--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰাখণ্ডৰ ডেৰাডুনত এখন হোটেলত কৰ্মৰত  অংকিতা ভণ্ডাৰী নামৰ যুৱতীগৰাকীৰ মৃত্যুয়ে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ৰিচেপচনিষ্ট হিচাপে এখন হোটেলত কৰ্মৰত আছিল যুৱতীগৰাকী ৷ 

উল্লেখযোগ্য যে, আজিৰ পৰা পাঁচ দিন পূৰ্বৰে পৰা সন্ধানহীন হৈ আছিল  অংকিতা। আৰু এই ঘটনাৰ পঞ্চম দিনা নতুন তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ 
 সন্দেহৰ আৱৰ্তত থকা অংকিতাৰ তিনি বন্ধুক জেৰা কৰোঁতেই ওলাই পৰিল অংকিতা হত্যাৰ নতুন মোৰ৷ 

আৰক্ষীয়ে তদন্তৰ অন্তত বিজেপি নেতা তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য আৰু তেওঁৰ পুত্ৰ অংকিত আৰ্যকো এই হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি প্ৰকাশ কৰিছে৷ ইফালে অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত পুলকিত আৰ্যৰ ৰিৰ্জটত  আজি অগ্নি সংযোগ কৰে ক্ষুব্ধ জনতাই৷ ইফালে বিজেপিয়ে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী বিনোদ আৰ্য আৰু তেওঁৰ পুত্ৰ অংকিত আৰ্যক তাৎক্ষণিক ভাৱে দলৰ পৰা বহিষ্কাৰ কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি , এই তিনিজন ব্যক্তিয়ে মিলি  হত্যা  কৰিছিল অংকিতাক। বিনোদ আৰ্য হৈছে অংকিতা হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত পুলকিতৰ পিতৃ।  এই  গোচৰটো ফাষ্ট ট্ৰেক আদালতলৈ লৈ যোৱাৰ চেষ্টা কৰিব বুলিও শনিবাৰে উত্তৰাখণ্ডৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ এই আদালতৰ জৰিয়তে  অপৰাধীসকলক কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব৷ আনফালে  কংগ্ৰেছ দলে ডেৰাডুনত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
দলটোৱে  মহিলা সুৰক্ষাত চৰকাৰৰ বিফলতাৰ অভিযোগ তুলি দলীয় নেতাৰ পুত্তলিকাও দাহ কৰিছে। অংকিতা হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন চহৰৰ মানুহৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে ,শনিবাৰে ৰাতিপুৱা এটা খালৰ পৰা অংকিতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঋষিকেশ এইমছত অংকিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। অংকিতাৰ নিৰ্মম হত্যাৰ প্ৰতিবাদত চৰকাৰে   পুলকিত আৰ্যৰ ৰিজৰ্টৰ লগতে তেওঁলোকৰ ফেক্টৰিতো অগ্নি সংযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু