--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মানুহে বিউটি পাৰ্লাৰলৈ যায়। কিন্তু কেতিয়াবা বিউটি পাৰ্লাৰত অঘটন ঘটাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ এগৰাকী মহিলাৰ সৌন্দৰ্য নষ্ট কৰিলে এখন বিউটি পাৰ্লাৰে। ১৭,৫০০ টকাৰ ফেচিয়েল মালিচ কৰিবলৈ গৈ ছাল পোৰা গ’ল মুম্বাইৰ এগৰাকী মহিলাৰ। বিউটি পাৰ্লাৰখনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

মুম্বাইৰ মহিলাগৰাকীয়ে মুখৰ মালিচৰ চিকিৎসাৰ ফলত ছাল পোৰা আৰু ছালখনৰ বিষম ক্ষতিগ্ৰস্ত হোৱাৰ পাছত বিউটি চেলুনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

এই ঘটনা সংঘটিত হৈছিল যোৱা ১৭ জুনত আন্ধেৰীৰ কামধেনু শ্বপিং চেণ্টাৰৰ গ্ল’ লাক্স চেলুনত। ১৭,৫০০ টকাৰ হাইড্ৰফেচিয়েল ট্ৰিটমেণ্ট কৰি বিপদত পৰিল নাম প্ৰকাশত অনিচ্চুক মহিলাগৰাকী।

হাইড্ৰাফেচিয়েল হৈছে মেডিকেল গ্ৰেডৰ ৰিছাৰ্ফেচিং ট্ৰিটমেণ্ট যিয়ে ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰে আৰু ছাল হাইড্ৰেট কৰে। ইয়াক অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসা পেছাদাৰী সুবিধাসমূহত প্ৰদান কৰা হয় আৰু ইয়াত এজন প্ৰমাণিত হাইড্ৰাফেচিয়েল এষ্টেটিচিয়ান উপলব্ধ থাকে।

চিকিৎসাৰ অন্তত মহিলাগৰাকীয়ে জ্বলা-পোৰা অনুভৱ কৰি ছালৰ বিশেষজ্ঞৰ কাষ চাপিছিল আৰু তেওঁ কয় যে মালিচৰ ফলত ছাল পুৰি গৈছে আৰু স্থায়ীভাৱে ছাল ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পাছতে মহিলাগৰাকীয়ে স্থানীয় এম এন এছ কৰ্পৰেটৰ প্ৰশান্ত ৰাণেৰ সহায়ত এফ আই আৰ দাখিল কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে