--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত নিৰ্বাচন আয়োগে সংবাদ মেলযোগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন৷
মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সম্বোধন কৰে সংবাদমেল৷
প্ৰতীক্ষাৰ অন্তত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে৷ সমগ্ৰ দেশত মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন৷ ১৯, ২৬ এপ্ৰিল, ০৭,  ১৩, ২০, ২৫, মে' আৰু ১ জুনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ৪ জুনত কৰা হ’ব ভোটগণনা৷

অসমত মুঠ ৩টা পৰ্যায়ত হ’ব ভোটগ্ৰহণ৷ ১৯ এপ্ৰিল, ২৬ এপ্ৰিল, ৭ মে’ত অসমত ভোটগ্ৰহণ৷

১.৮২ কোটি ফাৰ্ষ্টটাইম ভোটাৰ থাকিব এইবাৰৰ নিৰ্বাচনত৷ প্ৰায় ৮২ লাখ ৮০ ঊৰ্ধ্বৰ ভোটাৰে দিব ভোট৷ পুৰুষ ভোটাৰ ৪৯ কোটি ৭২ লাখ ৩১,৯৯৪জন৷ মহিলা ভোটাৰ ৪৭ কোটি ১৫ লাখ ৪১,৮৮৮গৰাকী৷ ৩য় লিংগৰ ৪৮.৪৪ হাজাৰ, দিব্যাংগ ৮৮.৩৫ লাখ ভোটাৰ৷ ৫৫ লাখ EVM ব্যৱহৃত হ’ব এই নিৰ্বাচনত৷ প্ৰায় ৪ লাখ বাহন ব্যৱহাৰ হ’ব এই নিৰ্বাচনত৷ ৮৫তকৈ অধিক বয়সৰ ভোটাৰলৈ বিশেষ সুবিধা আগবঢ়োৱা হৈছে৷ ঘৰৰ পৰাই অশীতিপৰক ভোটদানৰ সুবিধা৷ ফৌজদাৰী গোচৰ থকা প্ৰাৰ্থীৰ তথ্য পাব ৱেবছাইটত৷ এনে প্ৰাৰ্থীয়ে ৩বাৰকৈ দিব লাগিব ৰাজহুৱা ঘোষণা৷ দলেও অপৰাধী প্ৰাৰ্থী সন্দৰ্ভত দিব লাগিব ঘোষণা

আনহাতে, বাহুবল, ধনবল, অপপ্ৰচাৰ, আইন ভংগ নচলিব৷ অভিযোগ প্ৰাপ্তিৰ বাবে নিৰ্বাচন আয়োগৰ KYC এপ থাকিব৷ ধন বিতৰণৰ ফটো, ভিডিঅ’ প্ৰমাণ পালেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস৷ ১০০ মিনিটৰ ভিতৰতে কঠোৰ ব্যৱস্থা ল’ব ECIএ৷ ভোটগ্ৰহণত আৰক্ষীৰ পেট্ৰ’লিং, থাকিব ড্ৰোন নিৰীক্ষণ৷ ধন, সুৰা, মেচিন আদি বিতৰণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অনলাইন ধন লেনদেনতো নজৰ ৰাখিব বেংকে৷ অপপ্ৰচাৰ সন্দৰ্ভতো ছ’চিয়েল মিডিয়াত ৰখা হ’ব নজৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক