--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টিৰ (এছপি) প্ৰবীণ নেতা আজম খান আৰু তেওঁৰ পুত্ৰ আব্দুল্লা আজম খানক  উত্তৰ প্ৰদেশৰ এখন আদালতে ১৫ বছৰ পুৰণি গোচৰত দুবছৰৰ কাৰাদণ্ড বিহিছে। মোৰাদাবাদৰ আদালতৰ ন্যায়াধীশ স্মিতা গোস্বামীয়ে সমাজবাদী পাৰ্টীৰ পিতা-পুত্ৰক কাৰাবাসৰ নিৰ্দেশ দিয়ে৷ 

আদালতে  লগতে তেওঁলোকক ৩,০০০ টকাৰ জৰিমনাও আৰোপ কৰে। উত্তৰ প্ৰদেশৰ চুয়াৰ সমষ্টিৰ বিধায়ক আজম খান, আব্দুল্লা আজম আৰু আন সাতজনৰ বিৰুদ্ধে ২০০৮ চনত মোৰাদাবাদৰ ছজলাইট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। ২০০৮ চনৰ ২৯ জানুৱাৰীত ৰাজ্যিক ঘাইপথত প্ৰতিবাদ কৰাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷  ২০০৭ চনৰ ৩১ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ ৰামপুৰতঅৰ্ধ সামৰিক  বাহিনীৰ (চিআৰপিএফ) শিবিৰত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত তালাচী চলোৱাৰ বাবে আৰক্ষীয়ে আজম খান আৰু তেওঁৰ পুত্ৰৰ কনভয় ৰখাই  দিছিল। 

কিন্তু আজম খান আৰু তেওঁৰ পুত্ৰই আৰক্ষীক সহযোগিতা কৰাৰ সলনি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিল৷ ইয়াৰ পিছতে ধাৰা ৩৫৩ (চৰকাৰী কৰ্মচাৰীক তেওঁৰ কৰ্তব্য পালনত বাধা দিয়া ) আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) অন্যান্য ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ সেই গোচৰৰ ভিত্তিতে আজম খান আৰু তেওঁৰ পুত্ৰক  দুবছৰৰ কাৰাবাস বহাৰ লগতে  আন সাতজন অভিযুক্তক দোষমুক্ত  ঘোষণা কৰা হয়। অৱশ্যে আদালতে খান আৰু আজম দুয়োকে জামিন প্ৰদান কৰিছে৷ 

ইপিনে এই ৰায়ৰ পিছতে আজম খানে কয় " মই ৰাজ্যখনত হয়তো ন্যায় নাপাম।  মোক অত্যাচাৰ কৰা হৈছে... এয়া  বিচাৰ নহয়... । ৰাজ্যখনৰ সকলো ঠাইতেই এতিয়া  পৰিস্থিতি একেই ," ৷  ইপিনে আজম খানৰ পুত্ৰ আব্দুল্লা আজমৰ দুখন জন্মৰ প্ৰমাণপত্ৰৰ থকা বুলিও অভিযোগ উঠি আহিছে৷  অভিযোগ অনুসৰি তেওঁ ২০১৭ চনৰ নিৰ্বাচনত মনোনয়ন পত্ৰসৈতে  ভুল জন্মৰ তাৰিখ দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement