--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ বেংকসমূহ হয়তো সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব। আপাততঃ তেনে ইংগিতেই পোৱা গৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সংসদক এই বুলি অৱগত কৰিছে  যে এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। এই প্ৰস্তাৱত ভাৰতৰ সকলো বেংক প্ৰতি শনিবাৰে বন্ধ ঘোষণা কৰিবলৈ দাবী জনোৱা হৈছে, যাৰ অৰ্থ হৈছে যে বেংকবোৰত প্ৰতি সপ্তাহত পাঁচ দিনৰ বাবে কাম কৰা হ’ব। বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে সংসদত কয়  যে এই প্ৰস্তাৱটো  ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে (আইবিএ)ৰ দ্বাৰা উপস্থাপন কৰা হৈছে। 

বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে  প্ৰতি শনিবাৰে বেংক ব্ধ ৰখা প্ৰস্তাৱ আইবিএই দিছে বুলি কয় যদিও  তেওঁ এই দাবী চৰকাৰে মানি লোৱাৰ বিষয়ত কেনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ত একো কথা  উল্লেখ নকৰিলে। যদি এই প্ৰস্তাৱটো গ্ৰহণ কৰা হয়, তেন্তে কৰ্মচাৰীসকলে সপ্তাহত পাঁচদিন কাম কৰিব লাগিব।  কিন্তু কাম কৰাৰ ঘণ্টাৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। বৰ্তমান বেঙ্কবোৰ মাহৰ দুসপ্তাহৰ বাবে শনিবাৰে খোলা থাকে।

উললেখ্য  ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে  চৰকাৰী আৰু কিছুমান পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি আৰু ছুটীৰ দিন বৃদ্ধিৰ বাবে কেইবাটাও প্ৰস্তাৱ উত্থাপন কৰিছে। যদি এই প্ৰস্তাৱ  গ্ৰহণ কৰা হয়, বেঙ্ক কৰ্মচাৰীসকলে বিভিন্ন ধৰণে লাভাৱান্বিত হ'ব।

প্ৰতিবেদন অনুসৰি ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে ৰাজ্যিক মালিকানাধীন আৰু পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা ১৫ শতাংশ বৃদ্ধিৰো প্ৰস্তাৱ দিছে। ইফালে, বিভিন্ন বেংকৰ ইউনিয়নে দাবী জনাইছে যে দৰমহা আৰু অধিক বৃদ্ধি কৰিব লাগে। ইউনিয়নবোৰে দাবী কৰে যে শেহতীয়া বছৰবোৰত বেংকবোৰে ভাল প্ৰদৰ্শন কৰিছে, বিশাল  পৰিমাণৰ লাভো হৈছে।  কৰ্মচাৰীসকলৰ প্ৰচেষ্টাই এইটো সম্ভৱ হৈছে। 

১৫ শতাংশতকৈ অধিক দৰমহা বৃদ্ধিৰ  সপক্ষে বেংক কৰ্মচাৰী সংগঠনবোৰে যুক্তি দিছে  যে কোভিডৰ সময়ত যেতিয়া সমগ্ৰ দেশৰ বহু লোক  ঘৰত সুৰক্ষিত হৈ আছিল, বেংক কৰ্ংচাৰীসকলে  কাৰ্যালয়ত কাম কৰিছিল আৰু দেশৰ অৰ্থনীতি সক্ৰিয় কৰি ৰাখিছিল। বেংক কৰ্মচাৰীসকলে চৰকাৰী আঁচনি ৰূপায়ণত মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়ে  কৰ্মচাৰীসকলৰ দৰমহা আৰু বৃদ্ধি কৰিব লাগে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান