--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হ্ৰাস পাইছে নেকি ফেচবুকৰ জনপ্ৰিয়তা? বিশ্বৰ অতি জনপ্ৰিয় ছ’চিয়েল মিডিয়া ছাইটটোৱে এতিয়া হেৰুৱাইছে ইয়াৰ অনুৰাগী। বিগত ১৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা। মেটাৰ প্ৰতিবেদন অনুসৰি, ফেচবুকত ২০২১ৰ চতুৰ্থ কোৱাৰ্টাৰটোত ইয়াৰ প্ৰায় ৫লাখ দৈনিক ব্যৱহাৰকাৰী হ্ৰাস পাইছে। ফেচবুক ব্যৱহাৰকাৰীৰ বৰ্তমান সংখ্যালৈ লক্ষ্য কৰিলে এইটোৱে ছ’চিয়েল মিডিয়া ছাইটটোক ব্যাপকভাৱে প্ৰভাৱিত কৰাৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰা হৈছে যদিও ফেচবুকে এই পৰিসংখ্যাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ ফেচবুকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ব্যৱহাৰকাৰী হ্ৰাস পাইছে।‘দ্য ভাৰ্জ’ৰ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰতে ফেচবুক ব্যৱহাৰকাৰী আটাইকৈ বেছি হ্ৰাস পাইছে। অৱশ্যে, মেটাৰ আন এপবোৰ-হোৱাটছএপ তথা ইনষ্টাগ্ৰামৰ ইউজাৰৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পাই আহিছে। জানিব পৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত কেইবছৰ ধৰি ফেচবুকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। বিশেষকৈ ফেচবুকৰ গোপনীয়তা ভংগৰ দৰে বিতৰ্কৰ বাবে বহুতে ইয়াৰ ব্যৱহাৰ কমাইছে বুলি ধাৰণা কৰা হৈছে। বুধবাৰে মেটাৰ কোৱাৰ্টাৰ ৰিপ’ৰ্টত সংস্থাটোৰ খৰচ বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছে। ইতিমধ্যে শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে আৰু একেবাৰতে মেটাৰ শ্বেয়াৰ ২২.৯শতাংশ পতন ঘটিছে। ইয়াৰ ফলত সংস্থাটোৰ মুঠ ভেল্যুৱেশ্যন প্ৰায় ২০০ বিলিয়ন ডলাৰ হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক