--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰো। কিন্তু সকলো সময়তে বিউটি পাৰ্লাৰৈ গৈ নিজকে ধুনীয়া কৰাটো সম্ভৱ নহয়। কাৰণ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত সকলো লোকে কম-বেছি পৰিমাণে ব্যস্ত হৈ থকা দেখা যায়। সেয়েহে শীতৰ দিনকেইটাত অতি সহজে ঘৰুৱা উপায়েৰে নিজকে সুন্দৰ আৰু সতেজ কৰি ৰখাৰ কেইটামান উপায় জানো আহক।

সাধাৰণতে ঠাণ্ডা দিনত ছাল ৰুক্ষ, খহটা আৰু ফাটি যোৱা পৰিলক্ষিত হয়। এই সমস্যাসমূহ দূৰ কৰিবলৈ ঘৰতে আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰো। আমাৰ চৌপাশৰ প্ৰকৃতিৰ বুকুত এনে কিছুমান বনৌষধি আৰু খাদ্যবস্তু আছে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষাৰ উপৰি নানা ৰোগৰ পৰাও পৰিত্ৰাণ দিব পাৰে। প্ৰাকৃতিক এই দ্ৰব্যসমূহৰ নিজস্ব গুণ থাকে।

জানো আহক কেইটামান কৌশল-

১. শালমইনা সমস্যাৰ পৰা নিজকে বচাই ৰাখিবলৈ পানী খোৱাটো অত্যন্ত জৰুৰী। ইয়াৰ উপৰি কমলা, মৌচুমী, তৰমুজ, তিয়হ আদি নিয়মীতভাৱে খাব লাগে। এইসমূহ ফলে আমাৰ ছাল ভালে ৰখাত যথেষ্ট সহায় কৰে।

২. সদায় নিমপাতৰ পানী ব্যৱহাৰ কৰিব পাৰে। নিমপাতে বিভিন্ন বীজাণু পৰা আমাক সুৰক্ষা দিব দিয়ে।

৩. তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ, তুলসী সেৱনে কেৱল ছালৰেই নহয় বিভিন্ন ৰোগ নিৰাময় ক্ষেত্ৰত আমাক সহায় কৰে।

৪. নেমু ৰস আৰু মৌ সেৱনে আমাৰ ছাল তথা শৰীৰৰ বাবে অতি উপকাৰী। মৌ মিহলোৱা নেমু পানীয়ে মেদবহুলতা, উচ্চ ৰক্তচাপ, অৰ্শ ৰোগ, কিডনী ষ্টোন আদি বিভিন্ন সমস্যাৰ পৰা সুৰক্ষা দিয়ে।

৫. হালধিৰ এক বিশেষ গুণ আছে, সপ্তাহত যদি তিনি-চাৰিবাৰ হালধিৰ ৰস মুখত লগোৱা হয় তেন্তে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ উপৰি বিভিন্ন সমস্যা দূৰ কৰে।

৬. মচুৰ দাইল মিহিকৈ গুৰি কৰি মুখত লগালেও মুখৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি পায়, লগতে ছালখন সতেজ কৰি ৰাখে।

৭. সঘনাই হাতখন মুখলৈ নিব নালাগে, তেনে কৰাৰ ফলত হাতত থকা বীজাণু মুখত লাগি শালমইনাৰ সৃষ্টি কৰে। সেই কাৰণে যিমান পাৰি হাতখন মুখৰ পৰা আঁতৰাই ৰাখিব লাগে।

৮. মুখত শালমইনা হ’লে নখ ল’গাব নালাগে। তেনে কৰিলে ক’লা দাগ থাকি যোৱাৰ সম্ভাৱনা অধিক হয়।

৯. দিনে প্ৰায় ৩-৪বাৰ মুখখন ধুব লাগে, বিশেষকৈ তেলীয়া ছালৰ গৰাকীসকলে সঘনাই মুখ ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।

১০. মানসিক চাপ বাঢ়িলেও বা নিশা টোপনি ক্ষতি কৰাৰ ফলত মুখত শালমইনা হয়। সেয়েহে যিমান পাৰি মানসিক চিন্তাৰ পৰা দূৰত থাকিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ