--°C
Loading...
Listen to Article
2 min read
80%
বাশ্বিংটনঃ ২০৩১ চনত পৃথিৱীত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ) ধ্বংস হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে। ব্ৰিটিছ মিডিয়া দ্য গাৰ্ডিয়ানত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদনঅনুসৰি, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটোৱে ২০৩০ চনলৈকে নিয়মীয়াকৈ কাম কৰি থাকিব আৰু ২০৩১ চনৰ আৰম্ভণিতে ই প্ৰশান্ত মহাসাগৰৰ এটা নিৰ্দিষ্ট স্থানত খহি পৰিব। নাছাই সদৰী কৰা মতে, প্ৰশান্ত মহাসাগৰত পইণ্ট নিমো নামৰ এটা ঠাই আছে। এই ঠাইখনক পুৰণি মহাকাশযানৰ বিভাজন বুলিও কোৱা হয়। এই ঠাইডোখৰত বহুতো পুৰণি মহাকাশযান আৰু ইয়াৰ ভগ্নাৱশেষ স্তূপীকৃত হৈ আছে। পইণ্ট নিমোৰ ওচৰত ৰাছিয়াৰ মহাকাশকেন্দ্ৰ ‘মীৰ’ৰ ধ্বংসাৱশেষ থকাৰো সম্ভেদ পোৱা গৈছে। ২০০১চনত ‘মীৰ’ মহাকাশযান একেখিনি ঠাইতে খহি পৰিছিল। ২০৩১ চনৰ আৰম্ভণিতে ‘আইএছএছ’ৰো কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে পইণ্ট নিমো।’ মন কৰিবলগীয়া যে, আন্তৰ্জাতিক মহাকাশকেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাপান, কানাডা আৰু ইউৰোপীয় ইউনিয়নৰ দৰে বিশ্বৰ আগশাৰীৰ ৫টা মহাকাশ সংস্থা। ১৯৯৮ চনত পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হৈছিল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো । আনহাতে, একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা, এই ষ্টেছনত ৩হাজাৰৰো অধিক গৱেষণা ইতিমধ্যে সম্পন্ন হৈছে। ২০২৪ চনলৈকে আইএছএছৰ কাৰ্যক্ৰম পৰিচালনাৰ কথা আছিল।পৰৱৰ্তী সময়ত ৫টা মহাকাশ সংস্থাই ২০৩০ চনলৈকে ষ্টেছনৰ কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ নীতিগতভাৱে সন্মত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু