--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন সংবাদমেল সম্বোধনেৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে পিএম-কিষাণৰ অধীনত প্ৰায় ২০,০০০ কোটি টকাৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিবলৈ আগবঢ়াৰ কথা অৱগত কৰে। সেই অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুনত বাৰাণসী ভ্ৰমণেৰে পিএম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ধন কৃষকসকলৈ মুকলি কৰি দিয়াৰ লগতে ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান কৰিব। উত্তৰ প্ৰদেশ চৰকাৰৰ সহযোগত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, কেন্দ্ৰীয় কৃষি মন্ত্ৰী  শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী  যোগী আদিত্যনাথকে প্ৰমুখ্য কৰি উত্তৰ প্ৰদেশ চৰকাৰৰ বহুকেইজন মন্ত্ৰী তথা সন্মানীয় ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।                                                                 

সংবাদমেলত তেওঁক কৃষিৰ দৰে এটি গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এখনি উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িতকৰণৰ অৰ্থে কৃষি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিত্তি। তেওঁ আৰু কয় যে কৃষি ভাৰতীয় অৰ্থনীতিৰ ভেটি। আজিও কৃষিয়ে অধিকাংশ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আছে।

তেওঁ কয় যে আজি কৃষকসকলে দেশৰ শস্যৰ ভঁৰাল ভৰাইছে। তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু কৃষক-ৰাইজক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল।ইয়াৰ অংশস্বৰূপেই কৃষকসকলৰ কল্যাণৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু এতিয়াও কাৰ্য্যভাৰ গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে কিষাণ সন্মান নিধিৰ১৭সংখ্যক কিস্তি মুকলিৰ ফাইলত স্বাক্ষৰ কৰে আৰু সেয়া কৃষক-ৰাইজলৈ আগবঢ়াই দিবলৈ ওলাইছে। শ্ৰী চৌহানে কয় যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ প্ৰথমটো কাৰ্য্যসূচীত ২০,০০০ কোটিৰো অধিক টকা পিএম কিষাণৰ ১৭ সংখ্যক কিস্তি হিচাপে মুকলি কৰি দিয়া হ’ব।প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত এটা বুটামত ক্লিক কৰা মাত্ৰেকে৯.২৬ কোটিৰো অধিক হিতাধিকাৰী কৃষকে এই ধন  লাভ কৰিব।

তেওঁ কয় যে কিষাণ সন্মান নিধি হৈছে সকলো ধৰণৰ মাটি-ধাৰী কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি। তেওঁ কয় যে হিতাধিকাৰীসকলৰ পঞ্জীয়ন আৰু পৰীক্ষণৰ ক্ষেত্ৰত নিৰপেক্ষতাতথা স্বচ্ছতা অক্ষুণ্ণ ৰাখি ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ৩.০৪ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে আৰু আগন্তুক মুকলিৰ জৰিয়তে হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণে ৩.২৪ লাখ কোটি টকা অতিক্ৰম কৰিব।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনি কোটি লাখপতি বাইদেউগঢ়াৰ সংকল্প গ্ৰহণ কৰিছে।ইয়াৰে প্ৰায় এক কোটি লাখপতি বাইদেউক আমি ইতিমধ্যে দেখিছোঁআৰু ২ কোটি এনে বাইদেউক আগন্তুক সময়ত আমি দেখিবলৈ পাম। কৃষি সখী ইয়াৰ এক মাত্ৰা। শ্ৰী চৌহানে কয় যে কৃষকসকলক সহায় কৰিবলৈ বহু ভগ্নীক প্ৰশিক্ষণ প্ৰদান হৈছে যাতে তেওঁলোকে কৃষি-কাৰ্য্যৰ ভিন্ন কামৰ জৰিয়তে কৃষকসকলক সহায় কৰিব পাৰে আৰু বছৰি প্ৰায় ৬০-৮০ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে অহা ১৮ জুনৰপৰা কৃষক-ৰাইজৰ সমৃদ্ধিৰ লগতে এখনি উন্নত ভাৰতৰ সংকল্পৰ বাস্তৱায়িতকৰণো আৰম্ভ হ’ব। কাৰণ এই দিনটোতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে ৫০টা কৃষি বিজ্ঞান কেন্দ্ৰলৈ (KVK)গৈ কৃষক-ৰাইজৰ সৈতে মত-বিনিময় কৰিব আৰু মন্ত্ৰালয়টোৰ ভিন্ন আঁচনিৰাজি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিব। তেওঁ কয় যে সমগ্ৰ দেশৰ প্ৰায় ২.৫ কোটি কৃষক-ৰাইজে এই অনুষ্ঠানত যোগদান কৰিব। কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ দেশৰ ৭৩২ টা কৃষি বিজ্ঞান কেন্দ্ৰ, ১.০ লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতিআৰু ৫.০ লাখ সামূহিক সেৱা কেন্দ্ৰ (CSC)য়ো অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু