--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ বেংকসমূহ হয়তো সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব। আপাততঃ তেনে ইংগিতেই পোৱা গৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সংসদক এই বুলি অৱগত কৰিছে  যে এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। এই প্ৰস্তাৱত ভাৰতৰ সকলো বেংক প্ৰতি শনিবাৰে বন্ধ ঘোষণা কৰিবলৈ দাবী জনোৱা হৈছে, যাৰ অৰ্থ হৈছে যে বেংকবোৰত প্ৰতি সপ্তাহত পাঁচ দিনৰ বাবে কাম কৰা হ’ব। বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে সংসদত কয়  যে এই প্ৰস্তাৱটো  ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে (আইবিএ)ৰ দ্বাৰা উপস্থাপন কৰা হৈছে। 

বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে  প্ৰতি শনিবাৰে বেংক ব্ধ ৰখা প্ৰস্তাৱ আইবিএই দিছে বুলি কয় যদিও  তেওঁ এই দাবী চৰকাৰে মানি লোৱাৰ বিষয়ত কেনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ত একো কথা  উল্লেখ নকৰিলে। যদি এই প্ৰস্তাৱটো গ্ৰহণ কৰা হয়, তেন্তে কৰ্মচাৰীসকলে সপ্তাহত পাঁচদিন কাম কৰিব লাগিব।  কিন্তু কাম কৰাৰ ঘণ্টাৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। বৰ্তমান বেঙ্কবোৰ মাহৰ দুসপ্তাহৰ বাবে শনিবাৰে খোলা থাকে।

উললেখ্য  ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে  চৰকাৰী আৰু কিছুমান পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি আৰু ছুটীৰ দিন বৃদ্ধিৰ বাবে কেইবাটাও প্ৰস্তাৱ উত্থাপন কৰিছে। যদি এই প্ৰস্তাৱ  গ্ৰহণ কৰা হয়, বেঙ্ক কৰ্মচাৰীসকলে বিভিন্ন ধৰণে লাভাৱান্বিত হ'ব।

প্ৰতিবেদন অনুসৰি ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে ৰাজ্যিক মালিকানাধীন আৰু পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা ১৫ শতাংশ বৃদ্ধিৰো প্ৰস্তাৱ দিছে। ইফালে, বিভিন্ন বেংকৰ ইউনিয়নে দাবী জনাইছে যে দৰমহা আৰু অধিক বৃদ্ধি কৰিব লাগে। ইউনিয়নবোৰে দাবী কৰে যে শেহতীয়া বছৰবোৰত বেংকবোৰে ভাল প্ৰদৰ্শন কৰিছে, বিশাল  পৰিমাণৰ লাভো হৈছে।  কৰ্মচাৰীসকলৰ প্ৰচেষ্টাই এইটো সম্ভৱ হৈছে। 

১৫ শতাংশতকৈ অধিক দৰমহা বৃদ্ধিৰ  সপক্ষে বেংক কৰ্মচাৰী সংগঠনবোৰে যুক্তি দিছে  যে কোভিডৰ সময়ত যেতিয়া সমগ্ৰ দেশৰ বহু লোক  ঘৰত সুৰক্ষিত হৈ আছিল, বেংক কৰ্ংচাৰীসকলে  কাৰ্যালয়ত কাম কৰিছিল আৰু দেশৰ অৰ্থনীতি সক্ৰিয় কৰি ৰাখিছিল। বেংক কৰ্মচাৰীসকলে চৰকাৰী আঁচনি ৰূপায়ণত মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়ে  কৰ্মচাৰীসকলৰ দৰমহা আৰু বৃদ্ধি কৰিব লাগে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক