--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ ফুটবল বিশ্ব জয় কৰিবলৈ উলাইছে মহাশক্তিধৰ ফ্ৰান্সে। কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চেমি ফাইনেলত মৰক্কোৰ মুখামুখি হব দলটো। পুনৰাবৃত্তি ঘটাবলৈ চেষ্টা কৰিব ২০১৮ চনৰ বিশ্বকাপৰ।

 

ইতিমধ্যে দুবাৰকৈ বিশ্বকাপ জয় কৰিছে ফ্ৰান্সে। এবাৰ ১৯৯৮ চনত, আনবাৰ ২০১৮ চনত। ২০০৬ চনতো বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল ফ্ৰান্স। কিন্তু পৰাস্ত হৈছিল ইটালীৰ সতে।

 

ফ্ৰান্সৰ ফুটবলৰ বৰ্তমান সোণালী যুগ চলি আছে। ফুটবলৰ পাৱাৰ হাউচ হিচাপে পৰ্যবসিত হৈছে ইউৰোপৰ বৰ্ণাঢ্য দেশখন। ইয়াৰ গুৰিতে আছে দেশখনৰ ফুটবলৰ বলিষ্ঠ ইতিহাস। কেইবাজনো বিশ্বশ্ৰেষ্ঠ ফুটবলাৰে প্ৰতিনিধিত্ব কৰি গৈছে ফ্ৰান্সক।

 

এইখিনিতে চাও আহক ফ্ৰান্সৰ ফুটবল ইতিহাসৰ শীৰ্ষ দুজন ফুটবলাৰৰ বিষয়ে-

 

১. জিনেদাইন জিদান

 

ফ্ৰান্সক বিশ্বজয়ৰ সোৱাদ দিয়া ফুটবলাৰ আছিল জিনেদাইন জিদান। ফ্ৰান্স ফুটবল আৰু জিদান অভিন্ন অংগ বুলিব পাৰি। ১৯৯৮ চনৰ বিশ্বকাপ জয় কৰি জিদানে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে স্থান লাভ কৰে। খেলপথাৰত এটেকিং মিডফিল্ডাৰ হিচাপে নমা জিদানে ১৯৯৮ চনৰ বিশ্বকাপৰ ফাইনেলত দুটাকৈ অনবদ্য গল কৰিছিল।

২০০৬ চনতো ফাইনেলত উপনীত হৈছিল জিদানৰ ফ্ৰান্স। কিন্তু প্ৰতীপক্ষ ইটালীৰ হাতত পেনাল্টি শ্বুটআউটত পৰাজীত হয় ফ্ৰান্স। মাৰ্ক মেটাৰাজ্জীৰ বুকুত মূৰেৰে আঘাট কৰাৰ বাবে জিদানে ৰেডকাৰ্ড লাভ কৰিছিল। সেইখন আছিল তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। খেলপথাৰৰ পৰা বহিস্কাৰ হৈ সামৰণি পেলাইছিল বৰ্ণাঢ্য ফুটবল কেৰিয়াৰৰ।

ক্লাব ফুটবলত জুভেণ্টাছ, ৰিয়েল মাদ্ৰিদৰ হৈ খেলা জিদানে ফ্ৰান্সৰ ১০৮ খন মেচত অৱতীৰ্ণ হৈছিল। গল কৰিছিল ৩১টা।

 

২. থিয়েৰী হেনৰী

 

দূৰ্দান্ত গতি, অনুপম কৌশলেৰে থিয়েৰী হেনৰী ফ্ৰান্সৰ এগৰাকী জাকত জিলিকা ষ্ট্ৰাইকাৰ হিচাপে পৰিগণিত হৈছিল। বিশ্বকাপত ৬ টাকৈ গল আছে থিয়েৰী হেনৰীৰ নামত। ১৯৯৮ আৰু ২০০৬ চনৰ বিশ্বকাপত ৩ টাকৈ গল কৰিছিল ষ্ট্ৰাইকাৰগৰাকীয়ে। ফ্ৰান্সৰ হৈ ১২৩ খন মেচত ৫১ টা গল কৰিছিল হেনৰীয়ে। চলিত বিশ্বকাপত অলিভিয়েৰ জিৰৱে হেনৰীৰ এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।

 

ক্লাব পৰ্যায়ত আৰ্চেনাল, বাৰ্চিলোনাৰ দৰে ক্লাবত খেলা থিয়েৰী হেনৰীক ইংলিছ প্ৰিমিয়াৰ লীগৰ এগৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ হিচাপে জনা যায়। আৰ্চেনালৰ হৈ ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈকে ২৫৪ খন মেচত অংশ লৈছিল হেনৰীয়ে। গল কৰিছিল ১৭৪ টা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement