--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰো। কিন্তু সকলো সময়তে বিউটি পাৰ্লাৰৈ গৈ নিজকে ধুনীয়া কৰাটো সম্ভৱ নহয়। কাৰণ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত সকলো লোকে কম-বেছি পৰিমাণে ব্যস্ত হৈ থকা দেখা যায়। সেয়েহে শীতৰ দিনকেইটাত অতি সহজে ঘৰুৱা উপায়েৰে নিজকে সুন্দৰ আৰু সতেজ কৰি ৰখাৰ কেইটামান উপায় জানো আহক।

সাধাৰণতে ঠাণ্ডা দিনত ছাল ৰুক্ষ, খহটা আৰু ফাটি যোৱা পৰিলক্ষিত হয়। এই সমস্যাসমূহ দূৰ কৰিবলৈ ঘৰতে আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰো। আমাৰ চৌপাশৰ প্ৰকৃতিৰ বুকুত এনে কিছুমান বনৌষধি আৰু খাদ্যবস্তু আছে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষাৰ উপৰি নানা ৰোগৰ পৰাও পৰিত্ৰাণ দিব পাৰে। প্ৰাকৃতিক এই দ্ৰব্যসমূহৰ নিজস্ব গুণ থাকে।

জানো আহক কেইটামান কৌশল-

১. শালমইনা সমস্যাৰ পৰা নিজকে বচাই ৰাখিবলৈ পানী খোৱাটো অত্যন্ত জৰুৰী। ইয়াৰ উপৰি কমলা, মৌচুমী, তৰমুজ, তিয়হ আদি নিয়মীতভাৱে খাব লাগে। এইসমূহ ফলে আমাৰ ছাল ভালে ৰখাত যথেষ্ট সহায় কৰে।

২. সদায় নিমপাতৰ পানী ব্যৱহাৰ কৰিব পাৰে। নিমপাতে বিভিন্ন বীজাণু পৰা আমাক সুৰক্ষা দিব দিয়ে।

৩. তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ, তুলসী সেৱনে কেৱল ছালৰেই নহয় বিভিন্ন ৰোগ নিৰাময় ক্ষেত্ৰত আমাক সহায় কৰে।

৪. নেমু ৰস আৰু মৌ সেৱনে আমাৰ ছাল তথা শৰীৰৰ বাবে অতি উপকাৰী। মৌ মিহলোৱা নেমু পানীয়ে মেদবহুলতা, উচ্চ ৰক্তচাপ, অৰ্শ ৰোগ, কিডনী ষ্টোন আদি বিভিন্ন সমস্যাৰ পৰা সুৰক্ষা দিয়ে।

৫. হালধিৰ এক বিশেষ গুণ আছে, সপ্তাহত যদি তিনি-চাৰিবাৰ হালধিৰ ৰস মুখত লগোৱা হয় তেন্তে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ উপৰি বিভিন্ন সমস্যা দূৰ কৰে।

৬. মচুৰ দাইল মিহিকৈ গুৰি কৰি মুখত লগালেও মুখৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি পায়, লগতে ছালখন সতেজ কৰি ৰাখে।

৭. সঘনাই হাতখন মুখলৈ নিব নালাগে, তেনে কৰাৰ ফলত হাতত থকা বীজাণু মুখত লাগি শালমইনাৰ সৃষ্টি কৰে। সেই কাৰণে যিমান পাৰি হাতখন মুখৰ পৰা আঁতৰাই ৰাখিব লাগে।

৮. মুখত শালমইনা হ’লে নখ ল’গাব নালাগে। তেনে কৰিলে ক’লা দাগ থাকি যোৱাৰ সম্ভাৱনা অধিক হয়।

৯. দিনে প্ৰায় ৩-৪বাৰ মুখখন ধুব লাগে, বিশেষকৈ তেলীয়া ছালৰ গৰাকীসকলে সঘনাই মুখ ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।

১০. মানসিক চাপ বাঢ়িলেও বা নিশা টোপনি ক্ষতি কৰাৰ ফলত মুখত শালমইনা হয়। সেয়েহে যিমান পাৰি মানসিক চিন্তাৰ পৰা দূৰত থাকিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু