--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰূপালী পৰ্দাত অভিনয় কৰিবলৈ হ’লে সুন্দৰ মুখ, সুগঠিত শৰীৰৰ প্ৰয়োজন বুলি আজিও সমাজৰ একাংশ ব্যক্তিয়ে ধাৰণা কৰি লয়। বিশেষকৈ অভিনেত্ৰীসকলৰ ক্ষেত্ৰত আজিও এই পুৰাতন ৰীতি প্ৰচলিত। এই মানসিকতাৰ বশৱৰ্তী হৈ একাধিক নায়িকাই শৰীৰৰ অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ শাৰীৰিক গঠনেই সলনি কৰি লৈছে। কিছুমানৰ ওঁঠ সলনি হৈছে, কিছুমানৰ নাক। এনে পৰিস্থিতিৰ মুখামুখি হৈছিল বলীউড অভিনেত্ৰী দীপিকা পাডুকনে। সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে দীপিকা পাডুকোনৰ 'গেহৰাইয়া'। দৰ্শকে ছবিখনৰ কিমান গভীৰতালৈ শিপাইছে সেয়া ইতিমধ্যে সকলোৰে অৱগত! ছবিখনক কেন্দ্ৰ কিৰ নানা কথাৰ প্ৰসংগও অৱতাৰনা হৈছে। সমালোচকৰ চোকা বাক্যবানৰো সন্মুখীন হ’বলগীয়া হৈছে দীপিকাৰ লগতে ছবিখনৰ সৈতে জৰিত প্ৰতিজন কলা-কুশলী। পাছে এইবাৰ দীপিকাই চৰ্চাৰ মাজলৈ আহিছে অন্য এটা কাৰণতহে। মন কৰিবলগীয়া যে, অলপতে মুক্তি পোৱা ছবিখনৰ প্ৰচাৰৰ সময়ত দীপিকাই দিয়া এক সাক্ষাৎকাৰত তেওঁৰ অভিনয় জীৱনৰ অভিজ্ঞতাৰ কিছু কথা ভাগ বতৰা কৰিছিল। অভিনয় জগতত খোজ দিয়াৰ পাছত বিভিন্ন জনৰ বিভিন্ন কথা শুনিবলগীয়া হৈছিল দীপিকাই। বেডমিণ্টন খেলুৱৈ দীপিকাই মডেলিং কেৰিয়াৰত ভৰি দিয়াৰ পাছত এগৰাকী ব্যক্তিয়ে তেওঁক অদ্ভুত পৰামৰ্শ দিছিল। সেই কথা তেওঁ নিজেই মুকলিকৈ প্ৰকাশ কৰিছে। ১৮ বছৰীয়া দীপিকা তেতিয়া ভৰ যৌৱনত ভৰি দিছে। তেতিয়াই দীপিকাই তিক্ত বাস্তৱৰ মুখামুখি হ’বলগীয়া হৈছিল। এগৰাকী ব্যক্তিয়ে হেনো দীপিকাক স্তন সংৰোপনৰ পৰামৰ্শ দিছিল। এই প্ৰসংগত দীপিকাই কয়, ‘সৌভাগ্যক্ৰমে, মই তেওঁৰ কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিলো।’ একে সময়তে বেয়া পৰামৰ্শ লগতে বিভিন্নজনৰ পৰা ভাল পৰামৰ্শও লাভ কৰিছে বলীউড অভিনেত্ৰী গৰাকীয়ে। শ্বাহৰূখ খানে তেওঁৰ অভিনয় কেৰিয়াৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি জনাইছে ৰূপালী পৰ্দাৰ ‘পদ্মাৱতী’য়ে। দীপিকাই কয়, ‘মই শ্বাহৰূখ খানৰ সবাটোকৈ ভাল পৰামৰ্শ লাভ কৰিছিলো।তেওঁৰ পৰা জীৱনত বহুত শিকিছো। তেওঁ কৈছিল যে, যাৰ সৈতে কাম কৰি ভাল লাগে, তেওঁৰ সৈতে সদায় কাম কৰি যাওক। কিয়নো, আপুনি যেতিয়া এখন ছবিত অভিনয় কৰে তেতিয়া এটা জীৱনো উদযাপন কৰি থকা যায়।’ স্মৰ্তব্য যে, দীপিকাই ২০০৭ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল 'ওম শান্তি ওম'। ছবিখনত তেওঁৰ বিপৰীতে শ্বাহৰূখ খান আৰু অৰ্জুন ৰামপালে অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনা আছিল ফাৰহা খানৰ। 'ওম শান্তি ওম' ছবিত অভিনয় কৰাৰ সময়ত দীপিকাৰ বয়স আছিল ২১ বছৰ। তাৰ পাছত আৰু থমকি ৰোৱা নাই দীপিকাই। 'ইয়ে জৱানী হে দিৱানী', 'চেন্নাই এক্সপ্ৰেছ', 'হেপী নিউ ইয়েৰ', 'বাজীৰাও মস্তানী'ৰ দৰে ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে বলীউড অভিেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু