--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত নিৰ্বাচন আয়োগে সংবাদ মেলযোগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন৷
মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সম্বোধন কৰে সংবাদমেল৷
প্ৰতীক্ষাৰ অন্তত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে৷ সমগ্ৰ দেশত মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন৷ ১৯, ২৬ এপ্ৰিল, ০৭,  ১৩, ২০, ২৫, মে' আৰু ১ জুনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ৪ জুনত কৰা হ’ব ভোটগণনা৷

অসমত মুঠ ৩টা পৰ্যায়ত হ’ব ভোটগ্ৰহণ৷ ১৯ এপ্ৰিল, ২৬ এপ্ৰিল, ৭ মে’ত অসমত ভোটগ্ৰহণ৷

১.৮২ কোটি ফাৰ্ষ্টটাইম ভোটাৰ থাকিব এইবাৰৰ নিৰ্বাচনত৷ প্ৰায় ৮২ লাখ ৮০ ঊৰ্ধ্বৰ ভোটাৰে দিব ভোট৷ পুৰুষ ভোটাৰ ৪৯ কোটি ৭২ লাখ ৩১,৯৯৪জন৷ মহিলা ভোটাৰ ৪৭ কোটি ১৫ লাখ ৪১,৮৮৮গৰাকী৷ ৩য় লিংগৰ ৪৮.৪৪ হাজাৰ, দিব্যাংগ ৮৮.৩৫ লাখ ভোটাৰ৷ ৫৫ লাখ EVM ব্যৱহৃত হ’ব এই নিৰ্বাচনত৷ প্ৰায় ৪ লাখ বাহন ব্যৱহাৰ হ’ব এই নিৰ্বাচনত৷ ৮৫তকৈ অধিক বয়সৰ ভোটাৰলৈ বিশেষ সুবিধা আগবঢ়োৱা হৈছে৷ ঘৰৰ পৰাই অশীতিপৰক ভোটদানৰ সুবিধা৷ ফৌজদাৰী গোচৰ থকা প্ৰাৰ্থীৰ তথ্য পাব ৱেবছাইটত৷ এনে প্ৰাৰ্থীয়ে ৩বাৰকৈ দিব লাগিব ৰাজহুৱা ঘোষণা৷ দলেও অপৰাধী প্ৰাৰ্থী সন্দৰ্ভত দিব লাগিব ঘোষণা

আনহাতে, বাহুবল, ধনবল, অপপ্ৰচাৰ, আইন ভংগ নচলিব৷ অভিযোগ প্ৰাপ্তিৰ বাবে নিৰ্বাচন আয়োগৰ KYC এপ থাকিব৷ ধন বিতৰণৰ ফটো, ভিডিঅ’ প্ৰমাণ পালেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস৷ ১০০ মিনিটৰ ভিতৰতে কঠোৰ ব্যৱস্থা ল’ব ECIএ৷ ভোটগ্ৰহণত আৰক্ষীৰ পেট্ৰ’লিং, থাকিব ড্ৰোন নিৰীক্ষণ৷ ধন, সুৰা, মেচিন আদি বিতৰণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অনলাইন ধন লেনদেনতো নজৰ ৰাখিব বেংকে৷ অপপ্ৰচাৰ সন্দৰ্ভতো ছ’চিয়েল মিডিয়াত ৰখা হ’ব নজৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু