--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ অক্টোবৰ মঙলবাৰে হ'ব পূষ্য নক্ষত্ৰ। সাধাৰণতে ইয়াক বজাৰ কৰাৰ শুভ যোগ বুলি কোৱা হয়, কিন্তু ই পূজা আৰু দানৰ বাবেও অতি শুভ। এই দিনটোত কৰা ধৰ্মীয় কৰ্মই অক্ষয় গুণ প্ৰদান কৰে আৰু ভক্তসকলৰ মনৰ কামনা অতি সোনকালে পূৰ্ণ হয়।

জ্যোতিষশাস্ত্ৰ অনুযায়ী ঘৰৰ বাবে অত্যাৱশ্যকীয় বস্তু যেনে সোণ-ৰূপৰ অলংকাৰ, বাহন, কাপোৰ-কানি, ৰিয়েল এষ্টেট আদি পূষ্য নক্ষত্ৰত ক্ৰয় কৰাৰ পৰম্পৰা আছে। এই দিনটোত কিনা বস্তুবোৰ পৰিয়ালৰ বাবে শুভ আৰু বহুদিনলৈ নষ্ট নহয় বুলি বিশ্বাস কৰা হয়। বজাৰ কৰাৰ লগতে কিছু বিশেষ বস্তুও এই দিনটোত দান কৰিব লাগে। পূষ্য নক্ষত্ৰৰ শুভ সংযোগত কি কি বস্তু দান কৰিলে শুভ জানি লওক

১) মন্দিৰত দান কৰকঃ কুমকুম, চাউল, হালধি, ঘিউ, তেল, ধূপ, ফুল, শুকান ফল, আবীৰ, গুলাল আদি যিকোনো মন্দিৰত দান কৰিব পাৰে। এই সকলোবোৰ দৈনন্দিন পূজাত উপযোগী হ’ব লাগে।

২) সধৱা মহিলাক দান কৰকঃ  কোনো অভাৱী সধৱা মহিলাক ৰঙা শাৰী, ৰঙা খাৰু, কুমকুম, বিন্দি, গহনা আদি বস্তু দান কৰিব পাৰে।

৩) গোশালাত দান কৰকঃ গোশালালৈ গৈ বা গৰুৰ গোহালিত গৰুৰ যত্ন লওক। গৰুৰ বাবে ধন দান কৰি সেউজীয়া ঘাঁহ খুৱাওক। যদি সম্ভৱ হয় গোশালাত এটা গৰু দান কৰক

৪) নৈত গা ধুই তাৰপাছত দান কৰকঃ পূষ্য নক্ষত্ৰৰ দিনা পবিত্ৰ নদীত স্নান কৰাৰো পৰম্পৰা আছে। নৈত গা ধোৱাৰ পিছত নিজৰ সামৰ্থ অনুযায়ী পাৰত থকা আৰ্তজনক টকা, শস্য, কাপোৰ, জোতা, চেণ্ডেল আদি দান কৰক।

৫) সৰু ল'ৰা-ছোৱালীক দান কৰকঃ ঘৰৰ আশে-পাশে থকা আৰ্ত শিশুসকলক বহি, কলম, পেঞ্চিল, বেগ, ড্ৰেছ আদি বস্তু দান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ