--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যালয়লৈ নোযোৱাকৈয়ে দৰমহা লয় বিজেপি বিধায়কৰ পত্নীয়ে। তেওঁ মাহত কেৱল এবাৰহে বিদ্যালয়ত উপস্থিত হয়। উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ বিজেপি বিধায়ক মনোজ প্ৰজাপতিৰ পত্নী দেশপ্ৰাচী চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন হৈছে এই  অভিযোগ।

হামিৰপুৰ সদৰৰ বিজেপি বিধায়ক প্ৰজাপতিৰ প্তনীয়ে   এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী। তেওঁ চাকৰি পোৱা বিদ্যালয়খনো প্ৰজাপতিৰ পৈতৃক গাঁৱলৈ ওভতাই অনা হৈছে । দেশপ্ৰাচীয়ে  প্ৰাথমিক বিদ্যালয় খনত  সহকাৰী শিক্ষয়িত্ৰী  হিচাপে কাম কৰি আছে। অভিযোগ কৰা হৈছে যে বিধায়ক-পত্নীয়ে নিজে বিদ্যালয়ত উপস্থিত নাথাকি  গাওঁখনৰ এগৰাকী যুৱতীক মাহে ৫,০০০ টকাত 'ভাড়াতীয়া'  শিক্ষয়িত্ৰী হিচাবে ব্যৱহাৰ কৰি আহিছে। 

 স্থানীয় লোকসকলৰ এটা অংশই অভিযোগ কৰিছে যে প্ৰজাপতি বিধায়ক হোৱাৰ পিছতে তেওঁৰ পত্নীয়ে এনে কৰা আৰম্ভ কৰিছে।  মাহত এবাৰহে বিদ্যালয়লৈ গৈ  তেওঁ বিদ্যালয়ৰ উপস্থিতি বহীত মাহটোৰ চহী কৰি আহে।বিদ্যালয়খনৰ প্ৰধান শিক্ষক পুষ্পা চাচানেও কৈছে  যে বিধায়কগৰাকীৰ পত্নীয়ে মাহত এবাৰহে বিদ্যালয়লৈ  আহে।তেওঁ গাওঁখনৰ এগৰাকী যুৱতী শ্ৰেয়া চাচানক শিক্ষাৰ্থীক শিকোৱাৰ দায়িত্ব দিছে।

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলেও লগতে দাবী কৰিছে যে দেশপ্ৰাচীয়ে মাহত এবাৰহে বিদ্যালয়লৈ আহে। সেই দিনটোতো তেওঁ অলপ সময়ৰ পিছতে বিদ্যালয়ৰ পৰা  গুচি যায়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে উত্ত প্দেশৰ প্ৰাথমিক শিক্ষা পৰিষদত কঁপনি  উঠিছে। ব'ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়া আলোক সিঙে কয় যে বিষয়টো সন্দৰ্ভত  তদন্ত চলি আছে। যদি সঁচাকৈয়ে এনে হৈছে, শিক্ষয়িত্ৰীগৰাকীৰ  বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস