--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গান্ধী জয়ন্তী৷জাতিৰ পিতা মহাত্মা গান্ধী ওপজা দিন৷মহামানৱ মহাত্মা গান্ধীৰ জীৱনশৈলী আছিল অতি সাধাৰণ৷তেওঁৰ পিন্ধনতো আছিল এখন সামান্য ধূতি৷ঠিক একেদৰে গান্ধীয়েও খাইছিল একেবাৰেই সাধাৰণ নিৰামিষ খাদ্যভাস৷

গান্ধীয়ে গৰু আৰু ম’হৰ গাখীৰ সেৱন নকৰাৰ প্ৰতিজ্ঞা কৰিছিল কাৰণ পশুৰ ওপৰত মানৱীয় নিষ্ঠুৰতাৰ প্ৰতিবাদ কৰিছিল। কিন্তু অৱশেষত তেওঁক পত্নী আৰু ডাক্তৰে বুজনি দিয়াৰ বাবে ছাগলীৰ গাখীৰ খাবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেওঁৰ শিষ্য আৰু পৰিয়ালে ছাগলীৰ গাখীৰৰ অবিৰত যোগান নিশ্চিত কৰিবলগীয়া হৈছিল, তদুপৰি গান্ধীজী ইংলেণ্ডলৈ যোৱাৰ সময়ত দুটা ছাগলী লগত লৈ যায়। এই সন্দৰ্ভত সৰোজিনী নাইডুৱে এবাৰ গান্ধীক মস্কৰা কৰি কৈছিল- "গান্ধীজীক সবল অৱস্থাত ৰখাটো এটা ব্যয়বহুল কাম হৈ পৰিছে।"

মহাত্মা গান্ধী আৰু তেওঁৰ ছাগলী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিখ্যাত হৈ পৰিছিল৷সেইবাবেই তেওঁ ১৯৩১ চনৰ ঘূৰণীয়া মেজমেলৰ বাবে দুটা ছাগলী লৈ লণ্ডনলৈ যাত্ৰা কৰিছিল, যিয়ে ইউৰোপীয় সংবাদ মাধ্যমক যথেষ্ট আনন্দিত কৰি তুলিছিল। মহাত্মা গান্ধীৰ আটাইতকৈ বিখ্যাত ছাগলীটোৰ নাম আছিল নিৰ্মলা, যাৰ ১৯৪৭ চনত মৃত্যুৱে আনকি আমেৰিকাৰ বিভিন্ন বাতৰি কাকততো স্থান লাভ কৰিছিল!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু