--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰাখণ্ডৰ ডেৰাডুনত এখন হোটেলত কৰ্মৰত  অংকিতা ভণ্ডাৰী নামৰ যুৱতীগৰাকীৰ মৃত্যুয়ে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ৰিচেপচনিষ্ট হিচাপে এখন হোটেলত কৰ্মৰত আছিল যুৱতীগৰাকী ৷ 

উল্লেখযোগ্য যে, আজিৰ পৰা পাঁচ দিন পূৰ্বৰে পৰা সন্ধানহীন হৈ আছিল  অংকিতা। আৰু এই ঘটনাৰ পঞ্চম দিনা নতুন তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ 
 সন্দেহৰ আৱৰ্তত থকা অংকিতাৰ তিনি বন্ধুক জেৰা কৰোঁতেই ওলাই পৰিল অংকিতা হত্যাৰ নতুন মোৰ৷ 

আৰক্ষীয়ে তদন্তৰ অন্তত বিজেপি নেতা তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য আৰু তেওঁৰ পুত্ৰ অংকিত আৰ্যকো এই হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি প্ৰকাশ কৰিছে৷ ইফালে অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত পুলকিত আৰ্যৰ ৰিৰ্জটত  আজি অগ্নি সংযোগ কৰে ক্ষুব্ধ জনতাই৷ ইফালে বিজেপিয়ে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী বিনোদ আৰ্য আৰু তেওঁৰ পুত্ৰ অংকিত আৰ্যক তাৎক্ষণিক ভাৱে দলৰ পৰা বহিষ্কাৰ কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি , এই তিনিজন ব্যক্তিয়ে মিলি  হত্যা  কৰিছিল অংকিতাক। বিনোদ আৰ্য হৈছে অংকিতা হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত পুলকিতৰ পিতৃ।  এই  গোচৰটো ফাষ্ট ট্ৰেক আদালতলৈ লৈ যোৱাৰ চেষ্টা কৰিব বুলিও শনিবাৰে উত্তৰাখণ্ডৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ এই আদালতৰ জৰিয়তে  অপৰাধীসকলক কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব৷ আনফালে  কংগ্ৰেছ দলে ডেৰাডুনত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
দলটোৱে  মহিলা সুৰক্ষাত চৰকাৰৰ বিফলতাৰ অভিযোগ তুলি দলীয় নেতাৰ পুত্তলিকাও দাহ কৰিছে। অংকিতা হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন চহৰৰ মানুহৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে ,শনিবাৰে ৰাতিপুৱা এটা খালৰ পৰা অংকিতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঋষিকেশ এইমছত অংকিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। অংকিতাৰ নিৰ্মম হত্যাৰ প্ৰতিবাদত চৰকাৰে   পুলকিত আৰ্যৰ ৰিজৰ্টৰ লগতে তেওঁলোকৰ ফেক্টৰিতো অগ্নি সংযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement