--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টিৰ (এছপি) প্ৰবীণ নেতা আজম খান আৰু তেওঁৰ পুত্ৰ আব্দুল্লা আজম খানক  উত্তৰ প্ৰদেশৰ এখন আদালতে ১৫ বছৰ পুৰণি গোচৰত দুবছৰৰ কাৰাদণ্ড বিহিছে। মোৰাদাবাদৰ আদালতৰ ন্যায়াধীশ স্মিতা গোস্বামীয়ে সমাজবাদী পাৰ্টীৰ পিতা-পুত্ৰক কাৰাবাসৰ নিৰ্দেশ দিয়ে৷ 

আদালতে  লগতে তেওঁলোকক ৩,০০০ টকাৰ জৰিমনাও আৰোপ কৰে। উত্তৰ প্ৰদেশৰ চুয়াৰ সমষ্টিৰ বিধায়ক আজম খান, আব্দুল্লা আজম আৰু আন সাতজনৰ বিৰুদ্ধে ২০০৮ চনত মোৰাদাবাদৰ ছজলাইট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। ২০০৮ চনৰ ২৯ জানুৱাৰীত ৰাজ্যিক ঘাইপথত প্ৰতিবাদ কৰাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷  ২০০৭ চনৰ ৩১ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ ৰামপুৰতঅৰ্ধ সামৰিক  বাহিনীৰ (চিআৰপিএফ) শিবিৰত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত তালাচী চলোৱাৰ বাবে আৰক্ষীয়ে আজম খান আৰু তেওঁৰ পুত্ৰৰ কনভয় ৰখাই  দিছিল। 

কিন্তু আজম খান আৰু তেওঁৰ পুত্ৰই আৰক্ষীক সহযোগিতা কৰাৰ সলনি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিল৷ ইয়াৰ পিছতে ধাৰা ৩৫৩ (চৰকাৰী কৰ্মচাৰীক তেওঁৰ কৰ্তব্য পালনত বাধা দিয়া ) আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) অন্যান্য ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ সেই গোচৰৰ ভিত্তিতে আজম খান আৰু তেওঁৰ পুত্ৰক  দুবছৰৰ কাৰাবাস বহাৰ লগতে  আন সাতজন অভিযুক্তক দোষমুক্ত  ঘোষণা কৰা হয়। অৱশ্যে আদালতে খান আৰু আজম দুয়োকে জামিন প্ৰদান কৰিছে৷ 

ইপিনে এই ৰায়ৰ পিছতে আজম খানে কয় " মই ৰাজ্যখনত হয়তো ন্যায় নাপাম।  মোক অত্যাচাৰ কৰা হৈছে... এয়া  বিচাৰ নহয়... । ৰাজ্যখনৰ সকলো ঠাইতেই এতিয়া  পৰিস্থিতি একেই ," ৷  ইপিনে আজম খানৰ পুত্ৰ আব্দুল্লা আজমৰ দুখন জন্মৰ প্ৰমাণপত্ৰৰ থকা বুলিও অভিযোগ উঠি আহিছে৷  অভিযোগ অনুসৰি তেওঁ ২০১৭ চনৰ নিৰ্বাচনত মনোনয়ন পত্ৰসৈতে  ভুল জন্মৰ তাৰিখ দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু