--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতিনিদিনৰ বাবে দেশত নাথাকে  প্ৰধানমন্ত্ৰী   নৰেন্দ্ৰ মোদী।  তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচীলৈ আমেৰিকা অভিমুখে আজি যাত্ৰা আৰম্ভ কৰিছে মোদীয়ে দিল্লীৰ পৰা তেওঁৰ বিমানখনে মঙলবাৰে পুৱা আমেৰিকা অভিমুখে  ৰাওনা হয়। ভাৰতীয় সময় অনুসৰি, তেওঁ বুধবাৰে (২১ জুন) পুৱতি নিশা ১.৩০  বজাত ৱাশ্বিংটনৰ এণ্ড্ৰুজ বায়ু সেনা ঘাটিত অৱতৰণ কৰিব।

 বিমান ঘাটিত নিশাই  ভাৰতীয়-আমেৰিকানসকলৰ এটা দলে মোদীক আদৰণি জনাব।তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে ভাৰতীয় মূলৰ একাংশ ব্যক্তিক  সাক্ষাৎ কৰিব। তেওঁ বুধবাৰে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আয়োজিত আন্তৰ্জাতিক যোগ দিৱসতো অংশগ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বৃহস্পতিবাৰে, ২২ জুনত মোদীক সাক্ষাৎ কৰিব। আন্তৰ্জাতিক সম্প্ৰদায়ে অপেক্ষা কৰি থকা মোদী-বিডেনৰ বৈঠকখন সেই দিনাই অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

 বিডেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত মোদীৰ সৈতে এয়া হ’ব  প্ৰথম দ্বিপাক্ষিক বৈঠক ।
মোদীৰ ভ্ৰমর সময়তে ভাৰতৰ বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই সাংবাদিকসকলক মোদী আৰু বিডেনে হোৱাইট হাউচত কৰিবলগীয়া  আলোচনাৰ বিষয়বোৰৰ বিষয়ে অৱগত কৰিছে। তেওঁ কয় যে বৈঠকৰ আলোচনাৰ মূল বিষয় হ'ব প্ৰতিৰক্ষা সঁজুলিৰ বিকাশ আৰু বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি। মোদী আৰু বিডেনে উদ্যোগ আৰু বাণিজ্যত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰিব। টেলিকম আৰু মহাকাশ গৱেষণাত বিনিয়োগ সম্পৰ্কীয় বিষয়েও আলোচনাত ঠাই পাব।

বৃহস্পতিবাৰৰ বৈঠকৰ পিছত  প্ৰধানমন্ত্ৰী মোদীয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ দিব। তাৰ পিছত তেওঁ বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনৰ সৈতে এক নৈশ ভোজত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে পিছদিনা মোদীৰ সন্মানাৰ্থে  এক মধ্যাহ্ন ভোজনৰ আয়োজন কৰিব।

মোদীয়ে আমেৰিকা ভ্ৰমণ সমাপ্ত কৰি  ইজিপ্ত ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। মোদীয়ে  ২৪ আৰু ২৫ জুনত ইজিপ্তত থাকিব। তাত তেওঁ একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু