--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত আইচক্ৰীম বহুতৰে প্ৰিয় । কিন্তু আইচক্ৰীমসমূহ কিমান স্বাস্থ্যকৰ পৰিবেশত প্ৰস্তুত কৰা হয় তাকেলৈ সন্দেহ আছে। শেহতীয়াকৈ  মুম্বাইৰ এগৰাকী যুৱতীয়েদোকান এখনৰ পৰা আইচক্ৰীমৰ অৰ্ডাৰ দিছিল। কিন্তু আইচক্ৰীমটো  খোলাৰ পিছতে আইচক্ৰীমৰ ভিতৰত ওলাই পৰেমানুহৰ কটা  আঙুলি এটা! যুৱতীগৰাকীয়ে লগে লগে মালাড থানাত এই বিষয়ত এজাহাৰ দাখিল কৰে। 

পেছাত এগৰাকী চিকিৎসক যুৱতীগৰাকী পশ্চিম মালাডৰ বাসিন্দা। বুধবাৰে বিয়লি তেওঁ স্থানীয় ষ্ট’ৰৰ পৰা অনলাইনত এটা স্বনামধন্য কোম্পানীৰ পৰা আইচক্ৰীম অৰ্ডাৰ কৰিছিল। কিন্তু আইচক্ৰীমত  এটা কামোৰ মৰাৰ লগে লগে আইচক্ৰীমৰ ভিতৰত  নখৰে সৈতে মানুহৰ  কটা আঙুলি এটা দেখা পায় । ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰাৰ পিছত অলপ সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে মালাড থানালৈ গৈ গোটেই কথাটো বিৱৰি কয়। তেওঁৰ অভিযোগৰ ভিত্তিত সংশ্লিষ্ট কোম্পানীটোৰ  বিৰুদ্ধে এজাহাৰ  দাখিল কৰা হৈছে । 

এই ঘটনাৰ পিছতে সেই আইচক্ৰীম প্ৰস্তুত কৰা পুনেৰ ফৰছুন ডেইৰীলৈ প্ৰশাসনে জাননী জাৰি কৰিছে। দেওবাৰে জাৰি কৰা জাননীত ফৰছুন ডেইৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে আইচক্ৰীমত কটা আঙুলি ওলোৱাৰ পিছত এইবাৰ  নয়দাত আইচক্ৰীমৰ ভিতৰত এডাল কাণ খজুৱা উদ্ধাৰ হৈছে। মহিলাগৰাকীয়ে অনলাইন শ্বপিং প্লেটফৰ্মত আইচক্ৰীমৰ অৰ্ডাৰ দিছিল। মহিলাগৰাকীয়ে  এই তথ্য খাদ্য সুৰক্ষা বিভাগক জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ