--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণৰ প্ৰত্যুত্তৰ দিছে ৰাহুল গান্ধীয়ে। শুকুৰবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত তেওঁ কয়- ''প্ৰধানমন্ত্ৰী সমগ্ৰ ভাৰতৰ প্ৰতিনিধি। কিন্তু মই ক’বলৈ বাধ্য হৈছো যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদৰ গুৰুত্ব তেওঁ বুজি নাপায়।’’

বৃহস্পতিবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱৰ শেষত মোডীয়ে দিয়া দুঘণ্টীয়া ২০ মিনিটৰ উত্তৰ ভাষণত বহুলাংশে তেওঁৰ চৰকাৰৰ “সফলতা” আৰু জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিংলৈকে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলৰ “ব্যৰ্থতা”ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহৰ বিভিন্ন ‘ভুল’ক লৈ তেওঁ ঠাট্টা-মস্কৰা কৰিলে।

শুকুৰবাৰে ৰাহুলে কয়- ''মণিপুৰত মানুহৰ মৃত্যু হৈছে, মহিলাক অত্যাচাৰ কৰা হৈছে, আৰু তেওঁ (মোদীয়ে) হাঁহি হাঁহি কৌতুক কৰিছে।’’

বুধবাৰে অনাস্থা প্রস্তাৱত ৰাহুলে কয় যে "মণিপুৰত বিজেপিয়ে ভাৰত মাকক হত্যা কৰিছে", যাৰ বিৰুদ্ধে শাসকীয় শিবিৰৰ তীব্ৰ আপত্তি দেখা গৈছিল। সংবাদমেলত ৰাহুলে নিজৰ মন্তব্যটো বুজাই দিলে, "হয়, মই কৈছিলো। কাৰণ বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ বাবে মণিপুৰ এতিয়া একক ৰাজ্য নহয়। ১৯ বছৰীয়া ৰাজনৈতিক অভিজ্ঞতাত মই কেতিয়াও মণিপুৰৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলো।’’

ৰাহুলে জুন মাহত মণিপুৰ ভ্ৰমণৰ অভিজ্ঞতাকো আলোকপাত কৰিছে। তেওঁ কয়, “যেতিয়া মই মেইটেইৰ অঞ্চললৈ গৈছিলো, তেতিয়া মোক স্পষ্ট ভাষাত কোৱা হৈছিল যে মোক আদৰণি জনোৱা হৈছে, কিন্তু নিৰাপত্তাৰক্ষীৰ দলটোত যদি কোনো কুকি থাকে তেন্তে তেওঁক গুলীয়াই হত্যা কৰা হ’ব। ইয়াৰ হুবহু বিপৰীত কথা কুকিসকলেও কৈছিল। মই যেতিয়া তেওঁলোকৰ অঞ্চললৈ গৈছিলো তেতিয়া কৈছিল যদি কোনো মেইটেই তাত থাকে, তেন্তে গুলীয়াই হত্যা কৰা হ’ব।''

ৰাহুলে কয়- "মণিপুৰ এতিয়া অখণ্ড নহয়, এয়া এক উদাহৰণ। মণিপুৰত ভাৰতীয়ত্বৰ ধাৰণাক হত্যা কৰিলে বিজেপিয়ে।’’

ইয়াৰ পিছতে মোডীক লক্ষ্য কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়- ''মণিপুৰৰ এই সংকটৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী দেশৰ কণ্ঠস্বৰ হ’ব লাগিছিল। কিন্তু সেই বাটত খোজ দিয়াৰ পৰিৱৰ্তে তেওঁ সাধাৰণ ৰাজনীতিবিদৰ দৰে ক্ষুদ্ৰ ৰাজনীতি কৰিছে। নিৰ্লজ্জভাৱে অধিবেশনত বহি হাঁহিছে, মন্তব্য কৰিছে।’’

১৫০ জনতকৈ অধিক লোকৰ প্ৰাণ হেৰুৱাই হাজাৰ হাজাৰ লোক স্থানচ্যুত হোৱাৰ পিছতো বিজেপি শাসিত উত্তৰ-পূব ৰাজ্যখনলৈ মোডীয়ে ভ্ৰমণ নকৰাৰ কথা সোঁৱৰাই দি ৰাহুলে কয়- ''তেওঁ কিয় নগ’ল তাৰ কাৰণ মই জানো। কিন্তু মই মুকলিকৈ ক’ব নিবিচাৰো।' ভাৰতীয় সেনাক দায়িত্ব দিলে দুদিনতে মণিপুৰৰ অশান্তি বন্ধ হ’ব যদিও কেন্দ্ৰীয় চৰকাৰে সেই পথ অনুসৰণ কৰা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ