--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন স্বামী। দুগৰাকী পত্নী। টকাৰ লোভত প্ৰথম পত্নীয়ে স্বেচ্ছাই তেওঁৰ স্বামীক আন এগৰাকী মহিলাৰ হাতত তুলি দিছে। নব্বৈৰ দশকৰ মাজভাগত এনে কাহিনীৰেই দৰ্শকৰ হৃদয়ত খলকনি তুলিছিল অনিল কাপুৰ, শ্ৰীদেৱী আৰু উৰ্মিলা মাতোণ্ডকাৰৰ ছবি 'জুদাই' । তিনি তাৰকাৰ অভিনয়ৰ লগতে ছবিখনৰ কেইবাটাও গীতে দৰ্শকৰ মন জয় কৰিছিল। কিন্তু এই ছবিখনত অভিনয়ৰ বাবে মুইঠেই আগ্ৰহী নাছিল অনিল কাপুৰ। ছবিখনৰ মুক্তিৰ ২৫বছৰ পাছত, অভিনেতাজনে এই কথা নিজেই প্ৰকাশ কৰিছে। ১৯৯৪ চনৰ তেলেগু চলচ্চিত্ৰ 'শুভলাগনাম'ৰ হিন্দী ৰিমেক 'জুদাই' ১৯৯৬ চনত মুক্তি লাভ কৰিছিল। ৰাজ কোৱৰ পৰিচালিত চলচ্চিত্ৰখনৰ প্ৰযোজক আছিল অনিল কাপুৰৰ পিতৃ সুৰীন্দৰ কাপুৰ। শেহতীয়া এক সাক্ষাৎকাৰত অনিলে কয় যে, তেওঁ এই ছবিখনত অভিনয়ৰ বাবে ইচ্ছুক নাছিল। কাৰণ, তেওঁ ছবিৰ চৰিত্ৰটোৰ সৈতে নিজকে খাপ খুৱাব পৰা নাছিল অনিলে। সেয়েহে প্ৰথমতে তেওঁ 'জুদাই'ত অভিয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল। তেন্তে পৰৱৰ্তী সময়ত অনিলে কিয় সন্মত হৈছিল? অভিনেতাজনে এই বিষয়ে সদৰী কৰিছে। অনিলে কয়, ‘মোৰ পিতৃ ছবিখনৰ প্ৰযোজক আছিল। তাৰ আগতে, 'ৰূপ কি ৰাণী চোৰো কা ৰাজা' ছবিখনে ব’ক্স অফিছত প্ৰত্যাশিত সমাদৰ লাভ নকৰিলে। বৃহৎ পৰিমাণ ধনৰ ক্ষতি হৈছিল আমাৰ পাৰিবাৰিক প্ৰযোজক সংস্থাটোৰ। তাৰ পাছতে ‘জুদাই’। এই ছবিখনৰ পৰাই আমি আমাৰ লোকচান পূৰণ কৰিবলৈ আগবাঢ়িছিলো। ফলস্বৰূপে, এই ছবিখনত কাম কৰিবলৈ ঘৰৰ পৰা যথেষ্ট চাপ আছিল। সংস্থাটোৰ পৰাও পাইছিলো চাপ। সেইকাৰণে, মই অৱশেষত চলচ্চিত্ৰখনৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মত হৈছিলো। পৰিয়াল আৰু উপাৰ্জনৰ হেঁচাত মই 'জুদাই'ত কাম কৰো।’ স্মৰ্তব্য যে, 'জুদাই'ত অভিনয় কৰাৰ সময়ত অনিল এজন ব্যস্ত নায়ক আছিল। প্ৰায় তিনিটা দশক বলীউডত অতিবাহিত কৰা 'মিষ্টাৰ ইণ্ডিয়া'ই আজিও সমানে সমাদৃত। শেহতীয়াকৈ নীতু কাপুৰ, বৰুণ ধাৱান আৰু কিয়াৰা আদৱানীৰ সৈতে 'যুগ যুগ জিঅ' ছবিত দেখিবলৈ পোৱা যাব অনিল কাপুৰক। আনহাতে, ৰণবীৰ কাপুৰ-পৰিণীতি চোপ্ৰাৰ 'এনিমেল' আৰু পৰিচালক সিদ্ধাৰ্থ আনন্দৰ নতুন ছবি 'ফাইটাৰ'ত দুটা চৰিত্ৰত অভিনয় কৰিব অনিল কাপুৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু