--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ অক্টোবৰ মঙলবাৰে হ'ব পূষ্য নক্ষত্ৰ। সাধাৰণতে ইয়াক বজাৰ কৰাৰ শুভ যোগ বুলি কোৱা হয়, কিন্তু ই পূজা আৰু দানৰ বাবেও অতি শুভ। এই দিনটোত কৰা ধৰ্মীয় কৰ্মই অক্ষয় গুণ প্ৰদান কৰে আৰু ভক্তসকলৰ মনৰ কামনা অতি সোনকালে পূৰ্ণ হয়।

জ্যোতিষশাস্ত্ৰ অনুযায়ী ঘৰৰ বাবে অত্যাৱশ্যকীয় বস্তু যেনে সোণ-ৰূপৰ অলংকাৰ, বাহন, কাপোৰ-কানি, ৰিয়েল এষ্টেট আদি পূষ্য নক্ষত্ৰত ক্ৰয় কৰাৰ পৰম্পৰা আছে। এই দিনটোত কিনা বস্তুবোৰ পৰিয়ালৰ বাবে শুভ আৰু বহুদিনলৈ নষ্ট নহয় বুলি বিশ্বাস কৰা হয়। বজাৰ কৰাৰ লগতে কিছু বিশেষ বস্তুও এই দিনটোত দান কৰিব লাগে। পূষ্য নক্ষত্ৰৰ শুভ সংযোগত কি কি বস্তু দান কৰিলে শুভ জানি লওক।

১) মন্দিৰত দান কৰকঃ কুমকুম, চাউল, হালধি, ঘিউ, তেল, ধূপ, ফুল, শুকান ফল, আবীৰ, গুলাল আদি যিকোনো মন্দিৰত দান কৰিব পাৰে। এই সকলোবোৰ দৈনন্দিন পূজাত উপযোগী হ’ব লাগে।

২) সধৱা মহিলাক দান কৰকঃ  কোনো অভাৱী সধৱা মহিলাক ৰঙা শাৰী, ৰঙা খাৰু, কুমকুম, বিন্দি, গহনা আদি বস্তু দান কৰিব পাৰে।

৩) গোশালাত দান কৰকঃ গোশালালৈ গৈ বা গৰুৰ গোহালিত গৰুৰ যত্ন লওক। গৰুৰ বাবে ধন দান কৰি সেউজীয়া ঘাঁহ খুৱাওক। যদি সম্ভৱ হয় গোশালাত এটা গৰু দান কৰক

৪) নৈত গা ধুই তাৰপাছত দান কৰকঃ পূষ্য নক্ষত্ৰৰ দিনা পবিত্ৰ নদীত স্নান কৰাৰো পৰম্পৰা আছে। নৈত গা ধোৱাৰ পিছত নিজৰ সামৰ্থ অনুযায়ী পাৰত থকা আৰ্তজনক টকা, শস্য, কাপোৰ, জোতা, চেণ্ডেল আদি দান কৰক।

৫) সৰু ল'ৰা-ছোৱালীক দান কৰকঃ ঘৰৰ আশে-পাশে থকা আৰ্ত শিশুসকলক বহি, কলম, পেঞ্চিল, বেগ, ড্ৰেছ আদি বস্তু দান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু