ডিজিটেল ডেস্কঃ এছিয়া কাপ ক্ৰিকেটত খেলিবলৈ পাকিস্তানৰ দলটো ভাৰতলৈ আহিবনে নাই তাকেলৈ চলি আছে বিভিন্ন বিতৰ্ক। অৱশ্যে এনে বিতৰ্কৰ মাজতে পাকিস্তানেৰ খেলুৱৈয়ে ভাৰতত অনুষ্ঠিত ছাফ কাপত খেলিবলৈ ভাৰতলৈ আহিব পাৰে।
অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সম্পাদক চাজি প্ৰভাকৰণে কয় যে পাকিস্তানৰ খেলুৱৈয়ে ছাফ চেম্পিয়নশ্বিপৰ বাবে ভাৰতলৈ অহাত কোনো সমস্যা নহ’ব। "পাকিস্তানৰ ফুটবল দলটোৱে এছএএফএফ কাপ খেলিবলৈ ভাৰতলৈ অহাত কোনো সমস্যা নাই। কেইদিনমান আগতে ভাৰতীয় খেলুৱৈসকলে পাকিস্তানলৈ গৈ এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সেয়াও কোনো সমস্যা নাছিল। গতিকে মই নাভাবো যে পাক খেলুৱৈয়ে এছএএফএফ চেম্পিয়নশ্বিপৰ বাবে ভাৰতলৈ অহাত কোনো সমস্যা হ'ব পাৰে। "
এছএএফএফ চেম্পিয়নশ্বিপ এই মাহৰ শেষৰ ফালে বাংগালুৰুত আৰম্ভ হ'ব। লেবানন আৰু কুৱেইটৰ দৰে দলবোৰে এই বছৰৰ এছএএফএফত অংশগ্ৰহণ কৰা দেখা যাব।চলিত বৰ্ষৰ মাৰ্চ মাহত এছ.এ.এফ.এফ. কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে প্ৰয়োজন হ'লে প্ৰতিযোগিতাৰ মান বৃদ্ধি কৰাৰ বাবে এছ.এ.এফ.এফ.-ৰ অধীনত থকা দেশৰ বাহিৰৰো দলক আমন্ত্ৰণ কৰা হ'ব।
সেয়ে কুৱেইটৰ দৰে দলক আমন্ত্ৰণ জনোৱা হৈছে। এই বছৰৰ প্ৰতিযোগিতাত আঠখন দেশে অংশগ্ৰহণ কৰিব। ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, মালদ্বীপ, কুৱেইট আৰু লেবাননে বাংগালুৰুত অনুষ্ঠিত এই বছৰৰ এছএএফএফ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। ফিফাৰ নিলম্বনৰ বাবে চুবুৰীয়া শ্ৰীলংকাই এই বছৰৰ প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰিব। ইয়াৰ আগতে ২০১৫ চনত পাকিস্তানে ভাৰতত অনুষ্ঠিত প্ৰতিযোগিতাখনলৈ কোনো দল প্ৰেৰণ কৰা নাছিল।
এআইএফএফৰ সচিব চাজি প্ৰভাকৰণে লগতে কয়, "লেবানন আৰু কুৱেটে আমাক কৈছে যে তেওঁলোকে তেওঁলোকৰ শ্ৰেষ্ঠ দল প্ৰেৰণ কৰিব। এই প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল হৈছে ভাৰতীয় ফুটবল দল। দলটোৱে প্ৰতিযোগিতাখন আঠবাৰ জিকিছে। ভাৰতে চতুৰ্থবাৰৰ বাবে আয়োজক হিচাপে এছএএফএফ চেম্পিয়নশ্বিপ খেলিব।’’