--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি ৰাজ্যত নিৰ্বাচনী বিপৰ্যৰ পিছতে ৬ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক মতুন দিল্লীত আহ্বান কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই । কিন্তু নানান কাৰণত সেই বৈঠক স্থগিত ৰাীখিবলগীয়া হৈছিল। অৱশেষত ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদ যাদৱে  নিশ্চিত কৰে যে ইণ্ডিয়া  মিত্ৰজোঁটৰ  পৰৱৰ্তী বৈঠক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ৬ ডিচেম্বৰত নতুন দিল্লীত বৈঠকখন অনুষ্ঠিত কৰিবলৈ পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল৷ 

অনুষ্ঠিত হ'বলগীয়া বৈঠকখনৰ বিষয়ে বিহাৰৰ বক্সাৰ জিলাত সাংবাদিকে লালুক প্ৰশ্ন কৰিছিল। তেতিয়াই লাসু প্ৰসাদে ১৭ ডিচেম্বৰৰ দিনটো ঘোষণা কৰে।  লালু  প্ৰসাদে কয়, "বৈঠকখন এতিয়া ১৭ ডিচেম্বৰত  অনুষ্ঠিত হ’ব।" ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ  লালুৱে কয় যে কংগ্ৰেছ দল দুৰ্বল নহয়, কিন্তু কিছুমান স্থানীয় নেতাৰ দুৰ্বলতাৰ বাবে তিনিখন ৰাজ্যত নিৰ্বাচনী যুঁজত পৰাজিত হৈছে। লালুৱে কয় "মই নাভাবো যে দলটো দুৰ্বল হৈ পৰিছে। কিন্তু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত ইয়াৰ নেতৃত্বৰ বিষয়ত  চিন্তা কৰাৰ প্ৰয়োজন হ'ব পাৰে," ।

উল্লেখ্য  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আসন ভাগ-বতৰা চূড়ান্ত কৰিবলৈ ৬ ডিটেম্বৰত  নতুন দিল্লীত বিৰোধী নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছিল। অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে  স্বাস্থ্য জনিত কাৰণত  বৈঠকত উপস্থিত থাকিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল। নীতিশৰ উপৰিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও  ৬ ডিচেম্বৰৰ বৈঠকত উপস্থিত নাথাকে বুলি কৈছিল।

মমতা বেনাৰ্জীৰ লগতে নীতিশ কুমাৰ আৰু অখিলেশ যাদৱে বুধবাৰে দিল্লীত কংগ্ৰেছে আহ্বান কৰা বিৰোধীৰ ইণ্ডিয়া  মিত্ৰজোঁটৰ বৈঠকত উপস্থিত নাথাকে বুলি জনাৰ পিছতে বৈঠক স্থগিত ৰখা হৈছিল।

উল্লেখ্য তেলেংগানাক বাদ দি তিনিখন ৰাজ্যত দলৰ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৬ ডিচেম্বৰত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছিল। 

 ৬ ডিচেম্বৰৰ বৈঠক সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কৈছিল, "মোৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই। মোক আনকি ফোনতো একো কোৱা হোৱা নাই। তাৰোপৰি, মই উত্তৰ বংগলৈ গৈ আছো। মই ৬ তাৰিখৰ সন্ধিয়া উভতি  আহিব পাৰো। মই তাত কেইদিনমান থাকিম।  যদি মই জানিলোহেঁতেন, মই কাৰ্যসূচী  বেলেগ ধৰণে হাতত ল’লোহেঁতেন । মই এই মুহূৰ্তত কেনেকৈ কাৰ্যসূচী  সলনি কৰিব পাৰোঁ?" জেডি(ইউ)ৰ নীতিশ কুমাৰ আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱেও বৈঠকখন এৰাই চলে।ইয়াৰ  পিছতে বৈঠকখন স্থগিত ৰখা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement