--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মানুহে বিউটি পাৰ্লাৰলৈ যায়। কিন্তু কেতিয়াবা বিউটি পাৰ্লাৰত অঘটন ঘটাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ এগৰাকী মহিলাৰ সৌন্দৰ্য নষ্ট কৰিলে এখন বিউটি পাৰ্লাৰে। ১৭,৫০০ টকাৰ ফেচিয়েল মালিচ কৰিবলৈ গৈ ছাল পোৰা গ’ল মুম্বাইৰ এগৰাকী মহিলাৰ। বিউটি পাৰ্লাৰখনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

মুম্বাইৰ মহিলাগৰাকীয়ে মুখৰ মালিচৰ চিকিৎসাৰ ফলত ছাল পোৰা আৰু ছালখনৰ বিষম ক্ষতিগ্ৰস্ত হোৱাৰ পাছত বিউটি চেলুনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

এই ঘটনা সংঘটিত হৈছিল যোৱা ১৭ জুনত আন্ধেৰীৰ কামধেনু শ্বপিং চেণ্টাৰৰ গ্ল’ লাক্স চেলুনত। ১৭,৫০০ টকাৰ হাইড্ৰফেচিয়েল ট্ৰিটমেণ্ট কৰি বিপদত পৰিল নাম প্ৰকাশত অনিচ্চুক মহিলাগৰাকী।

হাইড্ৰাফেচিয়েল হৈছে মেডিকেল গ্ৰেডৰ ৰিছাৰ্ফেচিং ট্ৰিটমেণ্ট যিয়ে ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰে আৰু ছাল হাইড্ৰেট কৰে। ইয়াক অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসা পেছাদাৰী সুবিধাসমূহত প্ৰদান কৰা হয় আৰু ইয়াত এজন প্ৰমাণিত হাইড্ৰাফেচিয়েল এষ্টেটিচিয়ান উপলব্ধ থাকে।

চিকিৎসাৰ অন্তত মহিলাগৰাকীয়ে জ্বলা-পোৰা অনুভৱ কৰি ছালৰ বিশেষজ্ঞৰ কাষ চাপিছিল আৰু তেওঁ কয় যে মালিচৰ ফলত ছাল পুৰি গৈছে আৰু স্থায়ীভাৱে ছাল ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পাছতে মহিলাগৰাকীয়ে স্থানীয় এম এন এছ কৰ্পৰেটৰ প্ৰশান্ত ৰাণেৰ সহায়ত এফ আই আৰ দাখিল কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী