--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হিন্দনবাৰ্গৰ প্ৰতিবেদন আৰু আদানি বিতৰ্কক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে   ৰাজনৈতিক আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ৱায়ানাডত এখন ৰাজহুৱা সভাত কৈছিল  যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে , তাৰ পৰিৱৰ্তে তেওঁৰ উপাধিৰ বিষয়েহে  মন্তব্য কৰিবলৈ  আৰম্ভ কৰিছে। 

ৱায়ানাডত সাংসদ ৰাহুল গান্ধীয়ে কয় যে মোদীয়ে নিজকে আটাইতকৈ শক্তিশালী ব্যক্তি  বুলি ভাবে, যাক সকলোৱে ভয় কৰিব লাগে। "মই নাজানো যে নৰেন্দ্ৰ মোদী শেষ ব্যক্তি হ'ব নে নহয় যাক মই ভয় কৰিম। "তেওঁ প্ৰধানমন্ত্ৰীয়েই হওঁক বা তেওঁৰ সগত সকলো চৰকাৰী সংস্থা ... সেই কথাই  কোনো প্ৰভাৱ নেপেলায় ৷কিয়নো সত্য তেওঁৰ সৈতে নাই।" ৰাহুলে লগতে কয় যে এদিন মোদীয়ে সত্যৰ সন্মুখীন হ'ব লাগিব।

উল্লেখ্য কোটিপতি ব্যৱসায়ী গৌতম আদানি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত মিত্ৰতাৰ অভিযোগ লোকসভাৰ কাৰ্যক্ৰমৰ পৰা বাদ দিয়া হৈছিল। ৰাহুলে কয় "মই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ মোৰ মন্তব্যৰ সমৰ্থনত প্ৰমাণসহ এখন পত্ৰ লিখিছো।" ইপিনে লোকসভা সচিবালয়ে ৰাহুল গান্ধীক বিজেপিৰ সাংসদসকলে দিয়া জাননীৰ বিষয়ত  ১৫ জানুৱাৰীৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কৈছে।

লোকসভাত তেওঁৰ ভাষণৰ বিষয়ে উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে আদানীয়ে কেনেদৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বিদেশ ভ্ৰমণ কৰিছিল আৰু তাৰ পিছত হঠাতে তেওঁ সেই দেশবোৰত চুক্তি লাভ কৰিবলৈ আৰম্ভ কৰিছিল, মই এই বিষয়টো সকলোৰে সন্মুখলৈ আনিছিলো।  মই নিয়মবোৰ কেনেদৰে সলনি কৰা হৈছিল তাৰ বিষয়ে কথা পাতিছিলো ।ৰাহুলে কয় যে  আদানিৰ বাবেই নিয়মবোৰ সলনি কৰা হৈছিল। নীতি আয়োগ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে কৈছিল যে আদানিক বহু  অনুমতি দিয়া উচিত নহয়, কিন্তু তেওঁক তেনে অনুমতি বোৰ দিয়া হৈছিল।

ৰাহুলে লগতে কয় "উপাধি সন্দৰ্ভত মোডীৰ মন্তব্যই মোক পোনপটীয়াকৈ অপমান কৰিছে  দেশৰ প্ৰধানমন্ত্ৰীয়ে মোক পোনপটীয়াকৈ অপমান কৰিছে, কিন্তু তেওঁৰ কথাবোৰ ৰেকৰ্ডৰ বাহিৰত নাছিল। এইটো গুৰুত্বপূৰ্ণ নহয়, কিয়নো সত্য সদায় এদিন পোহৰলৈ আহিবই’’৷  









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ