--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কৃতবিদ্য ভাৰতীয়৷দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী ব্যৱস্থাৰ পৰা পোৱা ঐতিহাসিক শিক্ষা ভাৰতবাসীৰ মাজত প্ৰসাৰ কৰাৰ জৰিয়তে ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ উপসংহাৰ কৰা ব্যক্তিজনৰ আজি ওপজা দিন৷আজি গান্ধী জয়ন্তী-মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন৷যিজন গান্ধীয়ে আঁঠুৰ মূৰলৈকে পৰিধান কৰা ধুতিখনৰ জৰিয়তে কঁপাই তুলিছিল  ইংলেণ্ডৰ বৰঘৰ৷যাৰ কৰ্মস্পৃহা আৰু অদম্য সাহসে জন্ম দিছিল বহু সাহসী বীৰৰ৷কিন্তু সেইজন গান্ধীৰ   কোনটো দিশৰ কথা আমি অধিক জানো?তেওঁৰ মৃত্যুৰ পাছতো ৰচি গৈছে বহু ইতিহাস৷যাৰ সাক্ষ্য বিশ্ব ইতিহাসৰ পাতে-পাতে সন্নিৱিষ্ট হৈ আছে৷

জাতিৰ পিতা হিচাপে  মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত,স্থান আছিল- বৰ্তমান গুজৰাটৰ অংশ হিচাপে পৰিগণিত হোৱা পোৰবন্দৰত। এই বছৰ মহামানৱজনৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী।

ভাৰতবৰ্ষত হোৱা স্বাধীনতা আন্দোলনক প্ৰথম শাৰীৰ পৰা নেতত্ব দিয়া ব্যক্তিসকলৰ ভিতৰত মহাত্মা গান্ধী আছিল অন্যতম৷জানো আহক মহাত্মা গান্ধীৰ বিষয়ে কিছু কমকৈ প্ৰচাৰিত বা প্ৰকাশ্য তথ্য-

১/টাইম মেগাজিনৰ সন্মান: ১৯৩০ চনত মহাত্মা গান্ধীক টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ ব্যক্তি উপাধিৰে সন্মানিত কৰা হয়, তেওঁ এই সন্মান লাভ কৰা প্ৰথম আৰু একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।

২/ আইৰিছ উচ্চাৰণ: মহাত্মা গান্ধীয়ে আইৰিছ উচ্চাৰণেৰে ইংৰাজী কৈছিল কাৰণ তেওঁৰ প্ৰথম শিক্ষকসকলৰ ভিতৰত এজন আয়াৰলেণ্ডৰ আছিল।

৩/শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন: পাঁচবাৰকৈ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতো গান্ধীয়ে কেতিয়াও এই বঁটা লাভ কৰা নাছিল।

৪/অন্ত্যেষ্টিক্ৰিয়া: গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যোৱা শোভাযাত্ৰাত ৮ কিলোমিটাৰজুৰি লোকে লোকাৰণ্য হৈ পৰিছিল৷

৫/গান্ধীৰ নামেৰে নামাকৰণ কৰা পথসমূহঃ ভাৰতৰ বাহিৰত ৪৮টা আৰু দেশৰ ভিতৰতে ৫৩টা পথ মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰা হৈছে।যিটো বিশ্বৰ কোনো ব্যক্তিৰ ক্ষেত্ৰতে বিৰল৷

৬/হেনৰী ফ’ৰ্ডৰ প্ৰশংসা: ফ’ৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠাপক হেনৰী ফ’ৰ্ড আছিল মহাত্মা গান্ধীৰ এজন নিষ্ঠাবান প্ৰশংসক আৰু অনুগামী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement