--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭২ ৰাণৰ লক্ষ্য আগত লৈ ৫৯ ৰাণতে ইনিংছ শেষ! আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অতি শোচনীয় পৰাজয়ৰ মুখ দেখিব লগা হ’ল ৰাজস্থান ৰয়েলছে।

টছত জয়লাভ কৰি প্ৰথম ইনিংছত বাংগালুৰুৱে সংগ্ৰহ কৰে পাঁচ উইকেটত ১৭১ ৰাণ। বিৰাট কোহলী ব্যৰ্থ হ’লেও ফাফ ডু প্লেচিছে ৪৪ টা বলত ৫৫ ৰাণ আৰু গ্লেন মেক্সৱেলে ৩৩টা বলত ৫৪ ৰাণৰ বৰঙণি আগবঢ়ায়। ইনিংছৰ শেষৰফালে অনুজ ৰাৱাটে ১১ টা বলত ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়।

ইয়াৰ প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰাই উজুটি খায় ৰাজস্থান ৰয়েলছ। প্ৰথম অভাৰৰ দ্বিতীয়টো বলতে পেভিলিয়নমুখী হয় য়শস্বী জয়ছোৱাল। তাৰপাছৰে পৰা তাছপাতৰ দৰে খহি পৰে ৰাজস্থানৰ বেটিং অৰ্ডাৰ। বাংগালুৰুৰ দূৰ্দান্ত বলিঙৰ সন্মুখত বিধ্বস্ত হয় জ’ছ বাটলাৰ, জ’ ৰুট, সঞ্জু ছেমছনৰ দৰে তাৰকা। কেৱল ছিমৰণ হেটমেয়াৰৰ ১৯ টা বলত ৩৫ ৰাণৰ ইনিংছটোৰ বাহিৰে আন কোনো বেটাৰে ১০ৰ ওপৰত স্ক’ৰ কৰিব নোৱাৰিলে। ১০.৩ অভাৰতে ৰাজস্থানক ৫৯ ৰাণত অল আউট কৰে বাংগালুৰুৱে। বাংগালুৰুৰ হৈ ৱেইন পাৰ্নেলে তিনিটাকৈ উইকেট লাভ কৰে।

উল্লেখ্য যে ৰাজস্থান ৰয়েলছে ৫৯ ৰাণতে অল আউট হৈ এটা অনাকাংক্ষিত অভিলেখ গঢ়ে। সেয়া হৈছে আইপিএলৰ ইতিহাসত তৃতীয়টো কম সংখ্যক স্ক’ৰ। ইয়াৰ পূৰ্বে ২০০৯ চনতো বাংগালুৰুৰ বিপক্ষে মাত্ৰ ৫৮ ৰাণতে ইনিংছ সামৰিছিল ৰাজস্থানে। আনহাতে, এই তালিকাৰ শীৰ্ষত আছে বাংগালুৰু। ২০১৭ চনত বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মাত্ৰ ৪৯ ৰাণতে ইন্ংছ সামৰিব লগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ