--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ পৰা বাহিৰ হ’ল নাছিম শ্বাহ। তেওঁৰ সলনি জামান খানক অন্তৰ্ভূক্ত কৰা হৈছে। জামানে এতিয়াও প্ৰথম শ্ৰেণীৰ খেল খেলিব পৰা নাই। অৱশ্যে টি-২০ ফৰ্মেটত দেশৰ হৈ ৬খন মেচ খেলিছে। শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ পাকিস্তানৰ অন্যতম অস্ত্ৰ হিচাপে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাবলৈ ওলাইছে।

জামানৰ জন্ম হৈছিল পাকিস্তান দখলকৃত কাশ্মীৰৰ মিৰপুৰত। দুখীয়া পৰিয়ালৰ সন্তান হোৱাৰ পিছতো তেওঁ কেতিয়াও ক্ৰিকেট খেলাৰ সপোন এৰি দিয়া নাছিল। কাশ্মীৰ লীগত ৰাৱালকোট হকছৰ হৈ খেলি তেওঁ লাইমলাইটলৈ আহে। শেহতীয়াকৈ তেওঁ কানাডা আৰু শ্ৰীলংকাত টি-২০ লীগত খেলিছিল। কিন্তু তথাপিও প্ৰথম শ্ৰেণীৰ মেচখনত খেলিব নোৱাৰিলে।

নাছিমক বাদ দিয়াৰ লগে লগে পাকিস্তানে জামানক দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। শ্ৰীলংকাৰ মুখামুখি হ’বলগীয়া দলটোত ৫গৰাকী খেলুৱৈক সলনি কৰা হৈছে। আঘাতৰ বাবে হাৰিশ ৰাউফ আৰু আঘা ছলমানেও খেলিব নোৱাৰিব। লগতে ফখৰ জামান আৰু ফাহিম আশ্ৰাফক ফৰ্মৰ দুৰ্বলতাৰ বাবে বাদ দিয়া হৈছে।

পাকিস্তান ব’ৰ্ডৰ তথ্য অনুসৰি ফখৰৰ সলনি মহম্মদ হেৰিছ দললৈ আহিছে। ছলমানৰ ঠাইত খেলিব সাউদ শ্বাকিলে। ৰাউফৰ স্থান দখল কৰিছে মহম্মদ ৱাছিম ​​জুনিয়ৰে। আশ্ৰাফৰ ঠাইত দলত যোগদান কৰা মহম্মদ নৱাজ পুনৰ দললৈ ঘূৰি আহিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক