--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ১৭ মিনিটৰ ফেচবুক লাইভ ভিডিঅ। তাৰ পাছতে শেষ এটা জীৱনৰ। তেওঁ আত্মহত্যা কৰিছে। হয় আমি কৱ বিছাৰিছো, এজন আত্মহত্যা কৰা মানুহৰ বিষয়ে, যিজনে লোকে আত্মহত্যা কৰা কিছুসময় পূৰ্বে এটা ফেচবুক লাইভৰ যোগেদি তেওঁ পৰিকল্পিত মৃত্যুৰ কথা সকলোৰে আগত ৰাজহুৱা কৰিছিল। ঘটনাটো বাংলাদেশৰ। মানুহজনৰ নাম আবু মহছিন খান, বয়স ৫৮ বছৰ। পেছাত এজন ব্যৱসায়ী, আবুৰ ঘৰ ঢাকাৰ ধনমণ্ডিত । অৱশ্যে, তাত তেওঁৰ কোনো নিকট আত্মীয় নাই। আবুৰ একমাত্ৰ পুত্ৰ তেওঁৰ মাতৃৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰে। ছোৱালীজনী বাংলাদেশী চলচ্চিত্ৰ তাৰকা ৰিয়াজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। লাইভ ভিডিঅ'টোত, আবুৱে কৈছিল যে তেওঁ যোৱা পাঁচ বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে, কিন্তু তেওঁৰ কোনো আত্মীয়ই এবাৰো খবৰ লবলৈ আহি নাপালে বুলি অভিযোগ আনিছে। আনকি তেওঁ কেতিয়াবা ঘৰত মৃত্যু হলেও, কোনেও এই বিষয়ে নাজানিলেহেঁতেন বুলি তেওঁ ফেচবুক লাইভতে দুখ প্ৰকাশ কৰে। যিসকলে আবুৰ ফেচবুক লাইভ চাইছে তেওঁলোকে কৈছে যে আবুৱে কথা কোৱাৰ সময়ত নিৰন্তৰভাৱে কেৱল চকু পানী নিগৰিছিল। তেওঁ চশমাযোৰ বাৰে বাৰে খুলি চকলু মচিচিল। তেওঁ নিজৰ ব্যৱসায় ভালদৰে পৰিচালনা কৰিব নোৱাৰাৰ বাবে অনুশোচনা কৰিছিল। একে সময়তে, তেওঁ লগতে কয় যে কিছুমান লোকে তেওঁৰ স্বাস্থ্যজনিত অসুস্থতাৰ সুযোগ লৈ ব্যৱসায়ত তেওঁক প্ৰতাৰণা কৰিছে। তেওঁ কয় যে, চৰম হতাশাত ভূগি আত্মহত্যা কৰিবলৈ গৈ আছে। ফেচবুক লাইভ চলি থকাৰ সময়তে বহুলোকে তেওঁক এনে চৰম সিদ্ধান্ত নলবলৈ আহ্বান জনাইছিল। লাইভটো দেখাৰ পাছতে আৰক্ষীৰ লোক তাত উপস্থিত হৈছিল যদিও ইতিমধ্যে বহু পলম হৈ গৈছিল আৰু তেওঁ শোৱনি কোঠাৰ ভিতৰতে আত্মহত্যাৰ পথ বাছি ললে। আবুৰ দৰ্শকক শেষ মুহূৰ্তত কৈছিল, "যিসকলে আজি এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোক শেষবাৰৰ বাবে দেখা পাব পাৰে। এই পৃথিৱীত মোৰ প্ৰতি আন কাৰো মৰম নাই। যদি মই মোৰ আত্মীয়সকলক অন্যায় কৰিছোঁ, অনুগ্ৰহ কৰি মোক ক্ষমা কৰক। আবুয়ে তাৰ পাছতে এটা বন্দুক উলিয়াই নিজৰ মূৰলৈ লক্ষ্য কৰি গুলি কৰে। শুক্ৰবাৰৰ লাইভ ভিডিঅ'টো ফেচবুকৰ দ্বাৰা প্ৰচাৰ কৰা হৈছিল। অৱশ্যে, ভিডিঅ'টো এতিয়াও বহুতো ফেচবুক পেজত দেখা পোৱা গৈছে। বিভিন্ন মহলে এই ঘটনাটো লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঢাকাৰ মনোৰঞ্জন উদ্যোগৰ তাৰকা তছলিমা নাছৰিন, হিৰো আলম আৰু আন বহুতে এই আত্মহত্যাসন্দৰ্ভত মন্তব্য কৰিছে। একে সময়তে, মৃতকৰ পত্নী আৰু সন্তানৰ ভূমিকাসম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু