--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত আয়োজন কৰা দেওবৰীয়া ৰেপিড দবাত (১৭ সংখ্যক সংস্কৰণ) নলীনাক্ষ কাশ্যপে বিজয়ীৰ সন্মান লাভ কৰিছে। নলীনাক্ষই ৬ ৰাউণ্ডৰ খেলত অবিজিত থাকি ৫.৫  পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে। প্ৰকাশ নাথে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। অথৰ্ব মহন্ত, শুভাংগ প্ৰাণ কাশ্যপ  আৰু নিভৃতি গোস্বামীয়েও ৫ পইণ্টকৈ লাভ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। 

নৱিষ্টা হাজৰিকাক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালীজনী ঘোষণা কৰা হয়।  নৱিষ্টাই ৪ পইণ্ট সংগ্ৰহ কৰিছিল।  অনুৰ্দ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ৩ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে।  আকাক্ষা কলিতা আৰু চাৰ্ভী শ্ৰী বৰ্মন উভয়েই ২ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।  

অনুৰ্দ্ধ ৯ বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ধিঢ়ান গোস্বামী আৰু আব্ৰি নাল্য বৰাইও ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১১ বছৰ শাখাত মনি শংকৰ বায়নে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। টানিষ্ক ঠাকুৰীয়াইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। আহান প্ৰসাদ কাশ্যপে ৩.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 
 
অনুৰ্দ্ধ ১৩ বছৰ শাখাত জয়ৰাজ বৰ্মনে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে।  নিবিৰ নিলয় বৈশ্যই ৩.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় আৰু অংকীপন কলিতাই ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।  
অনুৰ্দ্ধ ১৫ বছৰ শাখাত প্ৰিয়ানুজ দাসে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। প্ৰিয়ুষ প্ৰীতম মছৰঙে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। কৃতাৰ্থ শইকীয়াইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে। 

প্ৰতিযোগিতাখনত মূঠ ৪৯ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।  প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  প্ৰতিযোগিতাত প্ৰথম ৫টা স্থান লাভ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।  ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতাখন মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ