--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যালয়লৈ নোযোৱাকৈয়ে দৰমহা লয় বিজেপি বিধায়কৰ পত্নীয়ে। তেওঁ মাহত কেৱল এবাৰহে বিদ্যালয়ত উপস্থিত হয়। উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ বিজেপি বিধায়ক মনোজ প্ৰজাপতিৰ পত্নী দেশপ্ৰাচী চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন হৈছে এই  অভিযোগ।

হামিৰপুৰ সদৰৰ বিজেপি বিধায়ক প্ৰজাপতিৰ প্তনীয়ে   এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী। তেওঁ চাকৰি পোৱা বিদ্যালয়খনো প্ৰজাপতিৰ পৈতৃক গাঁৱলৈ ওভতাই অনা হৈছে । দেশপ্ৰাচীয়ে  প্ৰাথমিক বিদ্যালয় খনত  সহকাৰী শিক্ষয়িত্ৰী  হিচাপে কাম কৰি আছে। অভিযোগ কৰা হৈছে যে বিধায়ক-পত্নীয়ে নিজে বিদ্যালয়ত উপস্থিত নাথাকি  গাওঁখনৰ এগৰাকী যুৱতীক মাহে ৫,০০০ টকাত 'ভাড়াতীয়া'  শিক্ষয়িত্ৰী হিচাবে ব্যৱহাৰ কৰি আহিছে। 

 স্থানীয় লোকসকলৰ এটা অংশই অভিযোগ কৰিছে যে প্ৰজাপতি বিধায়ক হোৱাৰ পিছতে তেওঁৰ পত্নীয়ে এনে কৰা আৰম্ভ কৰিছে।  মাহত এবাৰহে বিদ্যালয়লৈ গৈ  তেওঁ বিদ্যালয়ৰ উপস্থিতি বহীত মাহটোৰ চহী কৰি আহে।বিদ্যালয়খনৰ প্ৰধান শিক্ষক পুষ্পা চাচানেও কৈছে  যে বিধায়কগৰাকীৰ পত্নীয়ে মাহত এবাৰহে বিদ্যালয়লৈ  আহে।তেওঁ গাওঁখনৰ এগৰাকী যুৱতী শ্ৰেয়া চাচানক শিক্ষাৰ্থীক শিকোৱাৰ দায়িত্ব দিছে।

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলেও লগতে দাবী কৰিছে যে দেশপ্ৰাচীয়ে মাহত এবাৰহে বিদ্যালয়লৈ আহে। সেই দিনটোতো তেওঁ অলপ সময়ৰ পিছতে বিদ্যালয়ৰ পৰা  গুচি যায়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে উত্ত প্দেশৰ প্ৰাথমিক শিক্ষা পৰিষদত কঁপনি  উঠিছে। ব'ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়া আলোক সিঙে কয় যে বিষয়টো সন্দৰ্ভত  তদন্ত চলি আছে। যদি সঁচাকৈয়ে এনে হৈছে, শিক্ষয়িত্ৰীগৰাকীৰ  বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন