--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ১৭ মিনিটৰ ফেচবুক লাইভ ভিডিঅ। তাৰ পাছতে শেষ এটা জীৱনৰ। তেওঁ আত্মহত্যা কৰিছে। হয় আমি কৱ বিছাৰিছো, এজন আত্মহত্যা কৰা মানুহৰ বিষয়ে, যিজনে লোকে আত্মহত্যা কৰা কিছুসময় পূৰ্বে এটা ফেচবুক লাইভৰ যোগেদি তেওঁ পৰিকল্পিত মৃত্যুৰ কথা সকলোৰে আগত ৰাজহুৱা কৰিছিল। ঘটনাটো বাংলাদেশৰ। মানুহজনৰ নাম আবু মহছিন খান, বয়স ৫৮ বছৰ। পেছাত এজন ব্যৱসায়ী, আবুৰ ঘৰ ঢাকাৰ ধনমণ্ডিত । অৱশ্যে, তাত তেওঁৰ কোনো নিকট আত্মীয় নাই। আবুৰ একমাত্ৰ পুত্ৰ তেওঁৰ মাতৃৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰে। ছোৱালীজনী বাংলাদেশী চলচ্চিত্ৰ তাৰকা ৰিয়াজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। লাইভ ভিডিঅ'টোত, আবুৱে কৈছিল যে তেওঁ যোৱা পাঁচ বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে, কিন্তু তেওঁৰ কোনো আত্মীয়ই এবাৰো খবৰ লবলৈ আহি নাপালে বুলি অভিযোগ আনিছে। আনকি তেওঁ কেতিয়াবা ঘৰত মৃত্যু হলেও, কোনেও এই বিষয়ে নাজানিলেহেঁতেন বুলি তেওঁ ফেচবুক লাইভতে দুখ প্ৰকাশ কৰে। যিসকলে আবুৰ ফেচবুক লাইভ চাইছে তেওঁলোকে কৈছে যে আবুৱে কথা কোৱাৰ সময়ত নিৰন্তৰভাৱে কেৱল চকু পানী নিগৰিছিল। তেওঁ চশমাযোৰ বাৰে বাৰে খুলি চকলু মচিচিল। তেওঁ নিজৰ ব্যৱসায় ভালদৰে পৰিচালনা কৰিব নোৱাৰাৰ বাবে অনুশোচনা কৰিছিল। একে সময়তে, তেওঁ লগতে কয় যে কিছুমান লোকে তেওঁৰ স্বাস্থ্যজনিত অসুস্থতাৰ সুযোগ লৈ ব্যৱসায়ত তেওঁক প্ৰতাৰণা কৰিছে। তেওঁ কয় যে, চৰম হতাশাত ভূগি আত্মহত্যা কৰিবলৈ গৈ আছে। ফেচবুক লাইভ চলি থকাৰ সময়তে বহুলোকে তেওঁক এনে চৰম সিদ্ধান্ত নলবলৈ আহ্বান জনাইছিল। লাইভটো দেখাৰ পাছতে আৰক্ষীৰ লোক তাত উপস্থিত হৈছিল যদিও ইতিমধ্যে বহু পলম হৈ গৈছিল আৰু তেওঁ শোৱনি কোঠাৰ ভিতৰতে আত্মহত্যাৰ পথ বাছি ললে। আবুৰ দৰ্শকক শেষ মুহূৰ্তত কৈছিল, "যিসকলে আজি এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোক শেষবাৰৰ বাবে দেখা পাব পাৰে। এই পৃথিৱীত মোৰ প্ৰতি আন কাৰো মৰম নাই। যদি মই মোৰ আত্মীয়সকলক অন্যায় কৰিছোঁ, অনুগ্ৰহ কৰি মোক ক্ষমা কৰক। আবুয়ে তাৰ পাছতে এটা বন্দুক উলিয়াই নিজৰ মূৰলৈ লক্ষ্য কৰি গুলি কৰে। শুক্ৰবাৰৰ লাইভ ভিডিঅ'টো ফেচবুকৰ দ্বাৰা প্ৰচাৰ কৰা হৈছিল। অৱশ্যে, ভিডিঅ'টো এতিয়াও বহুতো ফেচবুক পেজত দেখা পোৱা গৈছে। বিভিন্ন মহলে এই ঘটনাটো লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঢাকাৰ মনোৰঞ্জন উদ্যোগৰ তাৰকা তছলিমা নাছৰিন, হিৰো আলম আৰু আন বহুতে এই আত্মহত্যাসন্দৰ্ভত মন্তব্য কৰিছে। একে সময়তে, মৃতকৰ পত্নী আৰু সন্তানৰ ভূমিকাসম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু