--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ মৃত্যু। ছাত্ৰীগৰাকীৰ পৰিয়ালে চিকিৎসালয়ত দান কৰিলে কিডনী আৰু লিভাৰ। ৩ গৰাকী ৰোগীয়ে লাভ কৰিলে নতুন জীৱন। হাস্পতাল কৰ্তৃপক্ষই তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰা নাই কিয়নো পৰিয়ালে পৰিচয় গোপনে ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

৬ ফেব্ৰুৱাৰীত ছোৱালীজনীয়ে দুৰ্ঘটনা পতিত হৈছিল। চিকিৎসকে সকলো প্ৰচেষ্টা কৰাৰ পাছতো ছোৱালীজনীৰ প্ৰাণৰক্ষা কৰিব পৰা নগ'ল। নাগপুৰৰ নিউ ইৰা হাস্পতালত তেওঁ মৃত্যুক আঁকোৱালি লয়।

অৱশ্যে পলম হোৱাৰ বাবে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ দানৰ সম্ভাৱনা নোহোৱা হয় আৰু মৃত কিশোৰীগৰাকীৰ কিডনী আৰু লিভাৰ তিনিগৰাকী ৰোগীৰ দেহত সংৰোপণ কৰা হয়।

নিউ ইৰা হাস্পতালত ৩৮ বছৰীয়া এগৰাকী মহিলাৰ লিভাৰ সংৰোপণ কৰা হয়, একেখন চিকিৎসালয়তে ৩০ বছৰীয়া এজন যুৱকৰ এটা কিডনী সংৰোপণ কৰা হয়, আনহাতে আনটো কিডনী ২৭ বছৰীয়া এজন যুৱকৰ শৰীৰত সংৰোপণ কৰা হয়। 

উল্লেখ্য যে মৃত ছোৱালীজনীৰ ভগ্নীয়ে পিতৃ-মাতৃক পতিয়ন নিয়ায় যে আমাৰ ছোৱালীজনীক আমি অংগদানেৰে জীয়াই ৰাখিম। প্ৰথম অৱস্থাত পৰিয়ালটোৱে একো সিদ্ধান্ত ল'ব পৰা নাছিল যদিও পাছত ভগ্নীৰ কথাবোৰ বিবেচনা কৰি চায় আৰু অংগদান কৰাৰ সিদ্ধান্ত লয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল