--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ পৰা বাহিৰ হ’ল নাছিম শ্বাহ। তেওঁৰ সলনি জামান খানক অন্তৰ্ভূক্ত কৰা হৈছে। জামানে এতিয়াও প্ৰথম শ্ৰেণীৰ খেল খেলিব পৰা নাই। অৱশ্যে টি-২০ ফৰ্মেটত দেশৰ হৈ ৬খন মেচ খেলিছে। শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ পাকিস্তানৰ অন্যতম অস্ত্ৰ হিচাপে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাবলৈ ওলাইছে।

জামানৰ জন্ম হৈছিল পাকিস্তান দখলকৃত কাশ্মীৰৰ মিৰপুৰত। দুখীয়া পৰিয়ালৰ সন্তান হোৱাৰ পিছতো তেওঁ কেতিয়াও ক্ৰিকেট খেলাৰ সপোন এৰি দিয়া নাছিল। কাশ্মীৰ লীগত ৰাৱালকোট হকছৰ হৈ খেলি তেওঁ লাইমলাইটলৈ আহে। শেহতীয়াকৈ তেওঁ কানাডা আৰু শ্ৰীলংকাত টি-২০ লীগত খেলিছিল। কিন্তু তথাপিও প্ৰথম শ্ৰেণীৰ মেচখনত খেলিব নোৱাৰিলে।

নাছিমক বাদ দিয়াৰ লগে লগে পাকিস্তানে জামানক দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। শ্ৰীলংকাৰ মুখামুখি হ’বলগীয়া দলটোত ৫গৰাকী খেলুৱৈক সলনি কৰা হৈছে। আঘাতৰ বাবে হাৰিশ ৰাউফ আৰু আঘা ছলমানেও খেলিব নোৱাৰিব। লগতে ফখৰ জামান আৰু ফাহিম আশ্ৰাফক ফৰ্মৰ দুৰ্বলতাৰ বাবে বাদ দিয়া হৈছে।

পাকিস্তান ব’ৰ্ডৰ তথ্য অনুসৰি ফখৰৰ সলনি মহম্মদ হেৰিছ দললৈ আহিছে। ছলমানৰ ঠাইত খেলিব সাউদ শ্বাকিলে। ৰাউফৰ স্থান দখল কৰিছে মহম্মদ ৱাছিম ​​জুনিয়ৰে। আশ্ৰাফৰ ঠাইত দলত যোগদান কৰা মহম্মদ নৱাজ পুনৰ দললৈ ঘূৰি আহিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক