--°C
Loading...
Listen to Article
2 min read
80%
বাশ্বিংটনঃ ২০৩১ চনত পৃথিৱীত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ) ধ্বংস হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে। ব্ৰিটিছ মিডিয়া দ্য গাৰ্ডিয়ানত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদনঅনুসৰি, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটোৱে ২০৩০ চনলৈকে নিয়মীয়াকৈ কাম কৰি থাকিব আৰু ২০৩১ চনৰ আৰম্ভণিতে ই প্ৰশান্ত মহাসাগৰৰ এটা নিৰ্দিষ্ট স্থানত খহি পৰিব। নাছাই সদৰী কৰা মতে, প্ৰশান্ত মহাসাগৰত পইণ্ট নিমো নামৰ এটা ঠাই আছে। এই ঠাইখনক পুৰণি মহাকাশযানৰ বিভাজন বুলিও কোৱা হয়। এই ঠাইডোখৰত বহুতো পুৰণি মহাকাশযান আৰু ইয়াৰ ভগ্নাৱশেষ স্তূপীকৃত হৈ আছে। পইণ্ট নিমোৰ ওচৰত ৰাছিয়াৰ মহাকাশকেন্দ্ৰ ‘মীৰ’ৰ ধ্বংসাৱশেষ থকাৰো সম্ভেদ পোৱা গৈছে। ২০০১চনত ‘মীৰ’ মহাকাশযান একেখিনি ঠাইতে খহি পৰিছিল। ২০৩১ চনৰ আৰম্ভণিতে ‘আইএছএছ’ৰো কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে পইণ্ট নিমো।’ মন কৰিবলগীয়া যে, আন্তৰ্জাতিক মহাকাশকেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাপান, কানাডা আৰু ইউৰোপীয় ইউনিয়নৰ দৰে বিশ্বৰ আগশাৰীৰ ৫টা মহাকাশ সংস্থা। ১৯৯৮ চনত পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হৈছিল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো । আনহাতে, একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা, এই ষ্টেছনত ৩হাজাৰৰো অধিক গৱেষণা ইতিমধ্যে সম্পন্ন হৈছে। ২০২৪ চনলৈকে আইএছএছৰ কাৰ্যক্ৰম পৰিচালনাৰ কথা আছিল।পৰৱৰ্তী সময়ত ৫টা মহাকাশ সংস্থাই ২০৩০ চনলৈকে ষ্টেছনৰ কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ নীতিগতভাৱে সন্মত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু