--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৰি চুই বিহাৰক লজ্জিত কৰিলে নীতিশ কুমাৰে! শুকুৰবাৰে ভাগলপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি এনে মন্তব্য কৰে প্ৰশান্ত কিশোৰে। পিকে দাবী কৰিছে যে ক্ষমতাত থাকিবলৈ নীতিশে মোডীৰ চৰণত পৰিবলগীয়া হৈছিল।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে মোদীয়ে এন ডি এৰ অংশীদাৰসকলৰ সৈতে সংসদীয় দলৰ বৈঠকত মিলিত হয়। তাতে নিতীশক ভৰি চুই প্ৰণাম কৰা দেখা যায়। এই প্ৰেক্ষাপটতে এইবাৰ পিকে বিহাৰৰ মুখ্যমন্ত্ৰীক লৈ গ’ল। ভোটাকুশলীৰ ভাষাত, “যিকোনো ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী জনসাধাৰণৰ গৌৰৱ। কিন্তু নীতিশ কুমাৰে যেতিয়া মোডীৰ ভৰি চুইছিল, তেতিয়া তেওঁ বিহাৰক লজ্জিত কৰিছিল।''

শুকুৰবাৰে অনুষ্ঠিত হোৱা ভাগলপুৰৰ বৈঠকৰ পৰা পি কেয়ে লগতে কয় যে, মোডী পুনৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত নীতিশৰ ভূমিকাক লৈ বহু কথাই চৰ্চা হৈছে। কিন্তু বিহাৰৰ মুখ্যমন্ত্রীয়ে নিজৰ পদবী কেনেদৰে ব্যৱহাৰ কৰিছে জানেনে? এতিয়া নীতিশে ইচ্ছা কৰিলে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি ৰাজ্যৰ বাবে বহু সুবিধা সুনিশ্চিত কৰিব পাৰিব। কিন্তু তেওঁ নকৰে। ২০২৫ চনৰ বিধানসভা নিৰ্বাচনতো মোডী যাতে ক্ষমতাত থাকে তাৰ বাবেই তেওঁ মোডীৰ ভৰিত ধৰি আছে।

মন কৰিবলগীয়া যে ২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশৰ দল জেডিইউৰ নিৰ্বাচনী কৌশল প্ৰস্তুত কৰিছিল পিকে। কিন্তু বৰ্তমান জেডিইউ আৰু পিকৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছে। নীতিশৰ লগতো দূৰত্ব বাঢ়িছে। ভোটাকুশলীয়ে কয়, "মানুহে মোক সুধিছে, মই কিয় নীতিশ কুমাৰক সমালোচনা কৰিছো বিগত সময়ত একেলগে কাম কৰি। কিন্তু তেতিয়া তেওঁ আছিল বেলেগ মানুহ। তেতিয়াও তেওঁৰ বিবেক বিক্ৰী হোৱা নাছিল।’’

প্ৰসংগক্ৰমে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিহাৰৰ ৪০খন আসনৰ ভিতৰত ১২খন আসন জেডিইউৰ দখলত। বিজেপিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে এতিয়া জেডিইউ এনডিএৰ অন্যতম গুৰুত্বপূৰ্ণ মিত্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ