--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ ফুটবল বিশ্ব জয় কৰিবলৈ উলাইছে মহাশক্তিধৰ ফ্ৰান্সে। কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চেমি ফাইনেলত মৰক্কোৰ মুখামুখি হ’ব দলটো। পুনৰাবৃত্তি ঘটাবলৈ চেষ্টা কৰিব ২০১৮ চনৰ বিশ্বকাপৰ।

 

ইতিমধ্যে দুবাৰকৈ বিশ্বকাপ জয় কৰিছে ফ্ৰান্সে। এবাৰ ১৯৯৮ চনত, আনবাৰ ২০১৮ চনত। ২০০৬ চনতো বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল ফ্ৰান্স। কিন্তু পৰাস্ত হৈছিল ইটালীৰ স’তে।

 

ফ্ৰান্সৰ ফুটবলৰ বৰ্তমান সোণালী যুগ চলি আছে। ফুটবলৰ পাৱাৰ হাউচ হিচাপে পৰ্যবসিত হৈছে ইউৰোপৰ বৰ্ণাঢ্য দেশখন। ইয়াৰ গুৰিতে আছে দেশখনৰ ফুটবলৰ বলিষ্ঠ ইতিহাস। কেইবাজনো বিশ্বশ্ৰেষ্ঠ ফুটবলাৰে প্ৰতিনিধিত্ব কৰি গৈছে ফ্ৰান্সক।

 

এইখিনিতে চাও আহক ফ্ৰান্সৰ ফুটবল ইতিহাসৰ শীৰ্ষ দুজন ফুটবলাৰৰ বিষয়ে-

 

১. জিনেদাইন জিদান

 

ফ্ৰান্সক বিশ্বজয়ৰ সোৱাদ দিয়া ফুটবলাৰ আছিল জিনেদাইন জিদান। ফ্ৰান্স ফুটবল আৰু জিদান অভিন্ন অংগ বুলিব পাৰি। ১৯৯৮ চনৰ বিশ্বকাপ জয় কৰি জিদানে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে স্থান লাভ কৰে। খেলপথাৰত এটেকিং মিডফিল্ডাৰ হিচাপে নমা জিদানে ১৯৯৮ চনৰ বিশ্বকাপৰ ফাইনেলত দুটাকৈ অনবদ্য গ’ল কৰিছিল।

২০০৬ চনতো ফাইনেলত উপনীত হৈছিল জিদানৰ ফ্ৰান্স। কিন্তু প্ৰতীপক্ষ ইটালীৰ হাতত পেনাল্টি শ্বুটআউটত পৰাজীত হয় ফ্ৰান্স। মাৰ্ক’ মেটাৰাজ্জীৰ বুকুত মূৰেৰে আঘাট কৰাৰ বাবে জিদানে ৰেডকাৰ্ড লাভ কৰিছিল। সেইখন আছিল তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। খেলপথাৰৰ পৰা বহিস্কাৰ হৈ সামৰণি পেলাইছিল বৰ্ণাঢ্য ফুটবল কেৰিয়াৰৰ।

ক্লাব ফুটবলত জুভেণ্টাছ, ৰিয়েল মাদ্ৰিদৰ হৈ খেলা জিদানে ফ্ৰান্সৰ ১০৮ খন মেচত অৱতীৰ্ণ হৈছিল। গ’ল কৰিছিল ৩১টা।

 

২. থিয়েৰী হেনৰী

 

দূৰ্দান্ত গতি, অনুপম কৌশলেৰে থিয়েৰী হেনৰী ফ্ৰান্সৰ এগৰাকী জাকত জিলিকা ষ্ট্ৰাইকাৰ হিচাপে পৰিগণিত হৈছিল। বিশ্বকাপত ৬ টাকৈ গ’ল আছে থিয়েৰী হেনৰীৰ নামত। ১৯৯৮ আৰু ২০০৬ চনৰ বিশ্বকাপত ৩ টাকৈ গ’ল কৰিছিল ষ্ট্ৰাইকাৰগৰাকীয়ে। ফ্ৰান্সৰ হৈ ১২৩ খন মেচত ৫১ টা গ’ল কৰিছিল হেনৰীয়ে। চলিত বিশ্বকাপত অলিভিয়েৰ জিৰ’ৱে হেনৰীৰ এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।

 

ক্লাব পৰ্যায়ত আৰ্চেনাল, বাৰ্চিলোনাৰ দৰে ক্লাবত খেলা থিয়েৰী হেনৰীক ইংলিছ প্ৰিমিয়াৰ লীগৰ এগৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ হিচাপে জনা যায়। আৰ্চেনালৰ হৈ ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈকে ২৫৪ খন মেচত অংশ লৈছিল হেনৰীয়ে। গ’ল কৰিছিল ১৭৪ টা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু