--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্ণছবি চোৱাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান প্ৰথমতে আছে। এনে সময়তে আজি চিবিআইয়ে ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ প্ৰচলন ৰোধ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।

 শনিবাৰে দেশৰ ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৬ টা স্থানত চিবিআইয়ে তালাচী চলায়। চিবিআইৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। শিশু পৰ্ণছবিৰ বিৰুদ্ধে চিবিআইয়ে চলোৱা এই অপাৰেচনৰ  নাম  দিয়া হৈছে 'অপাৰেচন মেঘ-চক্ৰ'। জানিব পৰা মতে শনিবাৰে চলোৱা এই অভিযান  অনলাইন শিশু পৰ্ণগ্ৰাফী বিয়পোৱাৰ বিৰুদ্ধে দাখিল কৰা কেইবাটাও অভিযোগৰ ওপৰত আধাৰত কৰা হৈছে। 

যোৱা কেইসপ্তাহমানৰ পৰা চিবিআইৰ অনুসন্ধানকাৰীসকলে চাইবাৰ নিৰীক্ষণ চলাই আছে আৰু একাধিক মোবাইল নম্বৰত শিশু পৰ্ণগ্ৰাফী ডাউনলোড আৰু সেইবোৰ শ্বেয়াৰ কৰাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে। শিশু পৰ্ণগ্ৰাফী লেনদেন সম্পৰ্কীয় তথ্য বিভিন্ন কম্পিউটাৰত উপলব্ধ হোৱাৰ কথাও চিবিআইয়ে প্ৰকাশ কৰিছে। তদুপৰি এটা চক্ৰই ক্লাউডত শিশু পৰ্ণ ছবি সংৰক্ষণ কৰি সেইবোৰ বিয়পাই থকাৰ তথ্যও চিবিআইয়ে লাভ কৰিছে।

এনে তথ্যৰ  ওপৰত ভিত্তি কৰি আজিৰ অভিযান চলোৱা হয়।  ২০১৯ চনত ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ বৰ্ধিত প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ চিবিআইৰ এটা বিশেষ কোষ স্থাপন কৰা হৈছিল।  শিশুক যৌন উৎপীড়ন আৰু যৌন শোষণৰ বিৰুদ্ধে থকা চেলটোক ইণ্টাৰনেটত নিৰীক্ষণৰ জৰিয়তে শিশু পৰ্ণগ্ৰাফীৰ বিস্তাৰ চিনাক্ত কৰা আৰু পকচো তথা তথ্য প্ৰযুক্তি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। 

কিন্তু নিৰন্তৰ নিৰীক্ষণত ৰখা স্বত্বেও শিশু পৰ্ণগ্ৰাফী চক্ৰটোক সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰা সম্ভৱ হোৱা নাই। উল্লেখ্য কেইমাহমান আগতে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ প্ৰচলনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক