--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি ৰাজ্যত নিৰ্বাচনী বিপৰ্যৰ পিছতে ৬ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক মতুন দিল্লীত আহ্বান কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই । কিন্তু নানান কাৰণত সেই বৈঠক স্থগিত ৰাীখিবলগীয়া হৈছিল। অৱশেষত ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদ যাদৱে  নিশ্চিত কৰে যে ইণ্ডিয়া  মিত্ৰজোঁটৰ  পৰৱৰ্তী বৈঠক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ৬ ডিচেম্বৰত নতুন দিল্লীত বৈঠকখন অনুষ্ঠিত কৰিবলৈ পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল৷ 

অনুষ্ঠিত হ'বলগীয়া বৈঠকখনৰ বিষয়ে বিহাৰৰ বক্সাৰ জিলাত সাংবাদিকে লালুক প্ৰশ্ন কৰিছিল। তেতিয়াই লাসু প্ৰসাদে ১৭ ডিচেম্বৰৰ দিনটো ঘোষণা কৰে।  লালু  প্ৰসাদে কয়, "বৈঠকখন এতিয়া ১৭ ডিচেম্বৰত  অনুষ্ঠিত হ’ব।" ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ  লালুৱে কয় যে কংগ্ৰেছ দল দুৰ্বল নহয়, কিন্তু কিছুমান স্থানীয় নেতাৰ দুৰ্বলতাৰ বাবে তিনিখন ৰাজ্যত নিৰ্বাচনী যুঁজত পৰাজিত হৈছে। লালুৱে কয় "মই নাভাবো যে দলটো দুৰ্বল হৈ পৰিছে। কিন্তু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত ইয়াৰ নেতৃত্বৰ বিষয়ত  চিন্তা কৰাৰ প্ৰয়োজন হ'ব পাৰে," ।

উল্লেখ্য  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আসন ভাগ-বতৰা চূড়ান্ত কৰিবলৈ ৬ ডিটেম্বৰত  নতুন দিল্লীত বিৰোধী নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছিল। অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে  স্বাস্থ্য জনিত কাৰণত  বৈঠকত উপস্থিত থাকিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল। নীতিশৰ উপৰিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও  ৬ ডিচেম্বৰৰ বৈঠকত উপস্থিত নাথাকে বুলি কৈছিল।

মমতা বেনাৰ্জীৰ লগতে নীতিশ কুমাৰ আৰু অখিলেশ যাদৱে বুধবাৰে দিল্লীত কংগ্ৰেছে আহ্বান কৰা বিৰোধীৰ ইণ্ডিয়া  মিত্ৰজোঁটৰ বৈঠকত উপস্থিত নাথাকে বুলি জনাৰ পিছতে বৈঠক স্থগিত ৰখা হৈছিল।

উল্লেখ্য তেলেংগানাক বাদ দি তিনিখন ৰাজ্যত দলৰ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৬ ডিচেম্বৰত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছিল। 

 ৬ ডিচেম্বৰৰ বৈঠক সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কৈছিল, "মোৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই। মোক আনকি ফোনতো একো কোৱা হোৱা নাই। তাৰোপৰি, মই উত্তৰ বংগলৈ গৈ আছো। মই ৬ তাৰিখৰ সন্ধিয়া উভতি  আহিব পাৰো। মই তাত কেইদিনমান থাকিম।  যদি মই জানিলোহেঁতেন, মই কাৰ্যসূচী  বেলেগ ধৰণে হাতত ল’লোহেঁতেন । মই এই মুহূৰ্তত কেনেকৈ কাৰ্যসূচী  সলনি কৰিব পাৰোঁ?" জেডি(ইউ)ৰ নীতিশ কুমাৰ আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱেও বৈঠকখন এৰাই চলে।ইয়াৰ  পিছতে বৈঠকখন স্থগিত ৰখা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক