--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল, কিন্তু পুনৰ ঘূৰি আহিছে। প্ৰত্যাৱৰ্তনতে উজ্বলি উঠিল বেন ষ্ট’কছ। বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ এক উল্লেখযোগ্য শতক অৰ্জন কৰে। ১২৪টা বলত ১৮২ ৰানৰ ইনিংছ খেলে। সেই ইনিংছৰ বাবেই ষ্ট’কে বহু অভিলেখ গঢ়ে।

এদিনীয়া ক্ৰিকেটত তেওঁ যিকোনো ইংৰাজ বেটছমেনৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। জেছন ৰয়ৰ নজিৰ ভংগ কৰিলে। ২০১৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰয়ৰ ১৮০ ৰান এতিয়ালৈকে সৰ্বাধিক আছিল। ইয়াৰ পূৰ্বে ২০১৬ চনত এলেক্স হেলেছে ১৭১ ৰান সংগ্ৰহ কৰিছিল।

এদিনীয়া ক্ৰিকেটত চাৰি বা তাৰ তলত বেটছমেনে কৰা এয়া দ্বিতীয় সৰ্বাধিক ৰান। ষ্ট’কছে অলপ সময়ৰ বাবে ভিভ ৰিচাৰ্ডছৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে। ভিভে চাৰি নম্বৰ স্থানত বেটিং কৰি ১৮৯ ৰান সংগ্ৰহ কৰিছিল। ষ্ট’কছে এ বি ডি ভিলিয়াৰ্ছ (১৭৬), কপিল দেৱ (১৭৫)ক অতিক্ৰম কৰি এই নজিৰ গঢ়ি তোলে।

অ’পেনাৰ নহ’লেও এদিনীয়া ক্ৰিকেটত ব্যক্তিগত সৰ্বোচ্চ ৰান কৰাৰ ক্ষেত্ৰত ষ্ট’কছ ছয় নম্বৰলৈ উন্নীত হৈছে। বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী তেওঁৰ ওপৰত আছে। দুয়োজনে অ’পেনাৰ নহৈও ১৮৩ ৰানৰ ইনিংছ খেলিছিল। শীৰ্ষত আছে বাংলাদেশৰ বিৰুদ্ধে ১৯৪ ৰানৰ ইনিংছ খেলা জিম্বাবুৱেৰ চাৰ্লছ কভেণ্ট্ৰি।

ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত ৰানৰ ক্ষেত্ৰত ষ্ট’কছৰ ইনিংছ চতুৰ্থ স্থানত আছে। তেওঁৰ পিছত আছে ভিভ ৰিচাৰ্ডছ, মাৰ্টিন গুপটিল আৰু সৌৰভ গাংগুলী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু