--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মাণ্ডীৰ পৰা বিজয়ী হ’ল কংগনা ৰানাৱত৷ বিজয়ী হোৱাৰ আন এজন সাংসদ চিৰাগ পাছৱানৰ স’তে এটা সময়ত প্ৰেমৰ সম্পৰ্ক আছিল কংগনাৰ। কিন্তু বাস্তৱত নহয়, পৰ্দাত প্ৰেমৰ আৰম্ভণি হৈছিল ১৩ বছৰ আগতে। ‘মিলে না মিলে হাম’ ছবিখনত যোৰ পাতিছিল। ৰাম বিলাস-পুত্ৰৰ এই ছবিৰে বলীউডত আত্মপ্ৰকাশ। অৱশ্যে সেই দিনবোৰত কংগনাই ইতিমধ্যে দুই এখন চিনেমা কৰিছে।

'মিলে না মিলে হম' পৰিচালনা কৰিছিল তনবীৰ খানে। চিৰাগে বেডমিণ্টন খেলুৱৈ ‘চিৰাগ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰেমিক অনিশাৰ চৰিত্ৰত দেখা গৈছিল কংগনাক। প্ৰায় এদশক আগতে এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। ফ্লপ হৈছিল বক্স অফিচতো।

ইয়াৰ পিছত কংগনাই বলীউডত প্ৰতিষ্ঠা লাভ কৰে যদিও চিৰাগে ৰাজনৈতিক ক্ষেত্ৰখনত যোগদান কৰে। প্ৰথমখন ছবিৰ ফ্লপৰ পিছত তেওঁ ছৱিৰ জগতখনত ভৰি নিদিলে। বৰ্তমান তেওঁ লোক জন শক্তি পাৰ্টিৰ সাংসদ। এইবাৰ দুয়ো একেলগে ৰাজনীতিৰ ক্ষেত্ৰখনত। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এন ডি এৰ মিত্ৰজোঁটৰ এক চালিৰ তলত এই যুটি। দুয়োজনে ভোট লাভ কৰে। অতীতৰ এই ছবিখন ফলাফল ঘোষণাৰ পিছতহে প্ৰাসংগিক হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ