--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত বন্যপ্ৰাণী বিষয়ক  চলচ্চিত্ৰ নিৰ্মাতা  চুব্বিয়া নাল্লামুথুক ১৮ সংখ॥ক  মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (এমআইএফএফ)  ভি. শান্তাৰাম জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ'ব বুলি তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে আজি ঘোষণা কৰে।এনএফডিচি চৌহদত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ড০ এল মুৰুগানে কয়, "এইবাৰ সন্মানীয় বঁটা লাভ কৰাৰ বাবে মই নাল্লামুথুক অভিনন্দন জনাইছো। বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ বাবে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চুব্বিয়া নাল্লামুথুক এই বঁটা প্ৰদান কৰা হ’ব।

চুব্বিয়া নাল্লামুথুৱে বন্যপ্ৰাণী আধাৰিত চলচ্চিত্ৰ নিৰ্মাণত অসাধাৰণ অৱদান আগবঢ়াইছে, যিয়ে তেওঁক সমগ্ৰ বিশ্বতে প্ৰশংসনীয় কৰি তুলিছে। শ্ৰীযুত চুব্বিয়া নাল্লামুথু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ। তেওঁ ভাৰতৰ আটাইতকৈ দীঘলীয়া সময় ধৰি চলি থকা, পাণ্ডা বঁটা বিজয়ী পৰিৱেশ শৃংখলা লিভিং অন দ্য এজত তেওঁৰ কামৰ বাবে স্বীকৃতি লাভ কৰে। তেওঁৰ দক্ষতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ত এজন উচ্চ-গতিৰ কেমেৰামেন হিচাপে তেওঁৰ কাৰ্যকালৰ দ্বাৰা চিহ্নিত।ৰয়েল বেংগল টাইগাৰৰ প্ৰতি তেওঁৰ আগ্ৰহ নেচনেল জিওগ্ৰাফিক চেনেল আৰু বিবিচিৰ বাবে বাঘৰ ওপৰত আধাৰিত আন্তৰ্জাতিক তথ্যচিত্ৰসমূহত প্ৰমাণ পোৱা যায়। তেওঁৰ অনন্য় চলচ্চিত্ৰসমূহৰ ভিতৰত আছে টাইগাৰ ডাইনেষ্টি (২০১২-২০১৩), টাইগাৰ কুইন (২০১০) আৰু দ্য ৱৰ্ল্ডছ মোষ্ট ফেমাস টাইগাৰ (২০১৭)। তেওঁ পৰিৱেশৰ লগতে মানুহ আৰু পৰিৱেশ তন্ত্ৰৰ মাজৰ সমন্বয়ৰ ওপৰত গুৰুত্ব দি বিবিচি ৱৰ্ল্ডৰ বাবে আৰ্থ ফাইল (২০০০) আৰু এনিমেল প্লেনেটৰ বাবে দ্য ৱৰ্ল্ড গ'ন ৱাইল্ড (২০০১)ৰ দৰে অগণন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। চুব্বিয়া নাল্লামুথুৱে পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। 

তেওঁ জেকচন হোল বন্যপ্ৰাণী চলচ্চিত্ৰ মহোৎসৱৰ নিয়মীয়া জুৰী সদস্য আৰু ভাৰতীয় পেনোৰামা চলচ্চিত্ৰ মহোৎসৱৰ (২০২১) জুৰী সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে।ভাৰতত তথ্যচিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰত অসামান্য অৱদানৰ বাবে প্ৰতিবাৰ এমআইএফএফ অনুষ্ঠানত এজন চলচ্চিত্ৰ নিৰ্মাতাক সন্মানীয় ড০ ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। ইয়াত নগদ ১০ লাখ টকাৰ পুৰস্কাৰ, ট্ৰফী আৰু এখন প্ৰশংসাপত্ৰ আছে। আগৰ বছৰবোৰত বঁটা লাভ কৰা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে শ্যাম বেনেগল, বিজয়া মুলায় আৰু অন্যান্য বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা। কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ স্মৃতিত এই বঁটাটো প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement