--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা দিলীপ কুমাৰৰ মুম্বাইৰ পালি হিলস্থিত বৃহৎ ট্ৰিপ্লেক্স এপাৰ্টমেণ্টটো ১৭২ কোটি টকাত বিক্ৰী হৈছে। এই অট্টালিকাৰ মূল্য প্ৰতি বৰ্গফুটত ১.৮১ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। তেওঁৰ পূৰ্বৰ  আড়ম্বৰপূৰ্ণ বাংলোটোক বিলাসী অট্টালিকালৈ  উন্নীত কৰাৰ  পিছতে ঘৰটো  ১৭২ কোটি টকাত বিক্ৰী হয়। নিৰ্মাণ কোম্পানী এপকো ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডে ক্ৰয় কৰিছে দিলীপ কুমাৰৰ এই বিলাসী সম্পত্তি। অট্টালিকাটোৰ নৱম,  দশম আৰু একাদশ মহলাত থকা  কাৰ্পেট এলেকা ৯৫২৭ বৰ্গফুট আৰু ইয়াৰ মূল্য ১৫৫ কোটি টকা। এই লেনদেনৰ বাবে আদায় দিবলীয়া কৰৰ  পৰিমাণ হৈছে ৯.৩ কোটি টকা, আৰু পঞ্জীয়ন মাচুল হৈছে ৩০ হাজাৰ টকা ।


পুনৰ উন্নীত কৰা ভৱনটোত দিলীপ কুমাৰৰ নামত  উৎসৰ্গিত ২০০০ বৰ্গফুটৰ এটা  সংগ্ৰহালয়ৰ লগতে ৪ আৰু ৫ বিএইচকে বিলাসী এপাৰ্টমেণ্টো আছে। তলৰ মহলাত অৱস্থিত এই সংগ্ৰহালয়টো তেওঁৰ পত্নী ছাইৰা বানুৰ সৈতে আলোচনা কৰি নিৰ্মাণ কৰা হৈছে।

দিলীপ কুমাৰৰ এই সম্পত্তিক লৈ  দীৰ্ঘদিনীয়া আইনী যুঁজ চলি আহিছে। দিলীপ কুমাৰে এই সম্পত্তিৰ অধিকাৰ লাভ কৰিছিল  হাছান চামৰুদ্দিনৰ পৰা, যিয়ে খাটাউ ট্ৰাষ্টৰ নামত সম্পত্তিটো নিজৰ নামত ৰাখিছিল। দিলীপ কুমাৰৰ পৰিয়ালটোৱে সম্পত্তিটোৰ  উন্নয়ন কৰাৰ উদ্দেশ্যে অগ্ৰসৰ হৈছিল যদিও  ২০১৪ চনত খাটাউ ট্ৰাষ্টৰ উত্তৰাধিকাৰীসকলৰ পৰা উচ্ছেদৰ জাননী লাভ কৰাৰ  ফলত আইনী বিবাদৰ সৃষ্টি হয়। এই বিবাদৰ সৃষ্টি হোৱাৰ সময়ত দিলীপ কুমাৰ আৰু ছাইৰা বানুৱে ছাইৰা নিভাছ বাংলোত বাস কৰিছিল। ২০১৭ চনত এই দম্পতীহালে এই গোচৰত জয়ী হয় মুম্বাই আৰক্ষীৰ পৰা বাংলোটোৰ চাবি লাভ কৰিবলৈ সক্ষম হয়। ২০২১ চনত দিলীপ কুমাৰৰ মৃত্যু হয়।২০২৩ চনত এটা বিলাসী টাৱাৰ নিৰ্মাণৰ বাবে সেই অট্টালিকাটো  ভাঙি পেলোৱা হ’ব বুলি খবৰ ওলাইছিল। কিন্তু পিছত সেয়া মিছা বুলি প্ৰমাণ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ