--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰূপালী পৰ্দাত অভিনয় কৰিবলৈ হ’লে সুন্দৰ মুখ, সুগঠিত শৰীৰৰ প্ৰয়োজন বুলি আজিও সমাজৰ একাংশ ব্যক্তিয়ে ধাৰণা কৰি লয়। বিশেষকৈ অভিনেত্ৰীসকলৰ ক্ষেত্ৰত আজিও এই পুৰাতন ৰীতি প্ৰচলিত। এই মানসিকতাৰ বশৱৰ্তী হৈ একাধিক নায়িকাই শৰীৰৰ অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ শাৰীৰিক গঠনেই সলনি কৰি লৈছে। কিছুমানৰ ওঁঠ সলনি হৈছে, কিছুমানৰ নাক। এনে পৰিস্থিতিৰ মুখামুখি হৈছিল বলীউড অভিনেত্ৰী দীপিকা পাডুকনে। সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে দীপিকা পাডুকোনৰ 'গেহৰাইয়া'। দৰ্শকে ছবিখনৰ কিমান গভীৰতালৈ শিপাইছে সেয়া ইতিমধ্যে সকলোৰে অৱগত! ছবিখনক কেন্দ্ৰ কিৰ নানা কথাৰ প্ৰসংগও অৱতাৰনা হৈছে। সমালোচকৰ চোকা বাক্যবানৰো সন্মুখীন হ’বলগীয়া হৈছে দীপিকাৰ লগতে ছবিখনৰ সৈতে জৰিত প্ৰতিজন কলা-কুশলী। পাছে এইবাৰ দীপিকাই চৰ্চাৰ মাজলৈ আহিছে অন্য এটা কাৰণতহে। মন কৰিবলগীয়া যে, অলপতে মুক্তি পোৱা ছবিখনৰ প্ৰচাৰৰ সময়ত দীপিকাই দিয়া এক সাক্ষাৎকাৰত তেওঁৰ অভিনয় জীৱনৰ অভিজ্ঞতাৰ কিছু কথা ভাগ বতৰা কৰিছিল। অভিনয় জগতত খোজ দিয়াৰ পাছত বিভিন্ন জনৰ বিভিন্ন কথা শুনিবলগীয়া হৈছিল দীপিকাই। বেডমিণ্টন খেলুৱৈ দীপিকাই মডেলিং কেৰিয়াৰত ভৰি দিয়াৰ পাছত এগৰাকী ব্যক্তিয়ে তেওঁক অদ্ভুত পৰামৰ্শ দিছিল। সেই কথা তেওঁ নিজেই মুকলিকৈ প্ৰকাশ কৰিছে। ১৮ বছৰীয়া দীপিকা তেতিয়া ভৰ যৌৱনত ভৰি দিছে। তেতিয়াই দীপিকাই তিক্ত বাস্তৱৰ মুখামুখি হ’বলগীয়া হৈছিল। এগৰাকী ব্যক্তিয়ে হেনো দীপিকাক স্তন সংৰোপনৰ পৰামৰ্শ দিছিল। এই প্ৰসংগত দীপিকাই কয়, ‘সৌভাগ্যক্ৰমে, মই তেওঁৰ কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিলো।’ একে সময়তে বেয়া পৰামৰ্শ লগতে বিভিন্নজনৰ পৰা ভাল পৰামৰ্শও লাভ কৰিছে বলীউড অভিনেত্ৰী গৰাকীয়ে। শ্বাহৰূখ খানে তেওঁৰ অভিনয় কেৰিয়াৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি জনাইছে ৰূপালী পৰ্দাৰ ‘পদ্মাৱতী’য়ে। দীপিকাই কয়, ‘মই শ্বাহৰূখ খানৰ সবাটোকৈ ভাল পৰামৰ্শ লাভ কৰিছিলো।তেওঁৰ পৰা জীৱনত বহুত শিকিছো। তেওঁ কৈছিল যে, যাৰ সৈতে কাম কৰি ভাল লাগে, তেওঁৰ সৈতে সদায় কাম কৰি যাওক। কিয়নো, আপুনি যেতিয়া এখন ছবিত অভিনয় কৰে তেতিয়া এটা জীৱনো উদযাপন কৰি থকা যায়।’ স্মৰ্তব্য যে, দীপিকাই ২০০৭ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল 'ওম শান্তি ওম'। ছবিখনত তেওঁৰ বিপৰীতে শ্বাহৰূখ খান আৰু অৰ্জুন ৰামপালে অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনা আছিল ফাৰহা খানৰ। 'ওম শান্তি ওম' ছবিত অভিনয় কৰাৰ সময়ত দীপিকাৰ বয়স আছিল ২১ বছৰ। তাৰ পাছত আৰু থমকি ৰোৱা নাই দীপিকাই। 'ইয়ে জৱানী হে দিৱানী', 'চেন্নাই এক্সপ্ৰেছ', 'হেপী নিউ ইয়েৰ', 'বাজীৰাও মস্তানী'ৰ দৰে ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে বলীউড অভিেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ