--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭২ ৰাণৰ লক্ষ্য আগত লৈ ৫৯ ৰাণতে ইনিংছ শেষ! আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অতি শোচনীয় পৰাজয়ৰ মুখ দেখিব লগা হ’ল ৰাজস্থান ৰয়েলছে।

টছত জয়লাভ কৰি প্ৰথম ইনিংছত বাংগালুৰুৱে সংগ্ৰহ কৰে পাঁচ উইকেটত ১৭১ ৰাণ। বিৰাট কোহলী ব্যৰ্থ হ’লেও ফাফ ডু প্লেচিছে ৪৪ টা বলত ৫৫ ৰাণ আৰু গ্লেন মেক্সৱেলে ৩৩টা বলত ৫৪ ৰাণৰ বৰঙণি আগবঢ়ায়। ইনিংছৰ শেষৰফালে অনুজ ৰাৱাটে ১১ টা বলত ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়।

ইয়াৰ প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰাই উজুটি খায় ৰাজস্থান ৰয়েলছ। প্ৰথম অভাৰৰ দ্বিতীয়টো বলতে পেভিলিয়নমুখী হয় য়শস্বী জয়ছোৱাল। তাৰপাছৰে পৰা তাছপাতৰ দৰে খহি পৰে ৰাজস্থানৰ বেটিং অৰ্ডাৰ। বাংগালুৰুৰ দূৰ্দান্ত বলিঙৰ সন্মুখত বিধ্বস্ত হয় জ’ছ বাটলাৰ, জ’ ৰুট, সঞ্জু ছেমছনৰ দৰে তাৰকা। কেৱল ছিমৰণ হেটমেয়াৰৰ ১৯ টা বলত ৩৫ ৰাণৰ ইনিংছটোৰ বাহিৰে আন কোনো বেটাৰে ১০ৰ ওপৰত স্ক’ৰ কৰিব নোৱাৰিলে। ১০.৩ অভাৰতে ৰাজস্থানক ৫৯ ৰাণত অল আউট কৰে বাংগালুৰুৱে। বাংগালুৰুৰ হৈ ৱেইন পাৰ্নেলে তিনিটাকৈ উইকেট লাভ কৰে।

উল্লেখ্য যে ৰাজস্থান ৰয়েলছে ৫৯ ৰাণতে অল আউট হৈ এটা অনাকাংক্ষিত অভিলেখ গঢ়ে। সেয়া হৈছে আইপিএলৰ ইতিহাসত তৃতীয়টো কম সংখ্যক স্ক’ৰ। ইয়াৰ পূৰ্বে ২০০৯ চনতো বাংগালুৰুৰ বিপক্ষে মাত্ৰ ৫৮ ৰাণতে ইনিংছ সামৰিছিল ৰাজস্থানে। আনহাতে, এই তালিকাৰ শীৰ্ষত আছে বাংগালুৰু। ২০১৭ চনত বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মাত্ৰ ৪৯ ৰাণতে ইন্ংছ সামৰিব লগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে