--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতিনিদিনৰ বাবে দেশত নাথাকে  প্ৰধানমন্ত্ৰী   নৰেন্দ্ৰ মোদী।  তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচীলৈ আমেৰিকা অভিমুখে আজি যাত্ৰা আৰম্ভ কৰিছে মোদীয়ে দিল্লীৰ পৰা তেওঁৰ বিমানখনে মঙলবাৰে পুৱা আমেৰিকা অভিমুখে  ৰাওনা হয়। ভাৰতীয় সময় অনুসৰি, তেওঁ বুধবাৰে (২১ জুন) পুৱতি নিশা ১.৩০  বজাত ৱাশ্বিংটনৰ এণ্ড্ৰুজ বায়ু সেনা ঘাটিত অৱতৰণ কৰিব।

 বিমান ঘাটিত নিশাই  ভাৰতীয়-আমেৰিকানসকলৰ এটা দলে মোদীক আদৰণি জনাব।তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে ভাৰতীয় মূলৰ একাংশ ব্যক্তিক  সাক্ষাৎ কৰিব। তেওঁ বুধবাৰে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আয়োজিত আন্তৰ্জাতিক যোগ দিৱসতো অংশগ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বৃহস্পতিবাৰে, ২২ জুনত মোদীক সাক্ষাৎ কৰিব। আন্তৰ্জাতিক সম্প্ৰদায়ে অপেক্ষা কৰি থকা মোদী-বিডেনৰ বৈঠকখন সেই দিনাই অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

 বিডেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত মোদীৰ সৈতে এয়া হ’ব  প্ৰথম দ্বিপাক্ষিক বৈঠক ।
মোদীৰ ভ্ৰমর সময়তে ভাৰতৰ বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই সাংবাদিকসকলক মোদী আৰু বিডেনে হোৱাইট হাউচত কৰিবলগীয়া  আলোচনাৰ বিষয়বোৰৰ বিষয়ে অৱগত কৰিছে। তেওঁ কয় যে বৈঠকৰ আলোচনাৰ মূল বিষয় হ'ব প্ৰতিৰক্ষা সঁজুলিৰ বিকাশ আৰু বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি। মোদী আৰু বিডেনে উদ্যোগ আৰু বাণিজ্যত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰিব। টেলিকম আৰু মহাকাশ গৱেষণাত বিনিয়োগ সম্পৰ্কীয় বিষয়েও আলোচনাত ঠাই পাব।

বৃহস্পতিবাৰৰ বৈঠকৰ পিছত  প্ৰধানমন্ত্ৰী মোদীয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ দিব। তাৰ পিছত তেওঁ বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনৰ সৈতে এক নৈশ ভোজত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে পিছদিনা মোদীৰ সন্মানাৰ্থে  এক মধ্যাহ্ন ভোজনৰ আয়োজন কৰিব।

মোদীয়ে আমেৰিকা ভ্ৰমণ সমাপ্ত কৰি  ইজিপ্ত ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। মোদীয়ে  ২৪ আৰু ২৫ জুনত ইজিপ্তত থাকিব। তাত তেওঁ একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে