--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ মৃত্যু। ছাত্ৰীগৰাকীৰ পৰিয়ালে চিকিৎসালয়ত দান কৰিলে কিডনী আৰু লিভাৰ। ৩ গৰাকী ৰোগীয়ে লাভ কৰিলে নতুন জীৱন। হাস্পতাল কৰ্তৃপক্ষই তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰা নাই কিয়নো পৰিয়ালে পৰিচয় গোপনে ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

৬ ফেব্ৰুৱাৰীত ছোৱালীজনীয়ে দুৰ্ঘটনা পতিত হৈছিল। চিকিৎসকে সকলো প্ৰচেষ্টা কৰাৰ পাছতো ছোৱালীজনীৰ প্ৰাণৰক্ষা কৰিব পৰা নগ'ল। নাগপুৰৰ নিউ ইৰা হাস্পতালত তেওঁ মৃত্যুক আঁকোৱালি লয়।

অৱশ্যে পলম হোৱাৰ বাবে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ দানৰ সম্ভাৱনা নোহোৱা হয় আৰু মৃত কিশোৰীগৰাকীৰ কিডনী আৰু লিভাৰ তিনিগৰাকী ৰোগীৰ দেহত সংৰোপণ কৰা হয়।

নিউ ইৰা হাস্পতালত ৩৮ বছৰীয়া এগৰাকী মহিলাৰ লিভাৰ সংৰোপণ কৰা হয়, একেখন চিকিৎসালয়তে ৩০ বছৰীয়া এজন যুৱকৰ এটা কিডনী সংৰোপণ কৰা হয়, আনহাতে আনটো কিডনী ২৭ বছৰীয়া এজন যুৱকৰ শৰীৰত সংৰোপণ কৰা হয়। 

উল্লেখ্য যে মৃত ছোৱালীজনীৰ ভগ্নীয়ে পিতৃ-মাতৃক পতিয়ন নিয়ায় যে আমাৰ ছোৱালীজনীক আমি অংগদানেৰে জীয়াই ৰাখিম। প্ৰথম অৱস্থাত পৰিয়ালটোৱে একো সিদ্ধান্ত ল'ব পৰা নাছিল যদিও পাছত ভগ্নীৰ কথাবোৰ বিবেচনা কৰি চায় আৰু অংগদান কৰাৰ সিদ্ধান্ত লয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ