--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত আয়োজন কৰা দেওবৰীয়া ৰেপিড দবাত (১৭ সংখ্যক সংস্কৰণ) নলীনাক্ষ কাশ্যপে বিজয়ীৰ সন্মান লাভ কৰিছে। নলীনাক্ষই ৬ ৰাউণ্ডৰ খেলত অবিজিত থাকি ৫.৫  পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে। প্ৰকাশ নাথে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। অথৰ্ব মহন্ত, শুভাংগ প্ৰাণ কাশ্যপ  আৰু নিভৃতি গোস্বামীয়েও ৫ পইণ্টকৈ লাভ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। 

নৱিষ্টা হাজৰিকাক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালীজনী ঘোষণা কৰা হয়।  নৱিষ্টাই ৪ পইণ্ট সংগ্ৰহ কৰিছিল।  অনুৰ্দ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ৩ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে।  আকাক্ষা কলিতা আৰু চাৰ্ভী শ্ৰী বৰ্মন উভয়েই ২ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।  

অনুৰ্দ্ধ ৯ বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ধিঢ়ান গোস্বামী আৰু আব্ৰি নাল্য বৰাইও ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১১ বছৰ শাখাত মনি শংকৰ বায়নে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। টানিষ্ক ঠাকুৰীয়াইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। আহান প্ৰসাদ কাশ্যপে ৩.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 
 
অনুৰ্দ্ধ ১৩ বছৰ শাখাত জয়ৰাজ বৰ্মনে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে।  নিবিৰ নিলয় বৈশ্যই ৩.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় আৰু অংকীপন কলিতাই ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।  
অনুৰ্দ্ধ ১৫ বছৰ শাখাত প্ৰিয়ানুজ দাসে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। প্ৰিয়ুষ প্ৰীতম মছৰঙে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। কৃতাৰ্থ শইকীয়াইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে। 

প্ৰতিযোগিতাখনত মূঠ ৪৯ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।  প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  প্ৰতিযোগিতাত প্ৰথম ৫টা স্থান লাভ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।  ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতাখন মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?