--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্ণছবি চোৱাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান প্ৰথমতে আছে। এনে সময়তে আজি চিবিআইয়ে ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ প্ৰচলন ৰোধ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।

 শনিবাৰে দেশৰ ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৬ টা স্থানত চিবিআইয়ে তালাচী চলায়। চিবিআইৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। শিশু পৰ্ণছবিৰ বিৰুদ্ধে চিবিআইয়ে চলোৱা এই অপাৰেচনৰ  নাম  দিয়া হৈছে 'অপাৰেচন মেঘ-চক্ৰ'। জানিব পৰা মতে শনিবাৰে চলোৱা এই অভিযান  অনলাইন শিশু পৰ্ণগ্ৰাফী বিয়পোৱাৰ বিৰুদ্ধে দাখিল কৰা কেইবাটাও অভিযোগৰ ওপৰত আধাৰত কৰা হৈছে। 

যোৱা কেইসপ্তাহমানৰ পৰা চিবিআইৰ অনুসন্ধানকাৰীসকলে চাইবাৰ নিৰীক্ষণ চলাই আছে আৰু একাধিক মোবাইল নম্বৰত শিশু পৰ্ণগ্ৰাফী ডাউনলোড আৰু সেইবোৰ শ্বেয়াৰ কৰাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে। শিশু পৰ্ণগ্ৰাফী লেনদেন সম্পৰ্কীয় তথ্য বিভিন্ন কম্পিউটাৰত উপলব্ধ হোৱাৰ কথাও চিবিআইয়ে প্ৰকাশ কৰিছে। তদুপৰি এটা চক্ৰই ক্লাউডত শিশু পৰ্ণ ছবি সংৰক্ষণ কৰি সেইবোৰ বিয়পাই থকাৰ তথ্যও চিবিআইয়ে লাভ কৰিছে।

এনে তথ্যৰ  ওপৰত ভিত্তি কৰি আজিৰ অভিযান চলোৱা হয়।  ২০১৯ চনত ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ বৰ্ধিত প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ চিবিআইৰ এটা বিশেষ কোষ স্থাপন কৰা হৈছিল।  শিশুক যৌন উৎপীড়ন আৰু যৌন শোষণৰ বিৰুদ্ধে থকা চেলটোক ইণ্টাৰনেটত নিৰীক্ষণৰ জৰিয়তে শিশু পৰ্ণগ্ৰাফীৰ বিস্তাৰ চিনাক্ত কৰা আৰু পকচো তথা তথ্য প্ৰযুক্তি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। 

কিন্তু নিৰন্তৰ নিৰীক্ষণত ৰখা স্বত্বেও শিশু পৰ্ণগ্ৰাফী চক্ৰটোক সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰা সম্ভৱ হোৱা নাই। উল্লেখ্য কেইমাহমান আগতে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ প্ৰচলনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু