--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় গায়ক মিকা সিং এক বিশেষ কাৰণত চৰ্চালৈ আহিছে। তেওঁ গানতকৈ বেছি বিতৰ্কৰ বাবেহে অধিক চৰ্চালৈ আহে। পিছে এইবাৰ তেওঁ চৰ্চালৈ অহাৰ কাৰণ বেলেগ। বিয়া পাতিবলৈ মন মেলিছে মিকা সিঙে। মিকা সিঙে অতি শীঘ্ৰেই তেওঁৰ স্বয়ম্বৰ আয়োজন কৰিবলৈ গৈ আছে। স্বয়ম্বৰৰ জৰিয়তে নিজৰ জীৱনসংগী বিচাৰিব মিকাই। দৰাচলতে বলীউডৰ বিখ্যাত গায়কজনে এটা ৰিয়েলিটি শ্ব'ৰ জৰিয়তে তেওঁৰ কইনাক বিচাৰিবলৈ সাজু হৈছে। এক সূত্ৰই জনোৱা মতে, ৰিয়েলিটি শ্ব'টো আগতে হোৱা স্বয়ম্বৰৰ দৰে একে হ'ব। শ্ব'টো কেইমাহমান সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।মিকাই এই অনুষ্ঠানটোত বিবাহপাশত আৱদ্ধ নহয়, কেৱল তেওঁৰ পচন্দৰ যুৱতীৰ সৈতে বাগদান কৰিব আৰু তাৰপাছত তেওঁলোকৰ সম্পৰ্ক আগুৱাই নিব। ৪৪ বছৰীয়া মিকা সিং নিজৰ স্বয়ম্বৰক লৈ অতি উৎসাহিত হৈ আছে। অনুষ্ঠানটোলৈ সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যৰ যুৱতী মিকাৰ কইনা হ'বৰ বাবে আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মিকা সিং টিভি চেনেলত স্বয়ম্বৰ আয়োজন কৰা প্ৰথমজন নহয়। আগতেও এনে ধৰণৰ স্বয়ম্বৰ অনুষ্ঠিত হৈছিল। টিভি অভিনেত্ৰী ৰতন ৰাজপুত, ৰাখী সাৱন্ত আৰু মল্লিকা শ্বেৰাৱটেও স্বয়ম্বৰৰ জৰিয়তে তেওঁলোকৰ সংগী বাছনি কৰিছিল। অৱশ্যে তেওঁলোক বিবাহপাশত আবদ্ধ হোৱা নাছিল। আনহাতে ৰাহুল মহাজনে ৰিয়েলিটি শ্ব' 'ৰাহুল দুলহানিয়া লে জায়েংগে' নামৰ স্বয়ম্বৰৰ অনুষ্ঠানৰ জৰিয়তে বঙালী মডেল ডিম্পী গাংগুলীক তেওঁৰ কইনা হিচাপে বাছনি কৰিছিল। ডিম্পীৰ সৈতে তেওঁ বিবাহপাশতো আবদ্ধ হৈছিল। ৰাহুলে ডিম্পীক ২০১০ চনত বিয়া পাতিছিলে আৰু ২০১৫ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। এতিয়া মিকাৰ কি গতি হয় সেয়াহে হ'ব লক্ষ্যণীয়। আৰু পঢ়কঃ ৪ বছৰীয়া শিশু হ’ল কনিষ্টবল; এছএছপিয়ে দিলে নিযুক্তি পত্ৰ! কেনেকৈ সম্ভৱ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু