অঞ্চলত ফটকা উদ্যোৰ জৰিয়তে লাখ লাখ লোকে পৰিয়াল পোহপাল কৰি আহিছে।”- মহাজনে কয়- “গোটেই বছৰটো এই লোকসকলে ফটকা বিক্ৰী কৰিবলৈ দিৱালীলৈ ৰৈ থাকে। সেয়ে ফটকা নিষিদ্ধ কৰাটো উচিত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ