--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল, কিন্তু পুনৰ ঘূৰি আহিছে। প্ৰত্যাৱৰ্তনতে উজ্বলি উঠিল বেন ষ্ট’কছ। বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ এক উল্লেখযোগ্য শতক অৰ্জন কৰে। ১২৪টা বলত ১৮২ ৰানৰ ইনিংছ খেলে। সেই ইনিংছৰ বাবেই ষ্ট’কে বহু অভিলেখ গঢ়ে।

এদিনীয়া ক্ৰিকেটত তেওঁ যিকোনো ইংৰাজ বেটছমেনৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। জেছন ৰয়ৰ নজিৰ ভংগ কৰিলে। ২০১৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰয়ৰ ১৮০ ৰান এতিয়ালৈকে সৰ্বাধিক আছিল। ইয়াৰ পূৰ্বে ২০১৬ চনত এলেক্স হেলেছে ১৭১ ৰান সংগ্ৰহ কৰিছিল।

এদিনীয়া ক্ৰিকেটত চাৰি বা তাৰ তলত বেটছমেনে কৰা এয়া দ্বিতীয় সৰ্বাধিক ৰান। ষ্ট’কছে অলপ সময়ৰ বাবে ভিভ ৰিচাৰ্ডছৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে। ভিভে চাৰি নম্বৰ স্থানত বেটিং কৰি ১৮৯ ৰান সংগ্ৰহ কৰিছিল। ষ্ট’কছে এ বি ডি ভিলিয়াৰ্ছ (১৭৬), কপিল দেৱ (১৭৫)ক অতিক্ৰম কৰি এই নজিৰ গঢ়ি তোলে।

অ’পেনাৰ নহ’লেও এদিনীয়া ক্ৰিকেটত ব্যক্তিগত সৰ্বোচ্চ ৰান কৰাৰ ক্ষেত্ৰত ষ্ট’কছ ছয় নম্বৰলৈ উন্নীত হৈছে। বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী তেওঁৰ ওপৰত আছে। দুয়োজনে অ’পেনাৰ নহৈও ১৮৩ ৰানৰ ইনিংছ খেলিছিল। শীৰ্ষত আছে বাংলাদেশৰ বিৰুদ্ধে ১৯৪ ৰানৰ ইনিংছ খেলা জিম্বাবুৱেৰ চাৰ্লছ কভেণ্ট্ৰি।

ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত ৰানৰ ক্ষেত্ৰত ষ্ট’কছৰ ইনিংছ চতুৰ্থ স্থানত আছে। তেওঁৰ পিছত আছে ভিভ ৰিচাৰ্ডছ, মাৰ্টিন গুপটিল আৰু সৌৰভ গাংগুলী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক