--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা দিলীপ কুমাৰৰ মুম্বাইৰ পালি হিলস্থিত বৃহৎ ট্ৰিপ্লেক্স এপাৰ্টমেণ্টটো ১৭২ কোটি টকাত বিক্ৰী হৈছে। এই অট্টালিকাৰ মূল্য প্ৰতি বৰ্গফুটত ১.৮১ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। তেওঁৰ পূৰ্বৰ  আড়ম্বৰপূৰ্ণ বাংলোটোক বিলাসী অট্টালিকালৈ  উন্নীত কৰাৰ  পিছতে ঘৰটো  ১৭২ কোটি টকাত বিক্ৰী হয়। নিৰ্মাণ কোম্পানী এপকো ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডে ক্ৰয় কৰিছে দিলীপ কুমাৰৰ এই বিলাসী সম্পত্তি। অট্টালিকাটোৰ নৱম,  দশম আৰু একাদশ মহলাত থকা  কাৰ্পেট এলেকা ৯৫২৭ বৰ্গফুট আৰু ইয়াৰ মূল্য ১৫৫ কোটি টকা। এই লেনদেনৰ বাবে আদায় দিবলীয়া কৰৰ  পৰিমাণ হৈছে ৯.৩ কোটি টকা, আৰু পঞ্জীয়ন মাচুল হৈছে ৩০ হাজাৰ টকা ।


পুনৰ উন্নীত কৰা ভৱনটোত দিলীপ কুমাৰৰ নামত  উৎসৰ্গিত ২০০০ বৰ্গফুটৰ এটা  সংগ্ৰহালয়ৰ লগতে ৪ আৰু ৫ বিএইচকে বিলাসী এপাৰ্টমেণ্টো আছে। তলৰ মহলাত অৱস্থিত এই সংগ্ৰহালয়টো তেওঁৰ পত্নী ছাইৰা বানুৰ সৈতে আলোচনা কৰি নিৰ্মাণ কৰা হৈছে।

দিলীপ কুমাৰৰ এই সম্পত্তিক লৈ  দীৰ্ঘদিনীয়া আইনী যুঁজ চলি আহিছে। দিলীপ কুমাৰে এই সম্পত্তিৰ অধিকাৰ লাভ কৰিছিল  হাছান চামৰুদ্দিনৰ পৰা, যিয়ে খাটাউ ট্ৰাষ্টৰ নামত সম্পত্তিটো নিজৰ নামত ৰাখিছিল। দিলীপ কুমাৰৰ পৰিয়ালটোৱে সম্পত্তিটোৰ  উন্নয়ন কৰাৰ উদ্দেশ্যে অগ্ৰসৰ হৈছিল যদিও  ২০১৪ চনত খাটাউ ট্ৰাষ্টৰ উত্তৰাধিকাৰীসকলৰ পৰা উচ্ছেদৰ জাননী লাভ কৰাৰ  ফলত আইনী বিবাদৰ সৃষ্টি হয়। এই বিবাদৰ সৃষ্টি হোৱাৰ সময়ত দিলীপ কুমাৰ আৰু ছাইৰা বানুৱে ছাইৰা নিভাছ বাংলোত বাস কৰিছিল। ২০১৭ চনত এই দম্পতীহালে এই গোচৰত জয়ী হয় মুম্বাই আৰক্ষীৰ পৰা বাংলোটোৰ চাবি লাভ কৰিবলৈ সক্ষম হয়। ২০২১ চনত দিলীপ কুমাৰৰ মৃত্যু হয়।২০২৩ চনত এটা বিলাসী টাৱাৰ নিৰ্মাণৰ বাবে সেই অট্টালিকাটো  ভাঙি পেলোৱা হ’ব বুলি খবৰ ওলাইছিল। কিন্তু পিছত সেয়া মিছা বুলি প্ৰমাণ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
Advertisement