--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন স্বামী। দুগৰাকী পত্নী। টকাৰ লোভত প্ৰথম পত্নীয়ে স্বেচ্ছাই তেওঁৰ স্বামীক আন এগৰাকী মহিলাৰ হাতত তুলি দিছে। নব্বৈৰ দশকৰ মাজভাগত এনে কাহিনীৰেই দৰ্শকৰ হৃদয়ত খলকনি তুলিছিল অনিল কাপুৰ, শ্ৰীদেৱী আৰু উৰ্মিলা মাতোণ্ডকাৰৰ ছবি 'জুদাই' । তিনি তাৰকাৰ অভিনয়ৰ লগতে ছবিখনৰ কেইবাটাও গীতে দৰ্শকৰ মন জয় কৰিছিল। কিন্তু এই ছবিখনত অভিনয়ৰ বাবে মুইঠেই আগ্ৰহী নাছিল অনিল কাপুৰ। ছবিখনৰ মুক্তিৰ ২৫বছৰ পাছত, অভিনেতাজনে এই কথা নিজেই প্ৰকাশ কৰিছে। ১৯৯৪ চনৰ তেলেগু চলচ্চিত্ৰ 'শুভলাগনাম'ৰ হিন্দী ৰিমেক 'জুদাই' ১৯৯৬ চনত মুক্তি লাভ কৰিছিল। ৰাজ কোৱৰ পৰিচালিত চলচ্চিত্ৰখনৰ প্ৰযোজক আছিল অনিল কাপুৰৰ পিতৃ সুৰীন্দৰ কাপুৰ। শেহতীয়া এক সাক্ষাৎকাৰত অনিলে কয় যে, তেওঁ এই ছবিখনত অভিনয়ৰ বাবে ইচ্ছুক নাছিল। কাৰণ, তেওঁ ছবিৰ চৰিত্ৰটোৰ সৈতে নিজকে খাপ খুৱাব পৰা নাছিল অনিলে। সেয়েহে প্ৰথমতে তেওঁ 'জুদাই'ত অভিয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল। তেন্তে পৰৱৰ্তী সময়ত অনিলে কিয় সন্মত হৈছিল? অভিনেতাজনে এই বিষয়ে সদৰী কৰিছে। অনিলে কয়, ‘মোৰ পিতৃ ছবিখনৰ প্ৰযোজক আছিল। তাৰ আগতে, 'ৰূপ কি ৰাণী চোৰো কা ৰাজা' ছবিখনে ব’ক্স অফিছত প্ৰত্যাশিত সমাদৰ লাভ নকৰিলে। বৃহৎ পৰিমাণ ধনৰ ক্ষতি হৈছিল আমাৰ পাৰিবাৰিক প্ৰযোজক সংস্থাটোৰ। তাৰ পাছতে ‘জুদাই’। এই ছবিখনৰ পৰাই আমি আমাৰ লোকচান পূৰণ কৰিবলৈ আগবাঢ়িছিলো। ফলস্বৰূপে, এই ছবিখনত কাম কৰিবলৈ ঘৰৰ পৰা যথেষ্ট চাপ আছিল। সংস্থাটোৰ পৰাও পাইছিলো চাপ। সেইকাৰণে, মই অৱশেষত চলচ্চিত্ৰখনৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মত হৈছিলো। পৰিয়াল আৰু উপাৰ্জনৰ হেঁচাত মই 'জুদাই'ত কাম কৰো।’ স্মৰ্তব্য যে, 'জুদাই'ত অভিনয় কৰাৰ সময়ত অনিল এজন ব্যস্ত নায়ক আছিল। প্ৰায় তিনিটা দশক বলীউডত অতিবাহিত কৰা 'মিষ্টাৰ ইণ্ডিয়া'ই আজিও সমানে সমাদৃত। শেহতীয়াকৈ নীতু কাপুৰ, বৰুণ ধাৱান আৰু কিয়াৰা আদৱানীৰ সৈতে 'যুগ যুগ জিঅ' ছবিত দেখিবলৈ পোৱা যাব অনিল কাপুৰক। আনহাতে, ৰণবীৰ কাপুৰ-পৰিণীতি চোপ্ৰাৰ 'এনিমেল' আৰু পৰিচালক সিদ্ধাৰ্থ আনন্দৰ নতুন ছবি 'ফাইটাৰ'ত দুটা চৰিত্ৰত অভিনয় কৰিব অনিল কাপুৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ