--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হ্ৰাস পাইছে নেকি ফেচবুকৰ জনপ্ৰিয়তা? বিশ্বৰ অতি জনপ্ৰিয় ছ’চিয়েল মিডিয়া ছাইটটোৱে এতিয়া হেৰুৱাইছে ইয়াৰ অনুৰাগী। বিগত ১৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা। মেটাৰ প্ৰতিবেদন অনুসৰি, ফেচবুকত ২০২১ৰ চতুৰ্থ কোৱাৰ্টাৰটোত ইয়াৰ প্ৰায় ৫লাখ দৈনিক ব্যৱহাৰকাৰী হ্ৰাস পাইছে। ফেচবুক ব্যৱহাৰকাৰীৰ বৰ্তমান সংখ্যালৈ লক্ষ্য কৰিলে এইটোৱে ছ’চিয়েল মিডিয়া ছাইটটোক ব্যাপকভাৱে প্ৰভাৱিত কৰাৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰা হৈছে যদিও ফেচবুকে এই পৰিসংখ্যাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ ফেচবুকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ব্যৱহাৰকাৰী হ্ৰাস পাইছে।‘দ্য ভাৰ্জ’ৰ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰতে ফেচবুক ব্যৱহাৰকাৰী আটাইকৈ বেছি হ্ৰাস পাইছে। অৱশ্যে, মেটাৰ আন এপবোৰ-হোৱাটছএপ তথা ইনষ্টাগ্ৰামৰ ইউজাৰৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পাই আহিছে। জানিব পৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত কেইবছৰ ধৰি ফেচবুকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। বিশেষকৈ ফেচবুকৰ গোপনীয়তা ভংগৰ দৰে বিতৰ্কৰ বাবে বহুতে ইয়াৰ ব্যৱহাৰ কমাইছে বুলি ধাৰণা কৰা হৈছে। বুধবাৰে মেটাৰ কোৱাৰ্টাৰ ৰিপ’ৰ্টত সংস্থাটোৰ খৰচ বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছে। ইতিমধ্যে শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে আৰু একেবাৰতে মেটাৰ শ্বেয়াৰ ২২.৯শতাংশ পতন ঘটিছে। ইয়াৰ ফলত সংস্থাটোৰ মুঠ ভেল্যুৱেশ্যন প্ৰায় ২০০ বিলিয়ন ডলাৰ হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু