--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আহি পালে বহু প্ৰত্যাশিত দিনটো। আজি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ দিন। ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল যোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে। 

জানি লওক সৱিশেষ

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ

২০ মে’ত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

২৫ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 

১ জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

নিৰ্বাচনত মুঠ ৯৬.৮ কোটি পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব। ইয়াৰ ভিতৰত ১.৮ কোটি নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে ৪৯.৭ কোটি পুৰুষ ভোটাৰ, ৪৭.১ কোটি মহিলা ভোটাৰ আৰু ৪৮,০৪৪ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটদান।

৮৮.৪ লাখ বিশেষভাৱে সক্ষম ভোটাৰ, ৮২  লাখ ৮৫ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰ আৰু ২.৩৮ লাখ গৰাকী এশ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰ আছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, নিৰ্বাচনৰ বাবে মুঠ ১০.৫ লাখ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। এই বুথসমূহ পৰিচালনাৰ বাবে ১.৫ কোটি ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হ’ব। নিৰ্বাচনত ৫৫ লাখ ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হ’ব।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন 

বিহুৰ ঠিক পাছতেই অনুষ্ঠিত হ’ব অসমত নিৰ্বাচন 

প্ৰথম তিনিটা পৰ্যায়তে অনুষ্ঠিত হ’ব অসমত নিৰ্বাচন 

অসমত প্ৰথম পৰ্যায়ত ১৯এপ্ৰিল 

দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ০৭ মে

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়ত ১৯ এপ্ৰিলত ভোট

যোৰহাট, কাজিৰঙা, নগাঁৱতো ১৯ এপ্ৰিলত ভোট

দ্বিতীয় পৰ্যায়ত অসমৰ ৫টা সমষ্টিত ভোটগ্ৰহণ

ডিফু, গুৱাহাটীত ২৬ এপ্ৰিলত ভোটগ্ৰহণ

শিলচৰ, কৰিমগঞ্জ, দৰং–ওদালগুৰিতো ২৬ এপ্ৰিলত ভোট

তৃতীয় পৰ্যায়ত অসমৰ তিনিটা সমষ্টিত ভোটগ্ৰহণ

বৰপেটা, কোকৰাঝাৰ, ধুবুৰীত ৭ মে’ত ভোটগ্ৰহণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু