--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন সংবাদমেল সম্বোধনেৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে পিএম-কিষাণৰ অধীনত প্ৰায় ২০,০০০ কোটি টকাৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিবলৈ আগবঢ়াৰ কথা অৱগত কৰে। সেই অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুনত বাৰাণসী ভ্ৰমণেৰে পিএম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ধন কৃষকসকলৈ মুকলি কৰি দিয়াৰ লগতে ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান কৰিব। উত্তৰ প্ৰদেশ চৰকাৰৰ সহযোগত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, কেন্দ্ৰীয় কৃষি মন্ত্ৰী  শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী  যোগী আদিত্যনাথকে প্ৰমুখ্য কৰি উত্তৰ প্ৰদেশ চৰকাৰৰ বহুকেইজন মন্ত্ৰী তথা সন্মানীয় ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।                                                                 

সংবাদমেলত তেওঁক কৃষিৰ দৰে এটি গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এখনি উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িতকৰণৰ অৰ্থে কৃষি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিত্তি। তেওঁ আৰু কয় যে কৃষি ভাৰতীয় অৰ্থনীতিৰ ভেটি। আজিও কৃষিয়ে অধিকাংশ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আছে।

তেওঁ কয় যে আজি কৃষকসকলে দেশৰ শস্যৰ ভঁৰাল ভৰাইছে। তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু কৃষক-ৰাইজক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল।ইয়াৰ অংশস্বৰূপেই কৃষকসকলৰ কল্যাণৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু এতিয়াও কাৰ্য্যভাৰ গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে কিষাণ সন্মান নিধিৰ১৭সংখ্যক কিস্তি মুকলিৰ ফাইলত স্বাক্ষৰ কৰে আৰু সেয়া কৃষক-ৰাইজলৈ আগবঢ়াই দিবলৈ ওলাইছে। শ্ৰী চৌহানে কয় যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ প্ৰথমটো কাৰ্য্যসূচীত ২০,০০০ কোটিৰো অধিক টকা পিএম কিষাণৰ ১৭ সংখ্যক কিস্তি হিচাপে মুকলি কৰি দিয়া হ’ব।প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত এটা বুটামত ক্লিক কৰা মাত্ৰেকে৯.২৬ কোটিৰো অধিক হিতাধিকাৰী কৃষকে এই ধন  লাভ কৰিব।

তেওঁ কয় যে কিষাণ সন্মান নিধি হৈছে সকলো ধৰণৰ মাটি-ধাৰী কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি। তেওঁ কয় যে হিতাধিকাৰীসকলৰ পঞ্জীয়ন আৰু পৰীক্ষণৰ ক্ষেত্ৰত নিৰপেক্ষতাতথা স্বচ্ছতা অক্ষুণ্ণ ৰাখি ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ৩.০৪ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে আৰু আগন্তুক মুকলিৰ জৰিয়তে হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণে ৩.২৪ লাখ কোটি টকা অতিক্ৰম কৰিব।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনি কোটি লাখপতি বাইদেউগঢ়াৰ সংকল্প গ্ৰহণ কৰিছে।ইয়াৰে প্ৰায় এক কোটি লাখপতি বাইদেউক আমি ইতিমধ্যে দেখিছোঁআৰু ২ কোটি এনে বাইদেউক আগন্তুক সময়ত আমি দেখিবলৈ পাম। কৃষি সখী ইয়াৰ এক মাত্ৰা। শ্ৰী চৌহানে কয় যে কৃষকসকলক সহায় কৰিবলৈ বহু ভগ্নীক প্ৰশিক্ষণ প্ৰদান হৈছে যাতে তেওঁলোকে কৃষি-কাৰ্য্যৰ ভিন্ন কামৰ জৰিয়তে কৃষকসকলক সহায় কৰিব পাৰে আৰু বছৰি প্ৰায় ৬০-৮০ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে অহা ১৮ জুনৰপৰা কৃষক-ৰাইজৰ সমৃদ্ধিৰ লগতে এখনি উন্নত ভাৰতৰ সংকল্পৰ বাস্তৱায়িতকৰণো আৰম্ভ হ’ব। কাৰণ এই দিনটোতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে ৫০টা কৃষি বিজ্ঞান কেন্দ্ৰলৈ (KVK)গৈ কৃষক-ৰাইজৰ সৈতে মত-বিনিময় কৰিব আৰু মন্ত্ৰালয়টোৰ ভিন্ন আঁচনিৰাজি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিব। তেওঁ কয় যে সমগ্ৰ দেশৰ প্ৰায় ২.৫ কোটি কৃষক-ৰাইজে এই অনুষ্ঠানত যোগদান কৰিব। কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ দেশৰ ৭৩২ টা কৃষি বিজ্ঞান কেন্দ্ৰ, ১.০ লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতিআৰু ৫.০ লাখ সামূহিক সেৱা কেন্দ্ৰ (CSC)য়ো অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement