--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় গায়ক মিকা সিং এক বিশেষ কাৰণত চৰ্চালৈ আহিছে। তেওঁ গানতকৈ বেছি বিতৰ্কৰ বাবেহে অধিক চৰ্চালৈ আহে। পিছে এইবাৰ তেওঁ চৰ্চালৈ অহাৰ কাৰণ বেলেগ। বিয়া পাতিবলৈ মন মেলিছে মিকা সিঙে। মিকা সিঙে অতি শীঘ্ৰেই তেওঁৰ স্বয়ম্বৰ আয়োজন কৰিবলৈ গৈ আছে। স্বয়ম্বৰৰ জৰিয়তে নিজৰ জীৱনসংগী বিচাৰিব মিকাই। দৰাচলতে বলীউডৰ বিখ্যাত গায়কজনে এটা ৰিয়েলিটি শ্ব'ৰ জৰিয়তে তেওঁৰ কইনাক বিচাৰিবলৈ সাজু হৈছে। এক সূত্ৰই জনোৱা মতে, ৰিয়েলিটি শ্ব'টো আগতে হোৱা স্বয়ম্বৰৰ দৰে একে হ'ব। শ্ব'টো কেইমাহমান সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।মিকাই এই অনুষ্ঠানটোত বিবাহপাশত আৱদ্ধ নহয়, কেৱল তেওঁৰ পচন্দৰ যুৱতীৰ সৈতে বাগদান কৰিব আৰু তাৰপাছত তেওঁলোকৰ সম্পৰ্ক আগুৱাই নিব। ৪৪ বছৰীয়া মিকা সিং নিজৰ স্বয়ম্বৰক লৈ অতি উৎসাহিত হৈ আছে। অনুষ্ঠানটোলৈ সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যৰ যুৱতী মিকাৰ কইনা হ'বৰ বাবে আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মিকা সিং টিভি চেনেলত স্বয়ম্বৰ আয়োজন কৰা প্ৰথমজন নহয়। আগতেও এনে ধৰণৰ স্বয়ম্বৰ অনুষ্ঠিত হৈছিল। টিভি অভিনেত্ৰী ৰতন ৰাজপুত, ৰাখী সাৱন্ত আৰু মল্লিকা শ্বেৰাৱটেও স্বয়ম্বৰৰ জৰিয়তে তেওঁলোকৰ সংগী বাছনি কৰিছিল। অৱশ্যে তেওঁলোক বিবাহপাশত আবদ্ধ হোৱা নাছিল। আনহাতে ৰাহুল মহাজনে ৰিয়েলিটি শ্ব' 'ৰাহুল দুলহানিয়া লে জায়েংগে' নামৰ স্বয়ম্বৰৰ অনুষ্ঠানৰ জৰিয়তে বঙালী মডেল ডিম্পী গাংগুলীক তেওঁৰ কইনা হিচাপে বাছনি কৰিছিল। ডিম্পীৰ সৈতে তেওঁ বিবাহপাশতো আবদ্ধ হৈছিল। ৰাহুলে ডিম্পীক ২০১০ চনত বিয়া পাতিছিলে আৰু ২০১৫ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। এতিয়া মিকাৰ কি গতি হয় সেয়াহে হ'ব লক্ষ্যণীয়। আৰু পঢ়কঃ ৪ বছৰীয়া শিশু হ’ল কনিষ্টবল; এছএছপিয়ে দিলে নিযুক্তি পত্ৰ! কেনেকৈ সম্ভৱ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু