--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বিবিচিয়ে এখন ডকুমেণ্টৰী প্ৰস্তুত কৰিছে। ডকুমেণ্টৰী খনকলৈ মোদীকে ধৰি চৰকাৰ আহ্লাদিত হ’ব লাগিছিল যদিও তেনে হোৱা নাই। ইয়াৰ বিপৰীতে মোদীৰ চৰকাৰে টুইটাৰ, ইউটিউব আদি প্লেটফৰ্মত ডকুমেণ্টৰীখন নিষিদ্ধহে কৰিছে। কিন্তু বিবিচিৰ 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন' শীৰ্ষক ডকুমেণটৰী খনত এনে কি দেখুওৱা হৈছে যাৰ বাবে খোদ চৰকাৰেই ডকুমেণ্টৰী খন নিষিদ্ধ কৰিবলগীয়া হৈছে? 


ডকুমেণ্টৰী খনৰ প্ৰথটো খণ্ডত দেখুওৱা হৈছে বিশ্বত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গুজৰাটৰ গোধ্ৰা কাণ্ড। গোধ্ৰা কাণ্ডৰ সময়ত মোদী হৈ আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰী হিচাবে মোদীয়ে গোধ্ৰা কাণ্ডৰ অচিলালৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কাৰ বাবে যেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে নকৰাৰ অভিযোগ উঠিছিল। আনকি চৰকাৰে হিন্দুত্ববাদী সংগঠনক সহায় কৰা বুলিও বহুতে কৈছিল। ডকুমেণ্টৰী খনত সংঘৰ্ষৰ বলী হোৱা বহু লোকৰ  ভাষ্যও প্ৰকাশ ৰা হৈছে। মোদীৰ আমোলত যে গুজৰাটৰ মুছলমান লোকসকল মুঠেও সুৰক্ষিত নাছিল সেয়া ডকুমেণ্টৰী খন চোৱাৰ পিছত যিকোনো লোকেই অনুভৱ কৰিব পাৰিব। সেয়ে এনে কথাতে ৰুষ্ট হৈ পৰিছে মোদীৰ চৰকাৰ। সেইবাবেই ডকুমেণ্টৰী খন ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত নিষিদ্ধ কৰি মোদীৰ চৰকাৰে সঁচাক ঢাকি ৰখাৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। ২০০২ চনৰ গুজৰাট সংঘৰ্ষকলৈ বিশ্বজুৰি প্ৰক্ৰিয়া হৈছিল।  ভাৰতত সম্প্ৰচাৰ বন্ধ কৰিবলৈ  'ইণ্ডিয়া: দ্য মোদী কুৱেশ্বন' শীৰ্ষক ডকুমেণ্টৰী খন চৰকাৰে  টুইটাৰ আৰু ইউটিউবত যিকোনো ক্লিপ মুকলি কৰাটো নিষিদ্ধ কৰিছে।

চৰকাৰৰ উপদেষ্টা কাঞ্চন গুপ্তাই টুইটাৰযোগে এই কথা নিশ্চিত কৰি তথ্যচিত্ৰখনক "ঘৃণা মূলক অভিযানৰ অংশ " বুলি অভিহিত কৰি তথ্য প্ৰযুক্তি আইন, ২০২১ৰ অধীনত  নিষেধাজ্ঞা আৰোপ কৰিছে। 
এনে নি।িদ্ধকৰণৰ মাজতে বিবিচিৰ তথ্যচিত্ৰ মোডীঃ দ্য ইণ্ডিয়া কুৱেশ্বনৰ দ্বিতীয়  খণ্ডটোৱে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছে।অৱশ্যে এই দ্বিতীয় খণ্ডটো এতিয়াও ভাৰতত সম্প্ৰচাৰ হোৱা নাই।  এই খণ্ডত অনুচ্ছেদ ৩৭০ বাতিল, নাগৰিকত্ব সংশোধনী আইন আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে  কোৱা হৈছে। দাবী কৰা হৈছে যে যদিও প্ৰধানমন্ত্ৰীয়ে এক নতুন আৰু সমৃদ্ধ ভাৰত গঢ়াৰ বাৰ্তা প্ৰদান কৰিছে, তেওঁ ধৰ্মীয় বৈষম্যহে বৃদ্ধি কৰিছে। বিবিচিৰ তথ্যচিত্ৰখনে লগতে দাবী কৰে যে যদিও প্ৰধানমন্ত্ৰীক গোধৰা হিংসাৰ সকলো গোচৰৰ পৰা মুক্তি দিয়া হৈছে, তথাপিও এতিয়াও বহুতৰে মনত   এই সন্দৰ্ভত প্ৰশ্ন ৰৈ গৈছে। 

বিবিচিৰ তথ্যচিত্ৰখন কিছুদিন পূৰ্বে  বিশ্বজুৰি মুকলি কৰা হৈছিল। প্ৰথম খণ্ডত, দাবী কৰা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ হিংসাত জড়িত আছিল। এইটোও দাবী কৰা হৈছিল যে প্ৰধানমন্ত্ৰীৰ ভাৰতীয় মুছলমানসকলৰ প্ৰতি নেতিবাচক মনোভাৱ আছে। দ্বিতীয় খণ্ডটোও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। তথ্যচিত্ৰখনত স্পষ্টকৈ কোৱা হৈছে যে বিজেপি চৰকাৰে  মুছলমানসকলক অত্যাচাৰ কৰিছে। উদাহৰণ স্বৰূপে, আলিমুদ্দিন আনছাৰীৰ হত্যাৰ কথা উল্লেখ কৰা হৈছে। তেওঁক ২০১৭ চনত গোৰক্ষকৰ দ্বাৰা হত্যা কৰা হৈছিল। তথ্যচিত্ৰখনে দাবী কৰিছে যে এজন তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে হত্যাকাৰীসকলক সমৰ্থন কৰিছিল।

বিবিচিৰ মতে সংবিধানৰ ৩৭০ অনুচ্ছেদ ৰাতিটোৰ ভিতৰতে বাতিল কৰা হৈছিল আৰু জম্মু - কাশ্মীৰৰ পৰা বিশেষ  ৰাজ্যৰ  স্বীকৃতি  কাঢ়ি লোৱা হৈছিল। এমাহৰ ভিতৰত কাশ্মীৰত কমেও ৪,০০০ লোকক আটক কৰা হৈছিল। কাশ্মীৰ দেশৰ বাকী অংশৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। ভাৰতৰ এজন বিশেষজ্ঞ ক্ৰিষ্টোফ জেফ্ৰোলে দাবী কৰিছিল যে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কোনো খবৰ দেশৰ জনসাধাৰণৰ ওচৰলৈ যোৱাটো বন্ধ কৰা হৈছিল। তথ্যচিত্ৰখনে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোক লৈ মোদীকো আক্ৰমণ  কৰিছে।

এই আইন প্ৰণয়নৰ পিছত, ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হয়। বিভিন্ন ৰাজ্যৰ বিভিন্ন ধৰ্মীয় গোটৰ মাজত সংঘৰ্ষত কমেও পাঁচজন লোক নিহত হৈছিল। এই ঘটনাৰ কাৰণ হিচাবে  তথ্যচিত্ৰখনত কোৱা হৈছে, "কট্টৰ হিন্দু সমৰ্থকে মুছলমান লোকসকলক ভাবুকি দিছে। তথ্যচিত্ৰখনে এইটোও কৈছে যে ভাৰতত সাংবাদিকৰ কোনো স্বাধীনতা নাই। মোদী চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা বাক স্বাধীনতা খৰ্ব হৈছে। এমনেষ্টি ইণ্ডিয়ায়ো  এই দাবীক সমৰ্থন জনাইছে বুলি  বিবিচিয়ে প্ৰকাশ কৰিছে।ইপিনে মোদীৰ চৰকাৰৰ নিষিদ্ধকৰণৰ পিছতো দেশৰ কেইবা খনো বিশ্ববিদ্যালয়ত প্ৰগতিশীল লোক একাংশৰ উদ্যোগত 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন' শীৰ্ষক ডকুমেণটৰী খন প্ৰদৰ্শিত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement