--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লীকে ধৰি দেশৰ বহুকেইখন ৰাজ্যত দিৱালীৰ ফটকা নিষিদ্ধ কৰাক লৈ সৰৱ হৈ পৰিছে আৰএছএছৰ এটা সতীৰ্থ সংগঠন স্বদেশী জাগৰণ মঞ্চ। সংগঠনটোৱে ফটকা নিষিদ্ধকৰণক অবৈজ্ঞানিক আখ্যা দিয়াৰ লগতে হিন্দুৰ আৱেগ-অনুভূতিক আঘাট হনা হৈছে বুলি অভিহিত কৰে।

 

সংগঠনটোৱে কয় যে পূৰ্বে চীনদেশত তৈয়াৰী ফটকাই প্ৰদূষণ সৃষ্টি কৰিছিল, ভাৰতত তৈয়াৰী ফটকাই প্ৰদূষণ সৃষ্টি নকৰে। ফটকা নিষিদ্ধকৰণৰ জৰিয়তে কোটি কোটি ফটকা নিৰ্মাণকাৰী আৰু ইয়াৰ স’তে জড়িত ব্যৱসায়ীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নমাই অনা বুলি কয়।

 

সংগঠনটোৰ নেতা অশ্বনী মহাজনে ফটকাই প্ৰদূষণ সৃষ্টি কৰাটোক ‘ভুৱা প্ৰপাগাণ্ডা’ বুলিও আখ্যা দিয়ে।

 

“আমি এই কথা জনাটো প্ৰয়োজন যে চীনৰ পৰা চোৰাংকৈ অনা ফটকাইহে প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। ভাৰতৰ সেউজীয়া ফটকাই প্ৰদূষণ সৃষ্টি নকৰে।”- মহাজনে কয়- “এইটো উল্লেখ কৰিব লাগিব যে চীনৰ ফটকাসমূহত পটাচিয়াম নাইট্ৰেট আৰু চালফাৰ মিহলোৱা থাকে, যাৰ ফলত প্ৰদূষণ হয়। কিন্তু ভাৰতৰ সেউজীয়া ফটকাত এইসমূহ মিহলোৱা নহয়।”

 

“সেউজ ফটকাসমূহ কাউন্সিল অব চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ, দ্যা নেচনেল এনভাইৰণমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিউটৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। বৈজ্ঞানীকভাৱে এইটো প্ৰমাণিত যে সেউজ ফটকাই ৩০ শতাংশ কমকৈ প্ৰদূষণৰ সৃষ্টি কৰে।”- মহাজনে কয়।

 

নিজৰ বক্তব্যত উচ্চতম ন্যায়ালয়ৰ প্ৰসংগো উত্থাপন কৰে মহাজনে। কয় যে দিৱালীৰ পৰম্পৰা আৰু ফটকা উৎপাদনত লাখ লাখ লোক জড়িত হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে দিৱালীৰ সময়ত ফটকা ফুটোৱাত অনুমতি প্ৰদান কৰিছে।

 

“আমি পাহৰা উচিত নহ’ব যে তামিল নাডু, পশ্চিম বংগকে ধৰি দেশৰ বহুকেইটা অঞ্চলত ফটকা উদ্যোৰ জৰিয়তে লাখ লাখ লোকে পৰিয়াল পোহপাল কৰি আহিছে।”- মহাজনে কয়- “গোটেই বছৰটো এই লোকসকলে ফটকা বিক্ৰী কৰিবলৈ দিৱালীলৈ ৰৈ থাকে। সেয়ে ফটকা নিষিদ্ধ কৰাটো উচিত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু