--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ ক্ৰিকেটত খেলিবলৈ পাকিস্তানৰ দলটো ভাৰতলৈ আহিবনে নাই তাকেলৈ চলি আছে বিভিন্ন বিতৰ্ক। অৱশ্যে এনে বিতৰ্কৰ মাজতে   পাকিস্তানেৰ খেলুৱৈয়ে ভাৰতত অনুষ্ঠিত ছাফ  কাপত খেলিবলৈ ভাৰতলৈ আহিব পাৰে। 

 অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সম্পাদক চাজি প্ৰভাকৰণে কয়  যে পাকিস্তানৰ খেলুৱৈয়ে  ছাফ  চেম্পিয়নশ্বিপৰ বাবে ভাৰতলৈ অহাত কোনো সমস্যা নহ’ব। "পাকিস্তানৰ ফুটবল দলটোৱে এছএএফএফ কাপ খেলিবলৈ ভাৰতলৈ  অহাত কোনো সমস্যা নাই। কেইদিনমান আগতে ভাৰতীয় খেলুৱৈসকলে পাকিস্তানলৈ গৈ এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সেয়াও কোনো সমস্যা নাছিল। গতিকে  মই নাভাবো যে পাক খেলুৱৈয়ে এছএএফএফ চেম্পিয়নশ্বিপৰ বাবে ভাৰতলৈ  অহাত কোনো সমস্যা হ'ব পাৰে। "

এছএএফএফ চেম্পিয়নশ্বিপ এই মাহৰ শেষৰ ফালে  বাংগালুৰুত আৰম্ভ হ'ব। লেবানন আৰু কুৱেইটৰ দৰে দলবোৰে এই বছৰৰ এছএএফএফত অংশগ্ৰহণ কৰা দেখা যাব।চলিত বৰ্ষৰ  মাৰ্চ মাহত এছ.এ.এফ.এফ. কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে প্ৰয়োজন হ'লে প্ৰতিযোগিতাৰ মান বৃদ্ধি কৰাৰ বাবে এছ.এ.এফ.এফ.-ৰ অধীনত থকা দেশৰ বাহিৰৰো দলক  আমন্ত্ৰণ কৰা হ'ব। 

সেয়ে কুৱেইটৰ দৰে দলক আমন্ত্ৰণ জনোৱা হৈছে। এই বছৰৰ প্ৰতিযোগিতাত আঠখন দেশে অংশগ্ৰহণ কৰিব। ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, মালদ্বীপ, কুৱেইট আৰু লেবাননে বাংগালুৰুত অনুষ্ঠিত এই বছৰৰ এছএএফএফ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। ফিফাৰ নিলম্বনৰ বাবে চুবুৰীয়া শ্ৰীলংকাই এই বছৰৰ প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰিব। ইয়াৰ আগতে ২০১৫  চনত পাকিস্তানে ভাৰতত অনুষ্ঠিত প্ৰতিযোগিতাখনলৈ কোনো  দল প্ৰেৰণ কৰা নাছিল। 

এআইএফএফৰ সচিব চাজি প্ৰভাকৰণে লগতে কয়, "লেবানন আৰু কুৱেটে আমাক কৈছে যে তেওঁলোকে তেওঁলোকৰ শ্ৰেষ্ঠ দল প্ৰেৰণ কৰিব। এই প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল হৈছে ভাৰতীয় ফুটবল দল। দলটোৱে প্ৰতিযোগিতাখন আঠবাৰ জিকিছে। ভাৰতে চতুৰ্থবাৰৰ বাবে আয়োজক হিচাপে এছএএফএফ চেম্পিয়নশ্বিপ খেলিব।’’ 














FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement