--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ  ১৫ জুনৰ পৰা ২১ জুনলৈ মহাৰাষ্ট্ৰৰ মুম্বাইৰ পেডাৰ ৰোডৰ এন এফ ডি চি-এফ ডি চৌহদত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। দক্ষিণ এছিয়াৰ অ-ফিচাৰ ছবিকলৈ অনুষ্ঠিত কৰা  আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱ হিচাবে পৰিচিত  মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে  সমগ্ৰ বিশ্বৰ  চলচ্চিত্ৰ নিৰ্মাতাক আকৰ্ষণ কৰি আহিছে। এই  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে  তথ্যচিত্ৰ, চুটি কল্পকাহিনী, এনিমেচন ছবি আদি সঠিক  মঞ্চত প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰি আহিছে। 

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে বিশ্বব্যাপী সমল সৃষ্টিৰ ক্ষেত্ৰত আগৰণুৱা হিচাবে পৰিগণিত হোৱাৰ সময়তে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে পৰৱৰ্তী প্ৰজন্মক  চলচ্চিত্ৰৰ প্ৰতি  পেছাদাৰিত্বৰ মনোভাব প্ৰদৰ্শন  আৰু শিল্পীৰ প্ৰতিভাৰ প্ৰচাৰৰ  ক্ষেত্ৰত সংবাদমাধ্যমে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাকো স্বীকৃতি দি আহিছে। এই চলচ্চিত্ৰ মহোৎসৱৰ দিল্লী, কলকাতা, পুনে, আৰু চেন্নাইতো সমান্তৰালভাবে প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, যাৰ ফলত সমগ্ৰ দেশৰ দৰ্শকৰ মাজলৈ এই মহোৎসৱে  প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হ’ব। উক্ত  চাৰিখন চহৰত ছবি প্ৰদৰ্শনৰ সমান্তৰালভাৱে ৰেড কাৰ্পেটত দৰ্শকৰ চকু থৰ লগাব পৰাকৈ বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হ’ব। 


পঞ্জীয়নৰ বিৱৰণ

সম্প্ৰতি মুকলি কৰি দিয়া  সংবাদমাধ্যমৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২০২৪ চনৰ ১০ জুনলৈকে চলি থাকিব।সংবাদমাধ্যমৰ বাবে এই পঞ্জীয়ন বিনামূলীয়া হ’ব। আপুনি https://miff.in/ ত সংবাদমাধ্যমৰ প্ৰতিনিধি হিচাপে নিজৰ নাম  পঞ্জীয়ন কৰিব পাৰে ৷ 

সংবাদমাধ্যমৰ প্ৰতিনিধি হিচাবে নাম পঞ্জীয়নৰ কৰাৰ  পদ্ধতিটো হ’ল- আপুনি প্ৰথমে এটা লগ ইন আইডি তৈয়াৰ কৰিব লাগিব, আপোনাৰ ব্যক্তিগত আৰু পেছা সম্পৰ্কীয় তথ্য পূৰণ কৰিব লাগিব তথা   সংবাদমাধ্যমৰ প্ৰতিনিধিৰ প্ৰৱেশপত্ৰৰ  বাবে আবেদন জমা দিব লাগিব। নথি-পত্ৰৰ যথাযথ পৰীক্ষাৰ অন্তত  সকলো যোগ্য সংবাদমাধ্যমক প্ৰৱেশপত্ৰ প্ৰদান কৰা হ’ব। মহাৰাষ্ট্ৰৰ মুম্বাইৰ পেডাৰ ৰোডৰ এনএফডিচি-এফডি চৌহদৰ পৰা ২০২৪ চনৰ ১৪ৰ  পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত সংবাদমাধ্যমৰ প্ৰতিনিধিৰ প্ৰৱেশপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে

দক্ষিণ এছিয়াৰ অ-ফিচাৰ ছবিৰ  আটাইতকৈ পুৰণি আৰু বৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে স্বীকৃতিপ্ৰাপ্ত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে তথ্যচিত্ৰ, চুটি কল্পকাহিনী, আৰু এনিমেচন ছবিৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত  ১৮ বছৰ সম্পূৰ্ণ কৰিছে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ১৯৯০ চনত আৰম্ভ হৈছিল আৰু এতিয়া   ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত আয়োজিত হৈ আহিছে। এই  চলচ্চিত্ৰ মহোৎসৱে সমগ্ৰ বিশ্বৰ  চলচ্চিত্ৰপ্ৰেমীক আকৰ্ষণ কৰি অহাৰ লগতে  এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত পৰিণত হৈছে।

এইবাৰৰ মহোৎসৱ বিশেষ মহোৎসৱ হিচাবে পৰিগণিত হৈছে।  কাৰণ বিশ্বৰ ৩৮খনতকৈও অধিক দেশে এই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে।  ১০১৮ খন ছবিৰ অন্তৰ্ভুক্তিৰে  সমগ্ৰ দেশকে প্ৰতিনিধিত্ব কৰিব পৰাকৈ দিল্লী, কলকাতা, পুনে আৰু চেন্নাইত  সমান্তৰাল প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে।  

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে উপযুক্তভাবে   নিৰ্বাচন কৰা আন্তঃৰাষ্ট্ৰীয় ছবি সামৰি লোৱাৰ লগতে  প্ৰথমবাৰৰ বাবে ডকুমেণ্টৰী ফিল্ম বাজাৰৰ ৱৰ্ক ইন প্ৰগ্ৰেছ লেব, কো-প্ৰডাকচন মাৰ্কেট আৰু ভিউইং ৰুমকে ধৰি  অন্যান্য সুবিধা প্ৰদানৰ  প্ৰতিশ্ৰুতি দিছে।  মহোৎসৱত জ্যেষ্ঠ এনিমেটৰ ৱাৰ্নাৰ ব্রাদাৰৰ দ্বাৰা এখন বিশেষ এনিমেচন আৰু ভিএফএক্স কৰ্মশালাৰো আয়োজন কৰা হৈছে। ইয়াৰ উপৰি পেনেল আলোচনা, মুকলি মঞ্চ, ৰসাল আড্ডা আৰু ছবি উদ্যোগৰ খ্যাতিসম্পন্ন  বিশেষজ্ঞসকলৰ  বিশেষ  অনুষ্ঠানসমূহে প্ৰতিষ্ঠিত তথা উদীয়মান চলচ্চিত্ৰ পৰিচালকসকলৰ মাজত  শিক্ষণ সম্পৰ্কীয় ভাব বিনিময়ৰ  সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰি সংবাদমেল তথা বিশেষ  সাক্ষাৎকাৰৰ জৰিয়তে সংবাদমাধ্যমৰ ব্যক্তিসকলে তেওঁলোকৰ প্ৰিয় তথ্যচিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলৰ সৈতে ঘনিষ্ঠ  যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব।

গতিকে, অপেক্ষা কিহৰ ? খৰখেদা কৰক তথা পঞ্জীয়ন কৰক আৰু এক আজীৱন অভিজ্ঞতাৰ সাক্ষী হ’বলৈ  সাজু হওক। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিভিন্ন  সংবাদমাধ্যমৰ উপস্থিতিয়ে কেৱল অনুষ্ঠানটোৰ গৰিমা বৃদ্ধি কৰাই  নহয়, ইয়াৰ প্ৰসাৰতা তথা প্ৰতিপত্তি বৃদ্ধি কৰাৰ লগতে  ছাত্ৰ-ছাত্ৰী,  শিল্পী, উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ অনুৰাগীসকলৰ বাবেও প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হ’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু