--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মাণ্ডীৰ পৰা বিজয়ী হ’ল কংগনা ৰানাৱত৷ বিজয়ী হোৱাৰ আন এজন সাংসদ চিৰাগ পাছৱানৰ স’তে এটা সময়ত প্ৰেমৰ সম্পৰ্ক আছিল কংগনাৰ। কিন্তু বাস্তৱত নহয়, পৰ্দাত প্ৰেমৰ আৰম্ভণি হৈছিল ১৩ বছৰ আগতে। ‘মিলে না মিলে হাম’ ছবিখনত যোৰ পাতিছিল। ৰাম বিলাস-পুত্ৰৰ এই ছবিৰে বলীউডত আত্মপ্ৰকাশ। অৱশ্যে সেই দিনবোৰত কংগনাই ইতিমধ্যে দুই এখন চিনেমা কৰিছে।

'মিলে না মিলে হম' পৰিচালনা কৰিছিল তনবীৰ খানে। চিৰাগে বেডমিণ্টন খেলুৱৈ ‘চিৰাগ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰেমিক অনিশাৰ চৰিত্ৰত দেখা গৈছিল কংগনাক। প্ৰায় এদশক আগতে এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। ফ্লপ হৈছিল বক্স অফিচতো।

ইয়াৰ পিছত কংগনাই বলীউডত প্ৰতিষ্ঠা লাভ কৰে যদিও চিৰাগে ৰাজনৈতিক ক্ষেত্ৰখনত যোগদান কৰে। প্ৰথমখন ছবিৰ ফ্লপৰ পিছত তেওঁ ছৱিৰ জগতখনত ভৰি নিদিলে। বৰ্তমান তেওঁ লোক জন শক্তি পাৰ্টিৰ সাংসদ। এইবাৰ দুয়ো একেলগে ৰাজনীতিৰ ক্ষেত্ৰখনত। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এন ডি এৰ মিত্ৰজোঁটৰ এক চালিৰ তলত এই যুটি। দুয়োজনে ভোট লাভ কৰে। অতীতৰ এই ছবিখন ফলাফল ঘোষণাৰ পিছতহে প্ৰাসংগিক হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু