--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কৃতবিদ্য ভাৰতীয়৷দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী ব্যৱস্থাৰ পৰা পোৱা ঐতিহাসিক শিক্ষা ভাৰতবাসীৰ মাজত প্ৰসাৰ কৰাৰ জৰিয়তে ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ উপসংহাৰ কৰা ব্যক্তিজনৰ আজি ওপজা দিন৷আজি গান্ধী জয়ন্তী-মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন৷যিজন গান্ধীয়ে আঁঠুৰ মূৰলৈকে পৰিধান কৰা ধুতিখনৰ জৰিয়তে কঁপাই তুলিছিল  ইংলেণ্ডৰ বৰঘৰ৷যাৰ কৰ্মস্পৃহা আৰু অদম্য সাহসে জন্ম দিছিল বহু সাহসী বীৰৰ৷কিন্তু সেইজন গান্ধীৰ   কোনটো দিশৰ কথা আমি অধিক জানো?তেওঁৰ মৃত্যুৰ পাছতো ৰচি গৈছে বহু ইতিহাস৷যাৰ সাক্ষ্য বিশ্ব ইতিহাসৰ পাতে-পাতে সন্নিৱিষ্ট হৈ আছে৷

জাতিৰ পিতা হিচাপে  মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত,স্থান আছিল- বৰ্তমান গুজৰাটৰ অংশ হিচাপে পৰিগণিত হোৱা পোৰবন্দৰত। এই বছৰ মহামানৱজনৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী।

ভাৰতবৰ্ষত হোৱা স্বাধীনতা আন্দোলনক প্ৰথম শাৰীৰ পৰা নেতত্ব দিয়া ব্যক্তিসকলৰ ভিতৰত মহাত্মা গান্ধী আছিল অন্যতম৷জানো আহক মহাত্মা গান্ধীৰ বিষয়ে কিছু কমকৈ প্ৰচাৰিত বা প্ৰকাশ্য তথ্য-

১/টাইম মেগাজিনৰ সন্মান: ১৯৩০ চনত মহাত্মা গান্ধীক টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ ব্যক্তি উপাধিৰে সন্মানিত কৰা হয়, তেওঁ এই সন্মান লাভ কৰা প্ৰথম আৰু একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।

২/ আইৰিছ উচ্চাৰণ: মহাত্মা গান্ধীয়ে আইৰিছ উচ্চাৰণেৰে ইংৰাজী কৈছিল কাৰণ তেওঁৰ প্ৰথম শিক্ষকসকলৰ ভিতৰত এজন আয়াৰলেণ্ডৰ আছিল।

৩/শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন: পাঁচবাৰকৈ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতো গান্ধীয়ে কেতিয়াও এই বঁটা লাভ কৰা নাছিল।

৪/অন্ত্যেষ্টিক্ৰিয়া: গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যোৱা শোভাযাত্ৰাত ৮ কিলোমিটাৰজুৰি লোকে লোকাৰণ্য হৈ পৰিছিল৷

৫/গান্ধীৰ নামেৰে নামাকৰণ কৰা পথসমূহঃ ভাৰতৰ বাহিৰত ৪৮টা আৰু দেশৰ ভিতৰতে ৫৩টা পথ মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰা হৈছে।যিটো বিশ্বৰ কোনো ব্যক্তিৰ ক্ষেত্ৰতে বিৰল৷

৬/হেনৰী ফ’ৰ্ডৰ প্ৰশংসা: ফ’ৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠাপক হেনৰী ফ’ৰ্ড আছিল মহাত্মা গান্ধীৰ এজন নিষ্ঠাবান প্ৰশংসক আৰু অনুগামী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু